নগাঁৱত কেনেকৈ মৃত্যু হ'ল বনৰীয়া হাতীৰ! ৰহস্যৰ আৱৰ্তত

নগাঁও জিলাৰ বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত তপত জুৰিত এটা বনৰীয়া হাতীৰ মৃত্যু হোৱা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। বন বিভাগৰ সূত্ৰই জনোৱা মতে, দেওবাৰে নিশাই বনৰীয়া মাইকী হাতীজনীৰ মৃত্যু হৈছিল।

author-image
Asomiya Pratidin
New Update
মানকাচৰৰ অসম-মেঘালয় সীমান্তত ৪০/৫০জনীয়া বন্যহস্তীৰ উপদ্রৱ...

প্ৰতীকি ফটো mankachar elephant

ডিজিটেল সংবাদ,নগাঁও :নগাঁও জিলাৰ বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত তপত জুৰিত এটা বনৰীয়া হাতীৰ মৃত্যু হোৱা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। বন বিভাগৰ সূত্ৰই জনোৱা মতে, দেওবাৰে নিশাই বনৰীয়া মাইকী হাতীজনীৰ মৃত্যু হৈছিল। কি পৰিস্থিতিত কেনেকৈ বনৰীয়া হাতীজনীৰ মৃত্যু হ'ল সেয়া জানিব পৰা হোৱা নাই।

Advertisment

বন বিভাগৰ সঠিক তদন্ততহে বনৰীয়া হাতীজনীৰ মৃত্যুৰ প্ৰকৃত কাৰণ উদঘাটন কৰিব পাৰিব। বনৰীয়া হাতীজনীৰ হঠাৎ মৃত্যু হোৱাত প্ৰকৃতি প্ৰেমী ব্যক্তি আৰু সংগঠন মৰ্মাহত হৈ পৰিছে। তেওঁলোকে হাতীজনীৰ মৃত্যুৰ সন্দৰ্ভত এক উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী কৰিছে।

ইপিনে বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত তপতজুৰিত হাতীৰ মৃত্যুত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ভাৰতৰ কমিউনিষ্ট পাৰ্টি আৰু নিখিল ভাৰত কৃষক সভাৰ নগাঁও জিলা পৰিষদে।

এক বিজ্ঞপ্তিযোগে চিপিআইৰ নগাওঁ জিলা সম্পাদক ৰাতুল বৰা আৰু নিখিল ভাৰত কৃষক সভাৰ নগাঁও জিলা সম্পাদক মনোজ সিংহ ৰাজাই কয় যে," মিকিৰ বামুণী গ্ৰাণ্টৰ ৰায়তী কৃষকসকলৰ ভূমি অন্যায়ভাৱে আজুৰ পাৱাৰ কোম্পানীয়ে অধিগ্ৰহণ কৰোতে উক্ত অঞ্চল হাতীৰ বিচৰণস্থলী নহয় বুলি বন বিভাগে আপত্তি বিহীন প্ৰমাণ পত্ৰ প্ৰদান কৰিছিল আৰু পুনৰ দ্বিতীয়বাৰৰ বাবে বন বিভাগৰ মিথ্যাচাৰ প্ৰমাণিত হৈছে।

উল্লেখ যে প্ৰায় এবছৰ পূৰ্বে এই তপত জুৰি অঞ্চলতে ১৮ টাকৈ বনৰীয়া হাতীৰ মৃত্যু হৈছিল। স্থানীয় ৰাইজ আৰু সংগঠনে তপত জুৰি অঞ্চল বনৰীয়া হাতীৰ কৰিডৰ বুলি দাবী কৰি আহিছে। তাৰ পিছতো চৰকাৰ তথা বন বিভাগে উক্ত অঞ্চল বনৰীয়া হাতীৰ কৰিডৰ নহয় বুলি আপত্তি বিহীন প্ৰমাণ পত্ৰ দি আজুৰ পাৱাৰ কোম্পানীক উদ্যোগ স্থাপনৰ বাবে সুবিধা প্ৰদান কৰি দিছিল।

যাৰ বাবে এই অঞ্চলৰে বনৰীয়া হাতী আহ যাহ কৰাত সমস্যাৰ সৃষ্টি হৈছে। এই সংগঠন সমূহে বন্য প্ৰানীৰ সুৰক্ষাৰ স্বাৰ্থত মিকিৰ বামুনী গ্ৰাণ্টৰ আজুৰ পাৱাৰ কোম্পানীৰ সৌৰ প্ৰকল্প বন্ধ কৰি বনৰীয়া হাতীৰ জাকক পূৰ্বৰ দৰে বিচৰণ কৰাৰ পৰিবেশ সৃষ্টি কৰিবলৈ চৰকাৰক দাবী জনায়।

আৰু পঢ়ক: নদীত গা ধুবলৈ গৈ নিখোজ হোৱা ছাত্ৰৰ মৃতদেহ উদ্ধাৰ...

assam nagaon elephant