ৰঙিয়াত ড্ৰাগছ বিৰোধী বাটৰ নাট পৰিৱেশন...

ৰঙিয়াত ড্ৰাগছ বিৰোধী বাটৰ নাট পৰিৱেশন...

author-image
Asomiya Pratidin
New Update
ৰঙিয়াত ড্ৰাগছ বিৰোধী বাটৰ নাট পৰিৱেশন...

ডিজিটেল সংবাদ, ৰঙিয়া: ৰঙিয়া নগৰৰ ভুটান বাছষ্টেণ্ডত এজনী ষোড়সী ছোৱালীৱে হিয়া ঢাকুৰি কান্দিছে। ককায়েকজনে মাটিত ঢলি ঢলি পৰিছে। ছোৱালীজনীয়ে হাত যোৰ কৰি পথাচাৰিৰ পৰা সহায় বিচাৰিছে। ৰাইজৰ মাজত হুৱা-দূৱা লাগিল। অৱশ্যে পিছতহে প্ৰকৃত ঘটনা পোহৰলৈ আহিল।

Advertisment

সঙ্গীত গ্ৰুপ অফ ক্ৰিয়েচনৰ উদ্যোগত ড্ৰাগছৰ প্ৰচলনৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ লক্ষ্যৰে বাটৰ নাট প্ৰদৰ্শন কাৰ্যসূচী ৰূপায়ণ কৰিছে। ড্ৰাগছৰ বিৰুদ্ধে সজাগতামূলক বাণী প্ৰচাৰৰ লক্ষ্যৰে প্ৰদৰ্শন কৰা হয় বাটৰ নাটখনি। যশশ্বী পৰিচালক পঙ্কজ পল্লৱ শৰ্মাৰ দ্বাৰা ৰচিত আৰু পৰিচালিত নাটখনিত ৰঙিয়াৰ আই টি আইত অনুষ্ঠিত হৈ থকা অভিনয় কৰ্মশালাৰ প্ৰশিক্ষাৰ্থীৰ ব্যৱহাৰিক হিচাপে নাটকখনিৰ প্ৰদৰ্শন কৰা হৈছে।

নাটখনত অভিনয় কৰা প্ৰশিক্ষাৰ্থীসকল হ'ল মনজিৎ ডেকা, জিজ্ঞাসা দেৱী, প্ৰজ্ঞা জেবি কাকতি, ইয়াছমিন, পংখী ভৰদ্বাজ,কৃষ্টি ৰাণী ডেকা, জেসিকাৰাজ, লিপি বৰা, প্ৰিয়ানজ্যোতি দাস, জ্যোতিস্মান কলিতা , সৃষ্টি দাস আদিয়ে।

Also Read: নগাঁও কৃষি বিজ্ঞান কেন্দ্ৰ কৃষি সামগ্ৰী ব্যৱসায়ীৰ প্ৰশিক্ষণ কাৰ্যসূচী

rangiya