এ পি এছ চিত এইবোৰ কি হৈ আছে...

এ পি এছ চিত এইবোৰ কি হৈ আছে...

পুৱা ৯বজাতে খানাপাৰা এ পি এছ চি বিল্ডিঙত উপস্থিত হৈছিলগৈ ৬গৰাকী বিশেষ ব্যক্তি। তাৰে এজনৰ নাম অজিত বৰুৱ। বৰুৱাৰ বয়স ৫৯বছৰ ৯মাহ।

তেওঁ ডাৰেক্টৰ অৱ ইক’নমিকছ এণ্ড ষ্টেটিকছ বিভাগৰ অতিৰিক্ত সঞ্চালক। তেওঁৰ উপৰিও এ পি এছ চিৰ খানাপাৰাৰ বিল্ডিঙত এটা বিশেষ কোঠাত উপস্থিত থকা আন সকলৰ ভিতৰত আছিল নয়নমণি গগৈ, নিজান চন্দ্ৰ পেগু, পৰাগ জ্যোতি বৰকটকী, পোণাৰাম দাস আৰু পংকজ কুমাৰ গগৈ।

আটাইকেইগৰাকীয়ে এটা চাকৰি পদৰ প্ৰাৰ্থী। আটাইকেইজন প্ৰাৰ্থীয়ে উচ্চশিক্ষিত আৰু সেই চাকৰিৰ বাবে প্ৰয়োজনীয় অৰ্হতা থকা লোক। নিজান চন্দ্ৰ পেগু গুৱাহাটীৰ এখন প্ৰতিষ্ঠিত মহাবিদ্যালয়ৰ অৰ্থনৈতিক বিভাগৰ অধ্যাপক।

পংকজ কুমাৰ গগৈ ডাৰেক্টৰ অৱ ইক’নমিকছৰ উচ্চ পদস্থ বিষয়া আৰু নয়ন জ্যোতি গগৈ, পৰাগ জ্যোতি বৰঠাকুৰ আন এটা বিভাগৰ উচ্চ পদত নিয়োজিত হৈ আছে। আটাইকেইগৰাকীকে অসম লোকসেৱা আয়োগে নিৰ্দিষ্ট পদটোৰ নিযুক্তিৰ বাবে অনুষ্ঠিত কৰা সাক্ষাতকাৰৰ বাবে মতা হৈছিল।

১৬মে', ২০২৪ত এই সাক্ষাতকাৰৰ দিন নিৰ্ধাৰণ কৰি ৯.০০বজাত উপস্থিত হ'বলৈ কোৱা হৈছিল। সেই অনুসৰি তেওঁলোক খানাপাৰাৰ এ পি এছ চি ভৱনত ৯.০০বজাত উপস্থিত হৈছিলগৈ। লগত নিবলৈ কোৱা হৈছিল আবেদনৰ সময়ত জমা দিয়া নথি পত্ৰসমূহৰ মূল কপি, স্বস্বাক্ষৰিত এখন ফটোগ্ৰাফ আৰু নথিসমূহৰ এটাকৈ জেৰক্স কপি।

আটাইকেইগৰাকী প্ৰাৰ্থীয়ে নিৰ্ধাৰিত সময়ত উপস্থিত হৈ তেওঁলোকৰ নথি-পত্ৰ পৰীক্ষাৰ বাবে জমা দিছিল। ১ঘন্টাৰ ভিৰত সেই পৰীক্ষণ পৰ্ব সম্পন্ন হয়। তাৰ পাছত তেওঁলোকে তেওঁলোকক সাক্ষাতকাৰলৈ মাতিব বুলি ১২.৩০বজালৈকে বহি থাকে। তেনে সময়তে এগৰাকী ভদ্ৰ মহিলা তেওঁলোকৰ কাষলৈ আহি তেওঁ এই ৬গৰাকী সাক্ষাতকাৰলৈ যোৱা প্ৰাৰ্থীক উদ্দেশ্যি জনাই যে, তেওঁলোকৰ মাজৰ অজিত বৰুৱাক বাদ দি বাকীসকলে সাক্ষাতকাৰৰ বাবে অপেক্ষা কৰিব নালাগে।

তেওঁলোকক সেই স্থান ত্যাগ কৰিবলৈ কোৱা হয়। অজিত বৰুৱাৰ বাদে আন ৫জনে এনে কথা শুনি আচৰিত হৈ এয়া কেনেকৈ সম্ভৱ বুলি প্ৰশ্ন কৰে। ভদ্ৰ মহিলাগৰাকীয়ে তেওঁ এ পি এছ চিৰ সচিব বুলি পৰিচয় দি ভিতৰত থকা এখন উচ্চ পৰ্যায়ৰ কমিটিয়ে এই সিদ্ধান্ত লোৱা বুলি জনায়।

বিজ্ঞাপন নং- ২২/২০২৩ তাং ২৪আগষ্ট ২০২৩ত এ পি এছ চিয়ে এটা বিজ্ঞাপন দিছিল। বিজ্ঞাপনটোত উল্লেখ থকা মতে,ডাৰেক্টৰ অৱ ইকনমিকছ এণ্ড ষ্টেটিকছ আণ্ডাৰ টেন্সফৰমেশ্যন এণ্ড ডেভেলপমেন্ট ডিৰ্পাটমেন্টৰ সঞ্চালক পদৰ বাবে আগ্ৰহী প্ৰাৰ্থীৰ পৰা আবেদন বিচৰা হৈছিল।

সেই বিজ্ঞাপন অনুসৰিয়েই উক্ত পদৰ বাবে কেইবাগৰাকীও প্ৰাৰ্থীয়ে আবেদন জনাইছিল। ৪মে', ২০২৪ত আন এক বিজ্ঞাপন নং- 71PSC/DR-23/1/2023-24 যোগে এ পি এছ চিয়ে ১৬মে', ২০২৪ত এই পদৰ বাবে সাক্ষাতকাৰ অনুষ্ঠিত হ'ব বুলি অৱগত কৰাইছিল প্ৰাৰ্থীসকলক।

এ পি এছ চিৰ উপ সচিবে স্বাক্ষৰ কৰা বিজ্ঞাপন আৰু জাননীখনত প্ৰাৰ্থীসকলক সাক্ষাতকাৰৰ বাবে আহোতে ১০খন বিশেষ নথি লৈ আহিবলৈ কোৱা হৈছিল। সেইবোৰৰ ভিতৰত HSLCৰ প্ৰৱেশ পত্ৰ বা উত্তীৰ্ণৰ প্ৰমাণ পত্ৰ, মাৰ্কশ্বিট। উচ্চতৰ মাধ্যমিকৰ উত্তীৰ্ণৰ প্ৰমাণ পত্ৰ আৰু নম্বৰৰ মাৰ্কশ্বিট, অভিজ্ঞতাৰ প্ৰমাণ পত্ৰ, জাতিগত প্ৰমাণ পত্ৰ, নিয়োগকৰ্তাৰ পৰা আপত্তিবিহীন প্ৰমাণ পত্ৰ আদি আছিল অন্যতম। আন আনুসংগিক এই পদৰ বাবে প্ৰয়োজনীয় অৰ্হতাৰ প্ৰমাণ পত্ৰও প্ৰাৰ্থীসকলক আনিবলৈ কোৱা গৈছিল।

সেই নিৰ্দেশনাতে উল্লেখ কৰা হৈছিল এই পদৰ বাবে সাক্ষাতকাৰত অৱতীৰ্ণ হ'বলৈ যোগ্যতা অৰ্জন কৰা প্ৰাৰ্থীসকলৰ নাম এ পি এছ চিৰ ৱেবচাইট www.apsc.nic.inত ৬মে' ২০২৪ত আপলোড কৰা হ'ব। যোগ্যতা অৰ্জনকাৰী প্ৰাৰ্থীসকলে এই ৱেবচাইটৰ জৰিয়তে ৯মে'ৰ পৰা তেওঁলোকৰ ইন্টিমেশ্যন লেটাৰ আপলোড কৰিব পাৰিব বুলিও জাননীত উল্লেখ কৰিছিল।

সেই অনুসৰি এ পি এছ চিৰ ৱেবচাইটত ৬জন যোগ্যতা অৰ্জনকাৰী প্ৰাৰ্থীৰ নাম প্ৰকাশ কৰিছিল এ পি এছ চিয়ে। আবেদন আই ডি –DRATTP2322000012, DRATTP2322000013, DRATTP232200000, DRATTP2322000009,DRATTP2322000011, DRATTP2322000014 প্ৰাৰ্থীকেইগৰাকীয়ে এই পদৰ সাক্ষাতাকাৰত উপস্থিত থাকিবলৈ যোগ্যতা অৰ্জন কৰিছিল। ক্ৰম অনুসৰি তেওঁলোকৰ নাম আছিল- অজিত বৰুৱা, নয়নমণি গগৈ, নিজান চন্দ্ৰ পেগু, পৰাগজ্যোতি বৰকটকী, পোণাৰাম দাস আৰু পংকজ কুমাৰ গগৈ।

এই সকলোবোৰ পৰ্ব সম্পূৰ্ণ হোৱাৰ পাছত হঠাৎ অজিত বৰুৱাক বাদ দি বাকীসকলক কি ৰহস্যজনক কাৰনত সাক্ষাতকাৰত উপস্থিত থাকিবলৈ দিয়া নহল। সেই সময়ত সাক্ষাতকাৰ ল'বলৈ অসম চৰকাৰৰ এগৰাকী প্ৰধান সচিবো এ পি এছ চিৰ কাৰ্যালয়ত উপস্থিত আছিল।

অৱসৰৰ বাবে মাত্ৰ ৩মাহ থকা বিষয়াগৰাকীক কেৱল সাক্ষাতকাৰ লোৱা হ'ল। অৱশ্যে ফলাফল এতিয়াও এ পি এছ চিয়ে ঘোষণা কৰা নাই। কিন্তু প্ৰশ্ন হয়, এয়া এ পি এছ চিয়ে উচিত কাম কৰিলেনে।

বৰ্তমানৰ এ পি এছ চিৰ অধ্যক্ষগৰাকীৰ সততাৰ ওপৰত মানুহৰ সন্দেহ নাছিল। কিন্তু এই ঘটনা এ পি এছ চিৰে এজন নিৰ্ভৰযোগ্য লোকৰ পৰা জনাৰ পাছত এ পি এছ চিৰ নিযুক্তিত এতিয়াও কোনোবা ওপৰ মহলৰ হেচাঁ বা হাত নাই বুলি মানি ল'ব পৰা নাযায়।

কি যুক্তিত সাক্ষাতকাৰলৈ মাতি সাক্ষাতকাৰৰ কেইছেকেণ্ডমানৰ পূৰ্বে তেওঁলোকক অযোগ্য ঘোষণা কৰা হ'ল। এই ঘটনা বা কাণ্ডই কিহৰ ইংগিত বহন কৰে। যদি তেওঁলোক যোগ্যই নাছিল, তেনে যোগ্যতা অৰ্জনকাৰীৰ তালিকাত তেওঁলোকৰ নাম এ পি এছ চিয়ে কিয় প্ৰকাশ কৰিছিল।

ইমান এটা উচ্চ পদৰ বাবে আবেদন কৰাৰ প্ৰাৰ্থীৰ সংখ্যাও বৰ বেছি নাছিল। সেইসকলৰ মাজৰ পৰা যোগ্য বুলি বিবেচনা কৰা সকলক নিৰ্বাচন কৰোতে নিশ্চয় তেওঁলোকে সকলোবোৰ দিশ গুৰুত্ব দি চাইছিল। তাৰ পাছত এয়া কিহৰ ভেকোভাওনা।

এ পি এছ চিৰ পুৰণি বেমাৰ এতিয়াও আঁতৰা নাই। তাৰ প্ৰমাণ এই কাণ্ড। পূৰ্বতে নোহোৱা-নোপোজা ঘটনা এ পি এছ চিত সংঘটিত হৈ গ'ল। প্ৰতিবাদ কৰিও সুদোত্তৰ নাপাই প্ৰাৰ্থীসকল ঘৰলৈ ঘূৰি আহিল।

এ পি এছ চি এতিয়াও এনেকৈ অনিয়মৰে চলি আছে নেকি! যদি কিবা কাৰিকৰী কাৰণত এই সাক্ষাতকাৰত বাতিল কৰিব লগা আছিল, তেনেহলে কিয় প্ৰাৰ্থীসকলক আনুষ্ঠানিকভাৱে জনোৱা নহ'ল। এতিয়া অপেক্ষা এ পি এছ চি ভিতৰত সংঘটিত এইবোৰ ঘটনাৰ ৰহস্যভেদ হোৱালৈ।

মানুহ সলনি হৈছে, সলনি হোৱা নাই যেন এ পি এছ চিৰ চৰিত্ৰ। সাক্ষাতকাৰলৈ ৬প্ৰাৰ্থীক মাতি কেৱল এজন প্ৰাৰ্থীৰ সাক্ষাতগ্ৰহণ কৰি আন ৫জনক ঘূৰি যাবলৈ কোৱাতো কি পৰ্যায়ৰ দুৰ্নীতি হ'ব পাৰে ! এ পি এছ চিৰ অধ্যক্ষই, ৰাজ্য চৰকাৰে এ পি এছ চিৰ ভিতৰত এইবোৰ কি চলি আছে উত্তৰ নিদিলে দিব কোনে...

এ পি এছ চিত এইবোৰ কি হৈ আছে...
বৰষুণ ক'ত...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in