/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/b57f52cd-f5a1-446f-91a6-76dd10b0ed08/syndicate.jpg)
ডিজিটেল ডেস্ক : সাম্প্ৰতিক সময়ত অসমৰ বিশেষকৈ নামনি অসমৰ চিকিৎসালয় সমূহত সততেই দেখা এক উদ্বেগজনক ছবি হৈছে অসমৰ চৰ-চাপৰি অঞ্চলৰ লোকসকলৰ ক্ৰমাগতভাৱে বৃদ্ধি পাই অহা শাৰীৰিক অক্ষমতা আৰু আন আনুসংগিক ৰোগসমূহ । এই দৃশ্যপট মধ্য তথা নামনি অসমৰ চৰকাৰী চিকিৎসালয় সমূহৰ ওপৰিও আন এঠাইত সুলভ । সেইয়া হৈছে গুৱাহাটী মহানগৰীত । সমগ্ৰ মহানগৰ খনৰ বিভিন্ন বাছ আস্থানত অতি কষ্টেৰে মগনীয়াৰ ৰূপত পেট প্ৰৱৰ্তাইছে এই লোকসকলে ।
ক্ৰমাৎ বৃদ্ধি পাই অহা শাৰীৰিক অক্ষমতা অথবা বিসংগতিৰে ভাৰাক্ৰান্ত এই লোকসকলে কোনো স্থায়ী সংস্থাপন লাভ নকৰে যাৰ বাবে প্ৰখৰ ৰ'দ আৰু তুমুল বৰষুণতো অপেক্ষাত থাকে কোনো সুহৃদ নাগৰিকে আগুৱাই দিয়া সহায়ৰ নোট এখন অথবা মুদ্ৰা এটাৰ ।
এই সমগ্ৰ দৃশ্যটিৰ অন্তৰালত আছে আন বহু আনুসংগিক কাৰণ যাৰ বাবে দিনক দিনে বৃদ্ধি হৈ আহিছে এই দুৰ্ভগীয়া লোকসকলৰ সংখ্যা । কিন্তু সামগ্ৰিক ভাৱে ইয়াৰ মূল কাৰণ হ'ল পৰ্যাপ্ত আৰু উচিত শিক্ষাৰ অভাৱ । যাৰ ফলত অসুৰক্ষিত শাৰীৰিক সম্পৰ্ক, গৰ্ভাৱস্থাৰ সময়ত ল'বলগীয়া সাৱধানতাৰ সজাগতাৰ অভাৱতেই বৃদ্ধি হৈ আহিছে এনে শাৰীৰিক বিসংগতিপূৰ্ণ সন্তানৰ । ইয়াৰ ওপৰিও যি সময়ত ভাৰত চৰকাৰে বৃদ্ধি পাই অহা জনসংখ্যা ৰোধৰ বাবে প্ৰতিটো পৰিয়ালক কেৱল দুটি শিশুৰ বাবে উৎসাহ জনোৱা সময়তেই শিক্ষাৰ অভাৱৰ বাবে চৰ-চাপৰি অঞ্চলৰ এনে পৰিয়াল সমূহত দেখা যায় একাধিক শিশু । তেনেস্থলত, কোনো এটি শিশু শাৰীৰিক ভাৱে অক্ষম হ'লেও অভিভাৱকে অৰ্থৰ অভাৱত পৰৱৰ্তী সময়ত উচিত চিকিৎসাৰ পৰা বিৰত থাকে যাৰ ফলত শিশুটিয়ে সমগ্ৰ জীৱনৰ বাবে পৰিচয় লাভ কৰে শাৰীৰিকভাৱে অক্ষম বুলি ।
কিন্তু ইয়াতকৈও ভয়ংকৰ আন এক কথাইহে মহানগৰীত উদ্বেগ সৃষ্টি কৰিছে । সেইয়া হৈছে মহানগৰীৰ বিভিন্ন ট্ৰেফিক ছিগনেল অথবা যান-জঁট সৃষ্টি হোৱা স্থান সমূহত এনে লোক সকলৰ পয়োভৰ । এই বিষয় এই কাৰণেই চিন্তনীয় কিয়নো ইয়াৰ সৈতে জড়িত হৈ আছে এক শক্তিশালী ছিণ্ডিকেট ।
পুৱাৰ ভাগত এই ছিণ্ডিকেটৰ সৈতে জড়িত লোকসকলে স্থানে স্থানে অথবা ট্ৰেফিক চিগনেল সমূহত শাৰীৰিকভাৱে অক্ষম লোকসকলক থৈ যায় আৰু দিনজোৰা পৰিশ্ৰমৰ অন্তত উভতাই নিয়ে পূৰ্বে ধাৰ্য কৰি দিয়া বাসস্থানলৈ । এই বাসস্থান সমূহ দৰাচলতে একো একোখন চালিহে । দিনটোৰ আৰ্জন এই ছিণ্ডিকেটক জমা দিয়াৰ বিপৰিতে মগনীয়াসকলে লাভ কৰে কিছু আহাৰ আৰু নিশাটো কটাবলৈ এটুকুৰা আশ্ৰয় । অৱশ্যে মাহৰ শেষত বকেয়া হিচাবে এক পাৰিশ্ৰমিক দিয়া হয় এই লোকসকলক । এনে এক ব্যৱস্থাৰ মাজেৰেই বিগত বহু মাহ ধৰি চলি আহিছে সমগ্ৰ ব্যৱস্থাটো ।
ইয়াৰ মাজতেই বহু কেইজনে সংঘটিত কৰি আহিছে বিভিন্ন অপৰাধমূলক ঘটনা । ইয়াৰেই জ্বলন্ত উদাহৰণ, শুক্ৰেশ্বৰ মন্দিৰৰ সন্মুখৰ পৰা মহানগৰ আৰক্ষীয়ে শেহতীয়াকৈ গ্ৰেপ্তাৰ কৰা অপৰাধীৰ দলটি । এই দলটিয়ে মগনীয়াৰ বেশত আত্মগোপন কৰি আছিল মন্দিৰৰ সন্মুখত ।
গুৱাহাটীৰ মগনীয়াৰ এই বৃহৎ দলটিৰ সৈতে জড়িত থকা ছিণ্ডিকেটত আছে বহু ৰাজনৈতিক নেতাৰ আশীষপুষ্ট অসাধু ব্যৱসায়ী । শাৰীৰিকভাৱে অক্ষম লোক এগৰাকীৰ উপাৰ্জনৰ সীমাবদ্ধতাৰ গইনা লৈ এই ব্যৱসায়ীৰ চক্ৰটোৱে উপাৰ্জন কৰি আছে এক মোটা অংকৰ ধন । কিন্তু এই সন্দৰ্ভত মাত মতা নাই কোনো মানৱ অধিকাৰ কৰ্মী, প্ৰশাসন অথবা আৰক্ষীয়ে । সকলো দেখিও প্ৰশাসন নিৰ্বাক নে সামৰ্থ্যহীন আৰক্ষী ?
ৰাজ্যখনৰ কেৱল সুৰক্ষাৰ বাবেই নহয় বৰং এই লোকসকলৰ স্বাস্থ্য তথা আগন্তুক সময়ত এনে সন্তানৰ ঠাইত এক সুস্থ সৱল সন্তান জন্ম দিবলৈও গ্ৰাম্যাঞ্চল সমূহত উচিত শিক্ষা প্ৰদান কৰাৰ ব্যৱস্থা কৰা উচিত প্ৰশাসনে । তাৰ সৈতেই ৰাজ্য খনত থকা মগনীয়া সকলৰ মাজত এক জৰীপ চলাই তেওঁলোকক সঠিক পথ প্ৰদৰ্শন কৰি অপৰাধ জগতৰ পৰা আতৰাই ৰাখিব পৰা যায় । ছিণ্ডিকেটৰ জৰিয়তে এই দুৰ্ভগীয়া লোকসকলৰ ওপৰত চলাই অহা অত্যাচাৰ কোনো পধ্যেই গ্ৰহণযোগ্য হোৱা উচিত নহয় । কিয়নো আইনৰ আওতাত সকলো সমান । ভাৰতত নাগৰিকৰ শ্ৰেণী বিভাজনে সৃষ্টি কৰিছে এই সমস্যাৰ । য'ত শাৰীৰিকভাৱে অক্ষম, বিকলাংগ, মগনীয়া লোক সকলক সময়ে সময়ে গণ্যই কৰা নহয় মানুহৰূপে । তেনেস্থলত মানৱ অধিকাৰ কৰ্মীসকল কিয় নিমাত ?
আৰু পঢ়ক : পাহৰণিৰ গৰ্ভত ভাৰতীয় সংবিধান প্ৰস্তুত কৰি উলিওৱা ১৫ গৰাকী মহীয়সী নাৰী...