নগাঁৱত সংবিধান দিৱস উপলক্ষে আলচাৰ চিত্ৰাংকন প্ৰতিযোগিতা...

কাৰ্যসূচীত আলচাৰ নগাঁও জিলাৰ সভাপতি আমজিদুল আমিন, সাধাৰণ সম্পাদক নেকিবুৰ ৰহমান, বিদ্যালয় অধ্যক্ষাৰ লগতে সংগঠনৰ জিলাৰ সদস্যসকল উপস্থিত থাকে

author-image
Asomiya Pratidin
New Update
নগাঁৱত সংবিধান দিৱস উপলক্ষে আলচাৰ চিত্ৰাংকন প্ৰতিযোগিতা...

সংবিধান দিৱস উপলক্ষে আলচাৰ চিত্ৰাংকন প্ৰতিযোগিতা

ডিজিটেল সংবাদ,বেবেজীয়াঃ সদৌ অসম আইন ছাত্ৰ সংগঠন চমুকৈ আলচাৰ নগাঁও জিলা সমিতিৰ উদ্যোগত ভাৰতীয় সংবিধান দিৱসৰ লগত সংগতি ৰাখি শনিবাৰে নগাঁৱৰ সন্দীপনি বিদ্যামন্দিৰ চিনিয়ৰ ছেকেণ্ডৰী স্কুলত এক চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰে ।

উক্ত চিত্ৰাংকন প্ৰতিযোগিতাত বিদ্যালয়খনৰ প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীৰ প্ৰায় এহেজাৰ ছাত্ৰ ছাত্ৰীয়ে অংশ গ্ৰহণ কৰে। তিনিটা শাখাত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাত প্ৰতিটো শাখাৰ প্ৰথম, দ্বিতীয় আৰু তৃতীয় হোৱা ছাত্ৰ-ছাত্ৰী সকলক আলচাৰ ফালৰ পৰা ট্ৰফী আৰু মানপত্ৰ প্ৰদান কৰা হ'ব বুলি উদ্যোক্তা সকলে জানিবলৈ দিয়ে।

ইয়াৰ ওপৰিও আলচাৰ সদস্য সকলে বিদ্যালয়খনৰ শ্ৰেণীয়ে-শ্ৰেণীয়ে উপস্থিত হৈ ছাত্ৰ ছাত্ৰী সকলৰ মাজত শিশুৰ মৌলিক অধিকাৰ আৰু ভাৰতীয় সংবিধান সম্পৰ্কে বক্তব্য ৰাখি ছাত্ৰ ছাত্ৰী সকলক সজাগতাৰ চেষ্টা চলায়। আজিৰ কাৰ্যসূচীত আলচাৰ নগাঁও জিলাৰ সভাপতি আমজিদুল আমিন, সাধাৰণ সম্পাদক নেকিবুৰ ৰহমান, বিদ্যালয় অধ্যক্ষাৰ লগতে সংগঠনৰ নগাঁও জিলাৰ সদস্য সকল উপস্থিত থাকে।

আৰু পঢ়কঃ শাৰীৰিক অক্ষমতা আৰু ছিণ্ডিকেট...

nagaon assam