বোমাতংক! বটদ্ৰৱাত সত্ৰাধিকাৰো আৰক্ষীয়ে নিশা হাৰাশাস্তি কৰাৰ অভিযোগ...

বোমাতংক! বটদ্ৰৱাত সত্ৰাধিকাৰো আৰক্ষীয়ে নিশা হাৰাশাস্তি কৰাৰ অভিযোগ...
Published on
Updated on

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ আলফা স্বাধীনে ৰাজ্যৰ বিভিন্ন স্থানত বোমা স্থাপনৰ পিছতে যোৱা নিশাটোৰ ভিতৰতে অসম আৰক্ষীয়ে থানাই থানাই প্ৰাক্তন আলফা নেতাক তলব কৰে। সেই মৰ্মে ধিং, বটদ্ৰৱা আৰু জাজৰিত সোধপোচৰ বাবে ১৯ জনকৈ প্ৰাক্তন আলফা নেতাক তলব কৰে। তাৰে বটদ্ৰৱা আৰক্ষীয়ে চাৰি জন প্ৰাক্তন আলফাক সোধপোচৰ বাবে তলব কৰি সোধ পোচৰ বাবে অনাৰ পাছত আজি বটদ্ৰৱাত ব্যপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

কাৰন বহু বছৰ পূৰ্বে আলফা ত্যাগ কৰি মূলসূতিলৈ আহি বৰ্তমান প্ৰায় ১২ বছৰ ধৰি বটদ্ৰৱাৰ নৰোৱা ভেটিয়নী সত্ৰৰ সত্ৰাধিকাৰ পদত অধিষ্ঠিত অৰূপ দেৱ গোস্বামীকো আৰক্ষীয়ে নিশা উঠাই অনাক লৈ ক্ষুন্ন হৈ পৰিছে ৰাইজ। বৰ্তমান বটদ্ৰৱা আৰক্ষী থানাৰ সন্মুখত ৰাইজ আইমাতৄ সমবেত হৈ চৰকাৰ প্ৰশাসনৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে। অনাহাৰে অনিদ্ৰাৰে ১৭ ঘন্টা ধৰি সাধাৰণ চোৰ ডকাইতৰ দৰে থানাত আনি বহাই ৰখা প্ৰশাসন, চৰকাৰ, মুখ্যমন্ত্ৰীলৈ ৰাইজৰ প্ৰশ্ন "মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ তথা বিগত লোকসভা নিৰ্বাচনৰ নগাঁও সমষ্টিৰ প্ৰাৰ্থী সুৰেশ বৰাক সোধপোচ কৰিবলৈ সাহস আছেনে?

বিপৰীতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাৰ নৰোৱা ভেটিয়নী সত্ৰৰ সত্ৰীয়া সংস্কৃতিৰ লগত জড়িত হৈ নাম প্ৰসঙ্গ, শৰণ ভজনৰ লগত জড়িত এজন ধৰ্মগুৰুক, কোনো জাননী নিদিয়াকৈ নিশা ২ বজাত শোৱাপাটীৰ পৰা উঠাই আনি কয়দীৰ দৰে কৰা ব্যবহাৰক ধিক্কাৰ" জনাইছে।

উল্লেখযোগ্য যে, যোৱা নিশা ধিং আৰক্ষীয়ে সাত জন, বটদ্ৰৱা আৰক্ষীয়ে চাৰি জন আৰু জাজৰি আৰক্ষীয়ে আঠ জনকৈ প্ৰাক্তন আলফাক সোধপোচৰ বাবে তলব কৰি সোধ পোচ অব্যাহত ৰাখিছিল। জানিব পৰা বাতৰি লিখি থকাৰ পৰতে বটদ্ৰৱা আৰক্ষীয়ে চাৰিও জনকে ঘৰলৈ আহিবলৈ অনুমতি প্ৰদান কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in