আমাৰ ভুল নাইঃ অসমীয়া প্ৰতিদিন ডিজিটেলৰ বিশেষ লেখাক লৈ APSCৰ স্পষ্টীকৰণ...

আমাৰ ভুল নাইঃ অসমীয়া প্ৰতিদিন ডিজিটেলৰ বিশেষ লেখাক লৈ APSCৰ স্পষ্টীকৰণ...

ডিজিটেল ডেস্কঃ যোৱা ১৭মে’ ২০২৪ত অসমীয়া প্ৰতিদিন ডিজিটেলত প্ৰকাশিত বিশেষ লেখা ‘এ পি এছ চিত এইবোৰ কি হৈ আছে’  শীৰ্ষক লেখনিটোৰ ওপৰত শেহতীয়াকৈ স্পষ্টীকৰণ প্ৰদান কৰিছে অসম লোকসেৱা আয়োগে। উক্ত খবৰ সত্য নহয় বুলি দাবী কৰিছে অসম লোকসেৱা আয়োগে।

আয়োগৰ উপ সচিবে স্বাক্ষৰ কৰা এই স্পষ্টীকৰণটোত ইয়াত হুবহু উল্লেখ কৰা হল। স্পষ্টীকৰণটোত আয়োগে লিখিছে-

যোৱা ১৭ মে, ২০২৪ তাৰিখে ই-কাকত অসমীয়া প্রতিদিনত প্রকাশিত "এ পি এছ চিত এইবোৰ কি হৈ আছে..." শীর্ষক বাতৰিটো আয়োগৰ দৃষ্টিগোচৰ হৈছে। এই সন্দর্ভত আয়োগে জনায় যে অর্থনীতি আৰু পৰিসংখ্যা সঞ্চালক পদৰ বাবে বিজ্ঞাপন নং ২২/২০২৩ যোগে আবেদনপত্র আহ্বান কৰা হৈছিল আৰু সেই মর্মে ৬গৰাকী আবেদনকাৰীয়ে প্ৰপত্র দাখিল কৰিছিল। পৰৱৰ্তী সময়ত যোৱা ১৬ মে, ২০২৪ তাৰিখে আবেদনকাৰীসকলক প্রয়োজনীয় চার্টিফিকেট/প্রমাণপত্র পৰীক্ষণ আৰু সাক্ষাতকাৰৰ বাবে জাননী নং 71PSC/DR-23/1/2023-24 dated 04.05.2024 যোগে অৱগত কৰা হয়। এই সন্দৰ্ভত প্রার্থীসকলক ই-এডমিশ্বন চার্টিফিকেট যোগেও ব্যক্তিগতভাৱে অৱগত কৰা হৈছিল। ১৬ মে, ২০২৪ তাৰিখে প্রার্থীসকলে প্রয়োজনীয় চার্টিফিকেট/প্রমাণ পত্ৰসমূহ দাখিল কৰাৰ অন্তত পৰীক্ষামর্মে প্রতিপন্ন হয় যে কেৱল এগৰাকী প্রার্থীয়েহে বাধ্যতামূলক প্রয়োজনীয় অৰ্হতাৰ (নূন্যতম ৫বছৰৰ প্ৰশাসনিক অভিজ্ঞতা) প্রমাণ পত্র দাখিল কৰিবলৈ সক্ষম হয়। সেয়েহে তেখেতৰ সাক্ষাতকাৰ গ্ৰহণ কৰা হয়। আনহাতে বাকীকেইগৰাকী প্রার্থীক তেখেতসকলৰ বাধ্যতামূলক প্রয়োজনীয় অর্হতা নথকা বিষয়টো অৱগত কৰা হয়। গতিকে উক্ত বাতৰিটো সত্যৰ ওপৰত আধাৰিত নহয়।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, যোৱা ১৭মে’ ২০২৪ত অসমীয়া প্ৰতিদিন ডিজিটেলত প্ৰকাশিত মৃদুল কুমাৰ সন্দিকৈৰ বিশেষ লেখাটোত আয়োগৰ অৰ্থনীতি আৰু পৰিসংখ্যা সঞ্চালক পদৰ বাবে নিযুক্তি প্ৰক্ৰিয়াত হোৱা বেমেজালিৰ কথা পুংখানুপুংখভাৱে উল্লেখ কৰা হৈছিল।

কোন তাৰিখত আৰু কেতিয়া আয়োগে এই ৬গৰাকী প্ৰাৰ্থীক লোকসেৱা আয়োগৰ কাৰ্যালয়লৈ সাক্ষাৎকাৰৰ বাবে মাতি, শেষত কি পৰিস্থিতিৰ সৃষ্টি কৰিলে সেই সন্দৰ্ভত লেখাটোত সবিশেষ উল্লেখ আছিল। লগতে লেখাটোত প্ৰশ্ন উত্থাপন কৰা হৈছিল যে,  যদি এই পদটোৰ বাবে এই ৬গৰাকী প্ৰাৰ্থীৰ ভিতৰত ৫গৰাকীয়ে উপযুক্ত নহয়, তেন্তে সাক্ষাৎকাৰৰ বাবে কিয় তেওঁলোকক মতা হৈছিল?

 উক্ত বিশেষ লেখাটোত থকা খবৰক লৈ আয়োগে দিয়া স্পষ্টীকৰণত উল্লেখ আছে যে-  অৰ্থনীতি আৰু পৰিসংখ্যা সঞ্চালক পদৰ বাবে বিজ্ঞাপন নং ২২/২০২৩যোগে আবেদন পত্ৰ আহ্বান কৰা হৈছিল আৰু সেই মৰ্মে এই ৬গৰাকী আবেদনকাৰীয়ে পপত্ৰ দাখিল কৰিছিল। পৰৱৰ্তী সময়ত যোৱা ১৬মে, ২০২৪ তাৰিখে আবেদনকাৰীক প্ৰয়োজনীয় চাৰ্টিফিকেট/প্ৰমাণপত্ৰ পৰীক্ষণ আৰু সাক্ষাতকাৰৰ বাবে জাননী নং 71PSC/DR-23/1/2023-24 DATED যোগে অৱগত কৰা হয়।

আয়োগে এই স্পষ্টীকৰণত লগতে উল্লেখ কৰিছে যে, ১৬মে ২০২৪ত আটাইকেইগৰাকী প্ৰাৰ্থীৰ নথি-পত্ৰ পৰীক্ষা কৰি এগৰাকী প্ৰাৰ্থীৰহে বাধ্যতামূলক প্ৰয়োজনীয় অৰ্হতা অৰ্থাত ৫বছৰৰ নূন্যতম প্ৰশাসনিক অভিজ্ঞতা থকা বুলি তেওঁলোকে জানিব পাৰে। যাৰ ফলত বাকীকেইগৰাকীক সাক্ষাতকাৰৰ পৰা বিৰত ৰখা হয়।

 এইখিনিতে প্ৰশ্ন হয়, সেইদিনা উপস্থিত থকা আন ৫গৰাকী প্ৰাৰ্থীৰ অভিজ্ঞতাৰ সাক্ষাতকাৰৰ আগমূৰ্হুতত পৰীক্ষা কৰিবলৈহে আয়োগে সময় পালে নেকি! আমি জনাত আন বিভাগত ৫বছৰো অধিক কাল দক্ষতাৰে কাম কৰি থকা কেইবাগৰাকীও প্ৰাৰ্থী আছিল। সেই বিষয়ে এই বিশেষ লেখাত সবিস্তাৰে উল্লেখ আছে।

 আয়োগৰ এই স্পষ্টীকৰণৰ পৰা কেতবোৰ নতুন প্ৰশ্নৰ উত্থাপন হৈছে। ৬গৰাকী প্ৰাৰ্থীয়ে যেতিয়া আবেদন কৰিছিল, তেতিয়াই তেওলোকে তেওঁলোকৰ অৰ্হতাৰ জেৰক্স কপি আবেদনৰ সৈতে গাঠিঁ দিছিল। সেই নথি-পত্ৰসমূহ পৰীক্ষা কৰিয়েই আয়োগে ৬গৰাকী প্ৰাৰ্থীৰ ভিতৰত কোন যোগ্য সেয়া বিচাৰ কৰিব নিশ্চয় পাৰিলেহেতেন। কিন্তু তাকে নকৰি কিয় আটাইকেইগৰাকী প্ৰাৰ্থীকে মুখামুখি সাক্ষাতকাৰৰ বাবে কাৰ্যালয়লৈ মাতি আনিছিল।

আয়োগে পূৰ্বতেই এগৰাকী প্ৰাৰ্থীক বাদ দি বাকী ৫গৰাকীক অযোগ্য ঘোষণা কৰাৰ স্থল আছিল তাকে নকৰি সাক্ষাতকাৰৰ বাবে মাতি অনাৰ আঁৰৰ ৰহস্য কি আছিল! প্ৰাপ্ত তথ্য অনুসৰি, উক্ত দিনটোত সাক্ষাতকাৰ ল'বলৈ অসম চৰকাৰৰ এগৰাকী প্ৰধান সচিবো এ পি এছ চিৰ কাৰ্যালয়ত উপস্থিত আছিল। এইখিনিতে উল্লেখ নকৰি নোৱাৰি যে, উক্ত দিনটোত এই সমগ্ৰ প্ৰক্ৰিয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল বাকী ৫গৰাকী প্ৰাৰ্থীয়ে।

অসমীয়া প্ৰতিদিন ডিজিটেলৰ বিশেষ লেখাটোত তথ্য সহকাৰে তন্ন তন্নকৈ সকলোবোৰ কথা উল্লেখ কৰি এ পি এছ চিক মাথোঁ এই ঘটনাটোক লৈ কিছু প্ৰশ্নৰহে অৱতাৰণা কৰা হৈছিল। যিবোৰ প্ৰশ্ন উক্ত দিনটোত সেই ৫গৰাকী প্ৰাৰ্থীয়েও আয়োগক কৰিছিল। উচ্চ শিক্ষিত এই ৫গৰাকী প্ৰাৰ্থীক উক্ত দিনটোতো সুদোত্তৰ দিয়া নাছিল আয়োগৰ বিষয় ববীয়াই।

এয়া এ পি এছ চিৰ নিয়মমাফিক উত্তৰ। এই সাক্ষাৎকাৰলৈ যোৱা প্ৰাৰ্থীসকলৰ সৈতে যোগাযোগ কৰাত তেওঁলোকে অসমীয়া প্ৰতিদিন ডিজিটেল এই খবৰৰ সত্যতাক স্বীকাৰ কৰিছে। আয়োগে খৰখেদাকৈ এক স্পষ্টীকৰণ দিলেই উক্ত প্ৰশ্নবোৰৰ পৰা ৰেহাই পাব নোৱাৰে। আমি পুনৰ কও, এ পি এছ চিৰ বৰ্তমানৰ অধ্যক্ষগৰাকীৰ সততা আৰু দক্ষতাক লৈ সন্দেহ নকৰিলেও এই সমগ্ৰ প্ৰক্ৰিয়াটোৰ সন্দৰ্ভত সন্দেহৰ অৱকাশ ৰৈ গৈছে।

আমাৰ ভুল নাইঃ অসমীয়া প্ৰতিদিন ডিজিটেলৰ বিশেষ লেখাক লৈ APSCৰ স্পষ্টীকৰণ...
এ পি এছ চিত এইবোৰ কি হৈ আছে...
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in