সাঁচি গছৰ খেতিৰে মথুৰাপুৰৰ শিক্ষিত যুৱকে দেখুৱাইছে কৰ্মসংস্থাপনৰ বাট...

সাঁচি গছৰ খেতিৰে মথুৰাপুৰৰ শিক্ষিত যুৱকে দেখুৱাইছে কৰ্মসংস্থাপনৰ বাট...

ডিজিটেল সংবাদ, মথুৰাপুৰ : মূল্যবান সাঁচি গছৰ খেতিৰে অৰ্থনৈতিক বিপ্লৱৰ সূচনা হৈছে উজনি অসমৰ অবিভক্ত শিৱসাগৰ জিলাখনৰ লগতে বৃহত্তৰ মথুৰাপুৰ অঞ্চলকে ধৰি ইয়াৰ দাঁতিকাষৰীয়া গ্ৰামাঞ্চলত ৷ অঞ্চলটোৰ সাঁচি খেতি তথা ব্যৱসায়ে বৰ্তমান অৰ্থনৈতিক ভেটি টনকিয়াল কৰাৰ লগতে বহুতো শিক্ষিত যুৱকক দেখুৱাইছে কৰ্মসংস্থাপনৰ বাট ৷ বিশেষভাৱে অঞ্চলটোৰ ভকত গাঁও,কোঁৱৰ গাঁও, সৰুমথুৰাপুৰ, বৰমথুৰাপুৰ, ১০১নং গ্ৰান্ট মানিয়াহোলাকে ধৰি কেবাখনো গাঁৱৰ প্ৰায় ৮০ শতাংশ লোক বৰ্তমান জড়িত হৈ পৰিছে সাঁচি খেতি আৰু ইয়াৰ ব্যৱসায়ৰ লগত ৷

এই বৃহত্তৰ অঞ্চলটোত আটাইতকৈ মন কৰিবলগীয়া কথা হ'ল সাঁচি গছৰ এই লাভজনক ব্যৱসায়ৰ সৈতে বৰ্তমান জড়িত হৈ পৰিছে অঞ্চলটোৰ শিক্ষিত নৱ প্ৰজন্ম ৷ অঞ্চলটোৰ পৰা এই সাঁচি গছ সমূহ শিৱসাগৰ জিলাৰ নামতি, যোৰহাটৰ কাকজান, গোলাঘাটৰ নাহৰণি, নগাঁৱৰ হোজাই আদিলৈ অঞ্চলটোৰ পৰা ব্যাপক হাৰত যোগান ধৰা হয় ৷ বৰ্তমান সময়ত অঞ্চলটোৰ ৰাইজে সাঁচি গছক খেতি হিচাপে লৈ ইয়াৰ ব্যৱসায় ভিত্তিত খেতি কৰিবলৈ আৰম্ভ কৰিছে ৷ আনকি বহুতে ইয়াক চাহখেতিৰ মাজে মাজে ৰোপন কৰাও দেখা গৈছে ৷ এডাল সৰু মূল্যবান সাঁচিগছৰ মূল্য দহ হাজাৰৰ পৰা আৰম্ভ কৰি প্ৰায় পাঁচ লাখ টকালৈকে বিক্ৰী কৰি বৰ্তমান অঞ্চলটোৰ বহু লোক অৰ্থনৈতিক ভাৱে স্বাবলম্বী হবলৈ সক্ষম হৈছে ৷

ইয়াৰ উপৰিও ঘৰুৱা কিবা ডাঙৰ বিপদ আপদ হ’লে নতুবা বেমাৰ আজাৰ আৰু সন্তানৰ পঢ়া শুনাৰ খৰচ, বিবাহৰ যা যোগাৰ কৰিবলৈ বাৰীত ৰোপণ কৰা এই সাঁচি গছ জোপা বিক্ৰী কৰিও বহু পৰিয়ালে অৰ্থনৈতিকভাৱে সকাহ পাবলৈ সক্ষম হৈছে৷ উল্লেখ্য যে, সাঁচি বা অগৰু কাঠৰ লাভজনক ব্যৱসায়ৰ সৈতে বৰ্তমান জড়িত হৈ পৰা অঞ্চলটোৰ শিক্ষিত নৱপ্ৰজন্মই এতিয়া ইয়াৰ খেতি কৰাৰ লগতে সাঁচি কাঠৰ ব্যৱসায়ত অধিক মনোনিৱেশ পৰা ফলত এই অঞ্চলটোৰ লোক সকল অৰ্থনৈতিকভাৱে সবল হৈ পৰিছে ৷ মনকৰিবলগীয়া যে, সাঁচি বা অগৰুৰ পোকে নোখোৱা গছ সমুহত স্থানীয় কিছুমান পদ্ধতি গা-গছত ঘাপ মৰা, বটালিৰে ফুটা আদি কৰা দেখা যায় ৷ এই অংশসমুহত লাহে লাহে আগৰ জমা হয় ৷ কৃত্ৰিম ভাবে আগৰ প্ৰস্তুত কৰাৰ কিছু পদ্ধতি আবিষ্কাৰ হৈছে যদিও বৃহত্তৰ অঞ্চলটোৰ ৰাইজে এই পদ্ধতি প্ৰয়োগ কৰা নাই ৷

প্ৰাকৃতিকভাৱে উৎপন্ন হোৱা আগৰ বা স্থানীয় ভাষাত মাল বিক্ৰী কৰি অঞ্চলটো বহু নিবনুৱা যুৱক এই ব্যৱসায়ৰ লগত জড়িত হৈ খেতিয়ক সকলকো স্বাবলম্বী কৰা সহায় কৰি আহিছে ৷ বিশেষকৈ এতিয়া গ্ৰামাঞ্চলটোৰ প্ৰতিঘৰ লোকে সাঁচি গছ ৰোপণ কৰি আৰ্থিক ভাৱে স্ব- নিৰ্ভৰশীল হোৱাৰ প্ৰয়াস কৰা দেখা গৈছে ৷চৰকাৰী পৃষ্ঠপোষকতাত এনে এটা লাভজনক ব্যৱসায়ৰ উদ্যোগ গঢ়ি তুলি প্ৰয়োজনীয় সহযোগিতা আগবঢ়ালে এই উদ্যোগৰ প্ৰতি বহু শিক্ষিত যুবক আগবাঢ়ি আহিব আৰু বহুলোক অৰ্থনৈতিক ভাবে লাভান্বিত যে হব পাৰিব সেয়া নিশ্চিত ৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in