বৰাকৰ দুই উগ্ৰপন্থী সংগঠন BRAU আৰু UDLF (B)ৰ মুৰব্বী সহ ১১৭৯ কেডাৰৰ আত্ম সমৰ্পন

আলফা ( স্বাধীন)ক আলোচনাৰ মেজলৈ আহিবলৈ সোমবাৰে আহ্বান জনাইছে মন্ত্ৰী পীযুষ হাজৰীকাই।

author-image
Asomiya Pratidin
New Update
বৰাকৰ দুই উগ্ৰপন্থী সংগঠন BRAU আৰু UDLF (B)ৰ মুৰব্বী সহ ১১৭৯ কেডাৰৰ আত্ম সমৰ্পন

arms lay down ceremony hailakandi

ডিজিটেল সংবাদ, হাইলাকান্দি: অসমৰ স্থায়ী শান্তি আৰু সৰ্বাংগীন প্ৰগতিৰ স্বাৰ্থত সশস্ত্ৰ সংগ্ৰামৰ পথ ত্যাগ কৰি আলফা ( স্বাধীন)ক আলোচনাৰ মেজলৈ আহিবলৈ সোমবাৰে আহ্বান জনাইছে মন্ত্ৰী পীযুষ হাজৰীকাই।

Advertisment

নৱ-প্ৰজন্মক এখন শক্তিশালী,সমৃদ্ধিশালী অসম দিয়াৰ উদ্দেশ্যে একেলগে কাম কৰাৰ স্বাৰ্থত মন্ত্ৰী হাজৰীকাই আলফা (স্বাধীন)ক আলোচনাৰ মেজত বহিবলৈ আহ্বান জনায় । উল্লেখযোগ্য যে আজি হাইলাকান্দি জিলাৰ কাটলিচেৰাত অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী আৰু মন্ত্ৰী পীযুষ হাজৰীকাৰ উপস্থিতিত বৰাক উপত্যকাৰ দুই উগ্ৰপন্থী সংগঠন " Bru Revolutionary Army of Union " ( BRAU) ৰ ৫৪৫ আৰু " United Democratic Liberation Front" (Barak) চমুকৈ UDLF (B) ৰ ৬৩৪ সহ মুঠ ১১৭৯ শীৰ্ষ নেতা - কেডাৰে অস্ত্ৰসহ মূলসুঁতিলৈ উভতি আহে ।

উগ্ৰপন্থী সংগঠন দুটাৰ সদস্য সকলে ১৮ টা এ কে চিৰিজৰ ৰাইফলসহ বিভিন্ন ধৰণৰ ৩৩৫ বিধ মাৰণাস্ত্ৰ জমা দিয়ে । এই উপলক্ষে আয়োজিত অনুষ্ঠানৰ আৰম্ভণিতে সশস্ত্ৰ পন্থা ত্যাগ কৰি সমাজৰ মূলসুঁতিলৈ উভতি অহা দুয়োটা উগ্ৰপন্থী সংগঠনৰ শীৰ্ষ নেতাসহ সকলো কেডাৰক মন্ত্ৰী হাজৰীকাই আন্তৰিক শুভেচ্ছা আৰু আদৰণি জনায় ।

arms lay down ceremony hailakandi   User
arms lay down ceremony hailakandi User

ভাষণ প্ৰসংগত মন্ত্ৰী হাজৰীকাই কয় যে শান্তি আৰু প্ৰগতিৰ বাবে বিশেষকৈ বৰাকৰ উন্নয়নৰ স্বাৰ্থত উগ্ৰপন্থী সংগঠন দুটাই সশস্ত্ৰ পথ ত্যাগ কৰি সমাজৰ মূলসুঁতিলৈ উভতি অহাটো অত্যন্ত শুভ সংবাদ ।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ এক সপোন আছে যে দেশৰ পাঁচখন উন্নত ৰাজ্যৰ শাৰীলৈ অসমক লৈ যোৱা । কিন্তু কেৱল গুৱাহাটী, ডিব্ৰুগড়, শিলচৰ-কৰিমগঞ্জ-হাইলাকান্দি টাউনৰ উন্নতি হ'লেই অসমৰ উন্নতি হোৱা নুবুজায় । অসমৰ প্ৰকৃত উন্নয়ন হ'বলৈ হ'লে বৰাক, কাটলিচেৰা, ধুবুৰী, ধেমাজিৰো সমানে উন্নতি হ'ব লাগিব । অসমৰ প্ৰতিখন গাঁও-অঞ্চল-নগৰৰ সম উন্নয়ন হ'লেহে অসমৰ সম্পূৰ্ণ উন্নয়ন হ'ব ।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ বিগত ডেৰটা বছৰৰ শক্তিশালী শাসনকালত অসমৰ সামাজিক আৰু ৰাজনৈতিক ক্ষেত্ৰখনলৈ অভূতপূৰ্ব ইতিবাচক পৰিবৰ্তন আহিছে । পূৰ্বতে উগ্ৰপন্থীৰ ভয়ত তথা প্ৰাণৰ মমতাত অসমলৈ দেশী-বিদেশী কোন লোক আহিবলৈ সাহস কৰা নাছিল । কিন্তু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ শাসনৰ যোৱা ডেৰটা বছৰত ৰাজ্যখনৰ মাত্ৰ দুই-এটা উগ্ৰপন্থী সংগঠনক বাদ দি বাকী সকলো সংগঠনে মূলসুঁতিলৈ উভতি আহিল ।

arms lay down ceremony hailakandi   User
arms lay down ceremony hailakandi User

এয়া অসমবাসীৰ বাবে আটাইতকৈ আশাব্যঞ্জক বিষয় । ইপিনে মূলসুঁতিলৈ উভতি অহা উগ্ৰপন্থী সংগঠন দুটাই দিয়া দাবীসমূহ ৰাজ্য চৰকাৰে বিধি অনুসৰি আন্তৰিকতাৰে সমাধানৰ পদক্ষেপ গ্ৰহণ কৰিব বুলি মন্ত্ৰী হাজৰীকাই আশ্বাস প্ৰদান কৰে । আজিৰ অস্ত্ৰ সম্বৰণ আৰু আত্মসমৰ্পণ অনুষ্ঠানত উপস্থিত থাকি অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে ৰিয়াঙ সম্প্ৰদায়ৰ ১০ খন স্কুললৈ ৫০ হেজাৰকৈ এককালীন আৰ্থিক সাহায্য দিয়াৰ কথা ঘোষণা কৰে ।

অসম আৰক্ষীৰ বিশেষ শাখাৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান হীৰেন চন্দ্ৰ নাথে আদৰণি ভাষণ প্ৰদান কৰা আজিৰ এই অনুষ্ঠানত বিধায়ক ক্ৰমে কৃষ্ণেন্দু পাল, বিজয় মালাকাৰ, সুজামুদ্দিন লস্কৰ, জাকিৰ হুচেইন, নিজামউদ্দিন চৌধুৰী, প্ৰাক্তন মন্ত্ৰী গৌতম ৰয়, আৰক্ষী উপ-মহাপৰিদৰ্শক কংকনজ্যোতি শইকীয়া, কাছাৰ আৰু হাইলাকান্দি জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক প্ৰমুখ্য অন্যান্য বিশিষ্ট ব্যক্তি, স্থানীয় ৰাইজ উপস্থিত আছিল ।

আৰু পঢ়ক: নগাঁৱত কেনেকৈ মৃত্যু হ'ল বনৰীয়া হাতীৰ! ৰহস্যৰ আৱৰ্তত

assam pijus hazarika ulfa i