বীণাপাণি যুৱ মঞ্চৰ উদ্যোগত সদৌ অসম ভিত্তিত আধুনিক নৃত্য প্ৰতিযোগিতাৰ আয়োজন

বীণাপাণি যুৱ মঞ্চৰ উদ্যোগত সদৌ অসম ভিত্তিত আধুনিক নৃত্য প্ৰতিযোগিতাৰ আয়োজন

ডিজিটেল ডেস্ক : কামৰূপ গ্ৰাম্য জিলাৰ অগ্ৰণী সামাজিক – সাংস্কৃতিক অনুষ্ঠান বীণাপাণি যুৱ মঞ্চৰ উদ্যোগত সদৌ অসম ভিত্তিত আধুনিক নৃত্য প্ৰতিযোগিতা আয়োজন কৰা হৈছে। এই প্ৰতিযোগিতাখন অহা ১৮মে’ শনিবাৰে আঠগাঁও বীণাপাণি হাইস্কুল খেলপথাৰত অনুষ্ঠিত কৰা হ’ব বুলি আয়োজক সমিতিয়ে জানিবলৈ দিয়ে।

উক্ত প্ৰতিযোগিতাখনত অসমৰ বিভিন্ন প্ৰান্তৰ নৃত্য শিল্পীসকলে অংশগ্ৰহণ কৰিব পাৰিব। প্ৰতিযোগীসকলৰ বাবে আছে আকৰ্ষণীয় পুৰস্কাৰ। প্ৰতিযোগীসকলক নগদ ধনসহ মানপত্ৰৰে পুৰস্কৃত কৰা হ’ব।

আঠগাঁও হাইস্কুল খেলপথাৰত আয়োজন কৰা নৃত্য প্ৰতিযোগিতাখনিৰ প্ৰথম পুৰস্কাৰ হিচাপে আছে ১০,০০১ টকা লগতে মানপত্ৰ। একদৰে দ্বিতীয় পুৰস্কাৰ ৭,০০১টকা আৰু মানপত্ৰ। তৃতীয়, চতুৰ্থ তথা পঞ্চম পুৰস্কাৰ হিচাপে আছে ক্ৰমে ৫,০০১টকা, ৩,০০১ টকা আৰু ২,০০১টকাসহ মানপত্ৰ।

ইয়াৰোপৰি ৩গৰাকী প্ৰতিযোগীলৈ নগদ ৫০০টকাকৈ বিচাৰকৰ বিশেষ বঁটা প্ৰদান কৰা হ’ব বুলি উদ্যোক্তাই জানিবলৈ দিয়ে। সমিতিয়ে ইচ্ছুক প্ৰতিযোগীসকলক ৭৮৯৬৪ ৩২৬০৩ আৰু ৮৬৩৮৩ ৪৩৫৫৪ নম্বৰত আগতীয়াকৈ যোগাযোগ কৰিবৰ বাবে আহ্বান জনাইছে।  

বীণাপাণি যুৱ মঞ্চৰ উদ্যোগত সদৌ অসম ভিত্তিত আধুনিক নৃত্য প্ৰতিযোগিতাৰ আয়োজন
তীব্ৰ খৰাঙে দহিছে উত্তৰ অসম...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in