অসম আৰক্ষীৰ কৰ্মকাণ্ডক তীব্ৰ গৰিহণা 'অসম'ৰ

প্ৰতিবাদী জনতাৰ ওপৰত হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ আৰক্ষী বাহিনীয়ে কৰা নিৰ্মম অত্যাচাৰ আৰু এগৰাকী প্ৰতিবাদকাৰীক মৃত্যুৰ মুখলৈ ঠেলি দিয়া ঘটনাক তীব্ৰ গৰিহণা দিছে অসম সন্মিলিত মৰ্চা চমুকৈ ‘অসমে’

author-image
Asomiya Pratidin
New Update
szyh

ডিজিটেল সংবাদ, গুৱাহাটী : প্ৰতিবাদী জনতাৰ ওপৰত হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ আৰক্ষী বাহিনীয়ে কৰা নিৰ্মম অত্যাচাৰ আৰু এগৰাকী প্ৰতিবাদকাৰীক মৃত্যুৰ মুখলৈ ঠেলি দিয়া ঘটনাক তীব্ৰ গৰিহণা দিছে অসম সন্মিলিত মৰ্চা চমুকৈ ‘অসমে’৷ মিত্ৰ শক্তিটোৰ সভাপতি, সাংসদ অজিত কুমাৰ ভূঞা আৰু সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈয়ে বুধবাৰে পুলিচী নিৰ্যাতনত প্ৰাণ ত্যাগ কৰা  কংগ্ৰেছ কৰ্মীগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে তেওঁৰ শোকসন্তপ্ত পৰিযযাল বৰ্গৰ প্ৰতি সমবেদনা ব্যক্ত কৰে৷

Advertisment

ভূঞা আৰু গগৈয়ে কয় যে আজি ৰাজভৱনৰ সন্মুখত প্ৰতিবাদকাৰী আৰু সাংবাদিকৰ ওপৰত কন্দুৱা গেছ নিক্ষেপ কৰি অসম আৰক্ষীয়ে চৰকাৰৰ দমননীতি আৰু ফেচিষ্ট মানসিকতাক উদঙাই দিলে৷ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এনে ফেঁচিবাদী দমনমূলক কৰ্মকাণ্ডৰে জনসাধাৰণৰ পুঞ্জীভূত ক্ষোভৰ জুইত ইন্ধন প্ৰদানৰহে কাম কৰিছে৷ চৰকাৰৰ এনে অহংকাৰেই এইখন চৰকাৰৰ পতনৰ মূল কাৰণ হ'ব৷

assam govt Dr. Himanta Biswa Sarma lurinjyoti gogoi Ajit kumar bhuyan