কাটাৰ বিশ্বকাপ ফুটবলৰ আঁৰত এজন অসমীয়া অভিযন্তা...
কাটাৰ বিশ্বকাপ ফুটবলৰ আঁৰত এজন অসমীয়া অভিযন্তা...

কাটাৰ বিশ্বকাপ ফুটবলৰ আঁৰত এজন অসমীয়া অভিযন্তা...

মৃদুল কুমাৰ সন্দিকৈ

কাটাৰ ২০২২ বৰ্ষৰ ফুটবল বিশ্বকাপত অসমৰ এজন অভিযন্তাৰ আছে বিশেষ অৱদান। দেশখনত অনুষ্ঠিত হোৱা ফুটবল বিশ্বকাপৰ স্থান সমূহৰ ভিতৰত দ্যা খালিফা ইণ্টাৰনেশ্যনেল ষ্টেডিয়ামখন এক উল্লেখযোগ্য স্থান।

সেই দ্যা খালিফা ইণ্টাৰনেশ্যনেল ষ্টেডিয়ামখনকেই বিশ্বকাপৰ খেল অনুষ্ঠিত কৰিব পৰাকৈ সজাই-পৰাই নতুন আন্তঃগাঁথনিৰে সাজু কৰাৰ আঁৰত অসমৰ এইজন অভিযন্তাও আছিল। বিশ্বকাপ ফুটবল খেল অনুষ্ঠিত হোৱা এই ষ্টেডিয়ামখন ১৯৭৬ চনতেই নিৰ্মাণ কৰা হৈছিল।

কাটাৰৰ আমিৰ খালিফা বিন হামিড অল হানি নামেৰে নামাকৰণ কৰা ষ্টেডিয়ামখন বিভিন্ন খেলৰ বাবে ব্যৱহাৰ কৰা হয়। ২০০৬ চনত এই ষ্টেডিয়ামতেই অনুষ্ঠিত হৈছিল এছিয়ান গেমছ্।

তাৰ পাছত ২০২২ চনৰ ফুটবল বিশ্বকাপ আয়োজন কৰিবলৈ ফিফাৰ পৰা অনুমতি পোৱাৰ পাছত বিশ্বমানৰ এখন ফুটবল ষ্টেডিয়াম নিৰ্মাণ কৰাৰ লক্ষ্য লৈছিল কাটাৰে। সেই অনুসৰি আৰম্ভ হৈছিল কাম। ইতিমধ্যে বিদেশৰ প্ৰতিষ্ঠিত কোম্পানীত কাম কৰাৰ অভিজ্ঞতা থকা অসমৰ অভিযন্তা মনজিত শইকীয়া চলিহালৈ এটা ফোন আহিছিল।

সেই দিনা তেওঁ যোৰহাটৰ পৰা ডিব্ৰুগড়লৈ গাড়ীৰে আহি আছিল। ফোনত তেওঁক জনাইছিল কাটাৰৰ এখন ষ্টেডিয়াম নিৰ্মাণৰ কামৰ সৈতে তেওঁ জড়িত হ'ব বিচাৰে নেকি? পূৰ্বতে ওমানত কাম কৰা কোম্পানীটোৰ কৰ্পৰেট অফিচৰ পৰাই তেওঁৰ চি:ভি:খন লৈ ফোন কৰিছিল তেওঁলৈ।

তেতিয়া তেওঁ শিৱসাগৰৰ জেঙনিকটীয়া পাইছিলহি। তেওঁ জানিব বিচাৰিছিল যে এই নতুন কোম্পানীটোত কাম কৰাৰ পেকেজটো আৰু লগতে কি ধৰণৰ চৰ্ত বা সুবিধা থাকিব? তেওঁ সন্মতি প্ৰদান কৰাৰ পাছত ফোনতেই তেওঁক দুই ঘণ্টামান সময় বিভিন্ন প্ৰশ্ন সুধি তেওঁৰ সেই বিশেষ অভিজ্ঞতা আৰু জ্ঞানৰ প্ৰমাণ লৈছিল।

ৰাতি ঘৰ আহি পোৱাৰ পাছত তেওঁলৈ অ’ফাৰ লেটাৰ আৰু পোন্ধৰ দিন মানৰ ভিতৰত নিযুক্তি সম্বন্ধীয় সকলো কাগজ-পত্ৰ, ভিছা আৰু এয়াৰ টিকট আদি পঠিয়াই দিছিল। এইদৰে কাটাৰত বিশ্বকাপ অনুষ্ঠিত হোৱা ষ্টেডিয়াম নিৰ্মাণৰ কামেৰে জড়িত হৈ পৰিছিল অসমৰ এইগৰাকী অভিযন্তা।

২০১৭ চনৰ পৰা ২০১৮ চনলৈকে ষ্টেডিয়ামখনৰ নিৰ্মাণৰ মানদণ্ডৰ দিশ চোৱাচিতা কৰিছিল এইগৰাকী অসমীয়াই। কাটাৰৰ পৰা পুনৰ ওমানলৈ ঘূৰি যোৱা অভিযন্তা শইকীয়া চলিহাই তেওঁৰ অভিজ্ঞতা সন্দৰ্ভত ক'লে যে- বিদেশত কোৱালিটি ক'ণ্ট্ৰলৰ ওপৰত যথেষ্ট গুৰুত্ব দিয়া হয়।

নিৰ্মাণকাৰ্যত ব্যৱহাৰ হোৱা প্ৰতিটো সামগ্ৰী কোৱালিটি ক'ণ্ট্ৰলে পৰীক্ষা কৰাৰ পাছতহে সেইবোৰ ব্যৱহাৰ কৰিব পাৰে। ডিজাইন্ মিক্স প্ৰিপেয়াৰ কৰা আৰু কংক্ৰিট মিক্স ডিজাইনৰ বিভিন্ন পৰীক্ষাবোৰও কৰা, বাতাবৰণৰ উষ্ণতা, কংক্ৰিটৰ উষ্ণতা, কংক্ৰিট শ্লাম টেষ্ট, কংক্ৰিটৰ সহনশীল ক্ষমতা, আদি পৰীক্ষাবোৰ কৰিবলগীয়া হয় অতি গুৰুত্ব সহকাৰে। শ্লাম টেষ্ট হ'ল কংক্ৰিটৰ ৱৰ্কএবিলিটি।

দেশখনৰ টেৰ্ণ্ডাড আৰু স্পেচিফিকেশ্বনৰ মতে সেই কামবোৰ হৈছেনে নাই সেইটো আমি নিৰীক্ষণ কৰিব লাগে। মনজিত শইকীয়া চলিহা আছিল এই ষ্টেডিয়াম নিৰ্মাণৰ লগত জড়িত উন্নতিকৰণ প্ৰকল্পৰ এজন কোৱালিটি ক'ণ্ট্ৰল ইন্সপেকশ্বন ইঞ্জিনিয়াৰৰ দায়িত্বত।

লক্ষণীয় কথাটো হ'ল, বিদেশৰ বহু প্ৰতিষ্ঠিত কোম্পানীত সফলতাৰে কাম কৰা শইকীয়া চলিহাই ভাৰততো বি: চি: পি: এল:ৰ অধীনৰ গেছ ক্ৰেক্ৰাৰ প্ৰকল্পটো কাম কৰিছিল। ষ্টেডিয়াম নিৰ্মাণৰ সময়ত ভাৰত, বাংলাদেশ, পাকিস্তান, নেপালৰ পৰা যোৱা হাজাৰ হাজাৰ শ্ৰমিকৰ সঁচাকৈয়ে মৃত্যু হৈছিল নেকি জানিব বিচৰাত তেওঁ ক'লে যে- যি সংখ্যা সংবাদ মাধ্যমত ওলাইছে সেয়া অসম্ভৱ।

এনে নিৰ্মাণকাৰ্যত অঘটন ঘটিব পাৰে, কিন্তু ভাৰতৰে কেৱল ২০০০ শ্ৰমিকৰ মৃত্যু হোৱা নাই। বহু সময়ত কাটাৰক ঈৰ্ষা কৰা বহু দেশে কূটনৈতিক কাৰণত এইবোৰ বাতৰি বিয়পাই যে নিদিব তাৰ সত্যতা ক’ত?

কাটাৰৰ দৰে সৰু দেশ এখনে বিশ্বকাপ ফুটবল আয়োজনৰ দায়িত্ব পোৱাটোৱেই বহু দেশৰ মূৰৰ কামোৰণি হৈছিল। তেওঁ লগতে ক'লে- এখন অসমীয়া বাতৰি কাকতেই এটা বাতৰি সেই সময়ত প্ৰকাশ কৰিছিল যে- ‘কাটাৰত খাদ্যৰ অভাৱত বহু অসমীয়াই হাবাথুৰি খাইছে’ সেই হিচাপ হাজাৰৰ ঘৰত দিয়া হৈছিল। কিবা এক কূটনৈতিক সম্পৰ্ক বেয়া হোৱাৰ বাবে কেইবাখনো দেশে খাদ্য, সামগ্ৰীকে ধৰি প্ৰয়োজনীয় সামগ্ৰী কাটাৰলৈ ৰপ্তানি কৰাটো বন্ধ কৰি দিছিল।

কিন্তু খবৰত উল্লেখ কৰাৰ দৰে হাজাৰ হাজাৰ অসমীয়া তেতিয়া কাটাৰত নাছিলেই। মই যিমান দূৰ মনত পেলাব পাৰো, তেতিয়া কাটাৰত আমি ১৬৮ জন মানহে অসমীয়া আছিলোঁ। খৱৰবোৰ ঠিক এনেকুৱা ধৰণৰে হয় কেতিয়াবা।

কাটাৰত ষ্টেডিয়াম নিৰ্মাণ কৰাৰ সময়ত লাভ কৰা অভিজ্ঞতাৰ কথা কৈ তেওঁ আৰু ক'লে- কোনো নিৰ্মাণ কাৰ্যত কোৱালিটি কণ্ট্ৰল আৰু এইচ্: এচ: ই: অতি গুৰুত্বপূৰ্ণ।

২০০৭ চনতেই প্ৰথম ওমানৰ গালফাৰ্ কোম্পানীত তেওঁ কাম কৰিছিল। পেট্ৰলিয়াম খণ্ডত কাম কৰা মনজিত শইকীয়া চলিহাৰ পৰিয়াল বৰ্তমান ডিব্ৰুগড়ত থাকে যদিও তেওঁৰ পৈতৃক গৃহ শিৱসাগৰ জিলাৰ চাৰিঙৰ চলিহাপাৰাত।

কাটাৰৰ সেই পৰিৱেশে তেওঁক এতিয়াও হাটবাউলি মাতে। তেওঁৰ মনত আছে, টৰ্চ বিল্ডিঙৰ কথা। ২০০৬ চনৰ এছিয়ান গেমছৰ সময়ত সেই টৰ্চ বিল্ডিঙতেই এছিয়ান গেমছৰ শিখা জ্বলোৱা হৈছিল।

ভিলেজিঅ’ মলৰ কথাও ক'লে তেওঁ যে- খাল খান্দি প্ৰায় ২০০ মিটাৰ দীঘল ১২ ৰ পৰা ১৪ ফুট বহল এটা কেনেলেৰে মানুহ অহা-যোৱা কৰে ঠিক ভেনিচ চহৰৰ দৰে। ভেনিচ চহৰত যেনেকৈ যোগাযোগৰ বাবে গণ্ডোলা অৰ্থাৎ মাৰ্ নাওঁ ব্যৱহাৰ কৰা হয়, ইয়াতো একেই গণ্ডোলা ব্যৱহাৰ কৰে।

পৰ্যটকসকলে সেই ঠাই ভাল পোৱাৰ আন এক কাৰণ হ'ল যে- এই মলৰ উপৰিভাগত এখন কৃত্ৰিম আকাশ তৈয়াৰ কৰা হৈছে। মানুহে গমেই নাপায় সেয়া সঁচা নে মিছা।

যোৰহাটৰ প্ৰিঞ্চ অফ্ ৱেলছৰ পৰা চিভিল বিভাগত অভিযান্ত্ৰিক পাঠ্যক্ৰমৰ ডিপ্লমা লৈ এতিয়া বিশ্বজুৰি সুপ্ৰতিষ্ঠিত এইগৰাকী অসমীয়া অভিযন্তা।

তেওঁ কাম কৰা বহু কোম্পানীত আই আই টিৰ পৰা অভিযান্ত্ৰিক শিক্ষা গ্ৰহণ কৰা সহকৰ্মী আছে যদিও জ্ঞান আৰু অভিজ্ঞতাৰ বাবেই আজি তেওঁ এনেদৰে সুপ্ৰতিষ্ঠিত। মানুহে তেওঁক বিচাৰে। স্কটলেণ্ড, গ্ৰীচ, আবুধাবি আদিৰ বিশ্বমানৰ কোম্পানীত কাম কৰা মনজিত শইকীয়া চলিহাই লিখে গান।

ঘৰলৈ আহিলেই কিবা এটা নতুনত্বৰে কাম কৰাৰ হেঁপাহ থাকে তেওঁৰ। ২০১৮ চনত তেওঁ ডিব্ৰুগড় জিলাৰ প্ৰশাসন আৰু কাৰাগাৰ কৰ্তৃপক্ষৰ সহযোগত হাতত লৈছিল এটা অনুষ্ঠানৰ আৰম্ভণীৰ। কাৰাবন্দীসকলক মানসিকভাৱে সৱল কৰিবলৈকে কবিতাৰ অনুষ্ঠানটো আৰম্ভ কৰা সেই অনুষ্ঠানটোৰ নাম ৰাখিছিল ’স্বাধীন চিন্তা’।

আন জিলাটো এনে অনুষ্ঠান আয়োজন কৰাৰ চিন্তা কৰিছিল যদিও ব্যস্ততাৰ বাবে সেয়া সম্ভৱ হৈ উঠা নায়। বহু সন্মান আৰু স্বীকৃতি লাভ কৰা মনজিত শইকীয়া চলিহাই অৱশ্যে কাটাৰত ফুটবল খেল চাবলৈ যাব নোৱাৰিলে।

১.৬০/ ২ কোটি টকীয়া লেণ্ড কুইজাৰ গাড়ীৰে কোম্পানীয়ে তেওঁক কামলৈ অনা-নিয়া কৰে। সেয়েহে কাম এৰি আন কথা চিন্তা কৰিব নোৱাৰে। অৱশ্যে টি:ভি:তেই মাজে মাজে খেল উপভোগ কৰিছে তেওঁ।

এই ষ্টেডিয়ামখনতেই ২১ নৱেম্বৰত প্ৰথমখন খেল ইংলেণ্ড আৰু ইৰাণৰ মাজত অনুষ্ঠিত হৈছিল। ৪৫,৩৪৪ জন দৰ্শকে উপভোগ কৰিছিল এই খেল। বিশ্বকাপ ফুটবলৰ পৰাক্ৰমী দল জাৰ্মানীক ইয়াতেই ধাৰাসায়ী কৰিছিল জাপানে।

তৃতীয় স্থানৰ বাবে অনুষ্ঠিত হ'বলগীয়া খেলৰ স্থানো এইখন ষ্টেডিয়ামেই। বিশ্বকাপ ফুটবলৰ দৰে এক আয়োজনত এনেদৰে এজন অসমীয়াই গধূৰ দায়িত্ব পালন কৰিবলৈ সুযোগ পোৱাটো আমাৰ বাবে এক ভাল খবৰ!

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in