সভালৈ মাতি অনুপ চেতিয়াক হত্যাৰ ব্লুপ্ৰিন্ট! বগীনদীত দুজনক গ্ৰেপ্তাৰ...

সভালৈ মাতি অনুপ চেতিয়াক হত্যাৰ ব্লুপ্ৰিন্ট! বগীনদীত দুজনক গ্ৰেপ্তাৰ...
Published on
Updated on

ডিজিটেল সংবাদ, ঢকুৱাখনা: সংযুক্ত মুক্তি বাহিনী অসম চমুকৈ আলফাৰ প্ৰতিষ্ঠাপক প্ৰাক্তন সাধাৰণ সম্পাদক অনুপ চেতিয়াক অচিৰেই হত্যা কৰা হব ! স্বাধীনতা দিৱসৰ দিনা ৰাজ্য জুৰি আলফা (স্বাধীন)ৰ দ্বাৰা সংস্থাপিত বোমাতংকই গ্ৰাস কৰাৰ পৰৱৰ্ত্তী সময়ত এই ভয়ংকৰ তথ্য পোহৰলৈ আহিছে । "অসমীয়া প্ৰতিদিন ডিজিটেল"ৰ হাতলৈ আহিছে এই ভয়ানক হত্যাকাণ্ডৰ খবৰৰ তথ্য ।

এখন সভা অনুষ্ঠিত কৰি উক্ত সভালৈ প্ৰাক্তন সাধাৰণ সম্পাদক চেতিয়াক নিমন্ত্ৰণ কৰি সভাখলিতে হত্যাৰ অভিসন্ধি ৰচনা কৰা সন্দৰ্ভত এক তথ্য উপলব্ধ হৈছে । সংগৃহীত তথ্য মতে এই গোপন চক্ৰান্ত কাৰ্যকৰী কৰিবলৈ ইতিমধ্যে এটা নিজকে আত্মসমৰ্পণকাৰী আলফা বুলি জাহিৰ কৰি অহা বগীনদীৰ এটা শিবিৰে ব্যাপক তৎপৰতা আৰম্ভ কৰি দিছে । অজ্ঞাত শক্তিৰ প্ৰৰোচনাত এই চক্ৰটোৱে অচিৰেই অনুস্থিতব্য পৰিকল্পিত সভাৰ বাবে অৰ্থ সংগ্ৰহত নামি পৰিছে ।

শেহতীয়া ভাবে এই চক্ৰটোৰ অন্যতম অংশীদাৰী হিচাবে আত্মপৰিচয় দি  বগীনদী আৰক্ষী থানাৰ অন্তৰ্গত তপন কমান নামৰ এজন প্ৰাক্তন আলফা সদস্যই এগৰাকী জলজীৱন মিছনৰ "পাইপ লাইন"ৰ কাম কৰা ব্যক্তিৰ পৰা এক লাখ টকা দাবী কৰে। যোৱা ৮আগষ্টৰ নিশা  মোবাইলৰ পৰা ফোন কৰি জলজীৱন মিছনৰ ঢকুৱাখনাৰ ঠিকাদাৰ গৰাকীক উক্ত সম্পূৰ্ণ টকা শীঘ্ৰে আদায় দিয়াৰ সকীয়নী দিয়ে । ঠিকাদাৰ গৰাকীয়ে কিয় আৰু কি কাৰণত এই বৃহৎ পুঁজি দাবী কৰিছে আৰু এই দাবীকৃত ধন আদায় নিদিয়াৰ স্পষ্ট সিদ্ধান্ত দোহাৰে উক্ত পক্ষক ।

নিজকে তপন কমান বুলি চিনাকি দি দাবীকৃত ধন আদায় নিদিলে গুলীয়াই হত্যা কৰাৰ সকীয়নী দিয়ে । তাৰোপৰি সভা অনুষ্ঠিত কৰাৰ কাৰণ হিচাবে উক্ত  প্ৰাক্তন আলফাৰ সভালৈ "আলফা"ৰ প্ৰাক্তন সাধাৰণ সম্পাদক অনুপ চেতিয়াক নিমন্ত্ৰণ কৰি উক্ত সভাত চেতিয়াক গুলীয়াই হত্যা কৰাৰ আঁচনি গ্ৰহণ কৰাৰ চক্ৰান্তৰ বিষয়ে গোপনে জানিবলৈ দিয়ে । জলজীৱনৰ ঠিকাদাৰ গৰাকীয়ে এনে দুষ্কাৰ্যৰ বিৰোধিতা কৰি এই সন্দৰ্ভত লখিমপুৰ জিলা প্ৰাক্তন আলফা ঐক্য মঞ্চ সমিতি আৰু সাধাৰণ সম্পাদক গৰাকীক অৱগত কৰা হয় ।

ইপিনে বাৰম্বাৰ দাবীকৃত ধন বিচাৰি চক্ৰটোৰ অন্যতম নায়ক কমানে উপৰ্যুপৰি ফোন কৰি থকাৰ পাছত অৱশেষত বিষয়টো লখিমপুৰ জিলা আৰক্ষী অধীক্ষক মিহিৰজ্যোতি গায়নৰ দৃষ্টিগোচৰ কৰা হয় । আৰক্ষী অধীক্ষক গৰাকীৰ পৰামৰ্শৰ ভিত্তিত ঢকুৱাখনা সদৰ থানাৰ অভয়পুৰ গাঁওৰ নিবাসী ভুক্তভোগী ব্যক্তি গৰাকীয়ে ১৪আগষ্টৰ নিশা বগীনদী থানাত এক গোচৰ ৰুজু কৰে । বগীনদী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ডান্তেজিৎ দেউৰীযে গোচৰ ৰুজু কৰি ক্ষীপ্ৰতাৰে অভিযান চলায় ।

অভিযান কালত তদন্তকাৰী আৰক্ষীয়ে তপন কমানক আটক কৰি তেওঁ ব্যৱহাৰ কৰা মবাইল ফোনতো জব্দ কৰে । জব্দ কৰা মবাইল ফোনৰ পৰা কৰা কলৰ সবিশেষ (চি ডি আৰ) পৰীক্ষণ আৰু ধৃত কমানৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে গোবিন সোণোৱাল নামৰ অন্য এজন ব্যক্তিকো আটক কৰিছে । গোবিন সোনোৱালেও  নিজকে আত্মসমৰ্পণকাৰী আলফা হিচাবে পৰিচয় দিয়া বুলি জনা গল । এই সন্দৰ্ভত বগীনদী আৰক্ষী থানাত এক গোচৰ- ৩৯  / ২০২৪ পঞ্জীভূত কৰা হৈছে ।

ভাৰতীয় ন্যায় সংহিতা আইনৰ ৬১/৩০৮/৩৫১/৩(৫) ধাৰাত  পঞ্জীভূত গোচৰৰ ভিত্তিত ধৃত দুই ষড়যন্ত্ৰকাৰীক বগীনদী আৰক্ষীয়ে স্বাস্থ্য পৰীক্ষা কৰাই লখিমপুৰ ন্যায়িক আদালতত হাজিৰ কৰাই । পঞ্জীভূত গোচৰৰ ধাৰা জামিনযোগ্য হোৱাৰ বাবে  আদালতে দুয়োকে জামিনত মুক্তি দিয়ে । সন্দেহ কৰা মতে এই চক্ৰটোৰ সৈতে আৰু অধিক ব্যক্তি জড়িত আছে । ঢকুৱাখনাৰো এজন ব্যক্তিৰ নাম চর্চালৈ আহিছে । যিজনে ভুক্তভোগী ঠিকাদাৰজনক  দুষ্কাৰ্যত জড়িত পক্ষৰ ফোন গ্ৰহণ কৰিবলৈ সোঁৱৰাই দিছিল । যিসময়ত বিদ্রোহী সংগঠন আলফা (স্বাধীন)ৰ পৃষ্ঠপোষকতাত ৰাজ্যখনৰ ২৪টা স্থানত  সন্দেহজনক বোমা স্থাপন কৰা হৈছে ।

আলফাৰ প্ৰতিষ্ঠাপক সম্পাদক  গৰাকীৰ চাবোৱাস্থিত বাসভৱনত বোমা স্থাপনৰ সন্দেহ কৰি নিছিদ্ৰ পৰীক্ষা কৰা হৈছে । তেনে সময়তে এগৰাকী প্ৰাক্তন আলফাৰ শীর্ষ নেতাক নিৰ্মম ভাবে হত্যা কৰাৰ ফন্দি ফাদিল হোৱাত জিলা আৰক্ষী মহলত প্ৰবল প্ৰতিক্ৰিয়াই গা কৰি উঠিছে । বিষয়টো গুৰুত্ব সহকাৰে লৈছে  লখিমপুৰ জিলা আৰক্ষীয়ে।বগীনদী আৰক্ষীৰ তদন্ত আৰু প্ৰামানিক তথ্য সংগ্ৰহ কৰাৰ পাছত প্ৰকৃত তথ্য উন্মোচিত হব আৰু এই সমগ্ৰ পৰিকল্পনাত অন্য কোনোবা শক্তিশালী চক্ৰ জড়িত আছে নেকি তাৰো বাস্তৱ ছবি পোহৰলৈ আহিব ।

সভালৈ মাতি অনুপ চেতিয়াক হত্যাৰ ব্লুপ্ৰিন্ট! বগীনদীত দুজনক গ্ৰেপ্তাৰ...
বোমাতংক! বটদ্ৰৱাত সত্ৰাধিকাৰো আৰক্ষীয়ে নিশা হাৰাশাস্তি কৰাৰ অভিযোগ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in