/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/c0051e3c-3d36-44e8-80de-586241d17a5a/5.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱা: অসম কৃষি বিশ্ববিদ্যালয়, যোৰহাট আৰু ৰাজ্যিক কৃষি বিভাগৰ যুটীয়া উদ্যোগত, কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ দ্বাৰা আয়োজিত "কৃষি সামগ্ৰী ব্যৱসায়ীৰ ১৫ দিনীয়া প্ৰশিক্ষণ কাৰ্যসূচী"ৰ শুকুৰবাৰে সামৰণি পৰে। শিমলুগুৰিস্থিত কৃষি বিজ্ঞান কেন্দ্ৰৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত প্ৰশিক্ষণ কাৰ্য্যসূচীৰ সামৰণি অনুষ্ঠানৰ আৰম্ভণি কৰি কেন্দ্ৰটিৰ মূৰব্বী ড০ নিৰঞ্জন ডেকাই "মানবীয় প্ৰমূল্য বজাই ৰাখি, সামান্য লাভৰ আশাত যাতে ব্যবসায়ী সকলে ক্ষতিকাৰক বস্তু বিক্ৰী নকৰে, যিয়ে আমাৰ মাটি পানী বায়ু নষ্ট কৰে। তাৰ প্ৰতি সকলো দ্বায়বদ্ধ হব লাগিব। কৃৃষি সামগ্ৰী ব্যবসায়ী সকলৰ সমাজত দায়িত্ব বহুত, কাৰন তেওঁলোকে কৃষকক শুদ্ধ পৰামৰ্শ প্ৰদান কৰি কৃষি ব্যবসায়ী সকলে সাকোঁৰ ভূমিকা পালন কৰিব লাগিব। এই সাকোঁ কৃষক আৰু বিভিন্ন উন্নয়নমূলক এজেন্সীৰ সমন্বয়ক হিচাপে কাম কৰিব লাগিব।" বুলি ভাষন প্ৰদান কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/68e878f2-1cd2-4c3b-bb45-f7fb907ed4bd/2fcf6b91-cb9d-42ec-a17c-fe6f15852e63.jpg)
তেওঁ লগতে "কৃষি সামগ্ৰী ব্যৱসায়ী সকলক এই ১৫ দিনীয়া প্ৰশিক্ষণৰ দ্বাৰা প্ৰয়োজনীয় জ্ঞানেৰে সমৃদ্ধ হৈ উপযুক্ত সময়ত কৃষক সকলৰ বাবে প্ৰয়োজনীয় সামগ্ৰী সমূহ মজুত ৰাখি সহায় কৰাৰ, লগতে কৃষি ব্যৱস্থাপনা, বিভিন্ন কৃষি প্ৰযুক্তিৰ পৰামৰ্শ প্ৰদানৰ জড়িয়তে কৃষক সকলৰ উত্তম কৃষি কাৰ্যত সহায়ক হবলৈ" আহ্বান জনাই। কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ ভূমি বিজ্ঞান বিশেষজ্ঞ দিপেন চন্দ্ৰ নাথে আঁত ধৰা সামৰণি অনুষ্ঠানত অতিথি ৰূপে উপস্থিত থাকি নগাঁও জিলাৰ সহকাৰী আয়ুক্ত বিদ্যাশ্ৰী লাংথাচা, নাবাৰ্ডৰ নগাঁও আৰু হোজাই জিলা উন্নয়ন প্ৰৱন্ধক ৰাজেন্দাৰ ৰাজমাউলি পাৰনা(perna) আৰু নগাঁও জিলা কৃষি বিষয়া ৰঞ্জন প্ৰসাদ ডেকাই "প্ৰশিক্ষণ গ্ৰহণ কৰা কৃষি সামগ্ৰী ব্যৱসায়ী সকলে পৰবৰ্তী সময়ত নিজৰ অঞ্চলৰ কৃষক সকলক প্ৰয়োজনীয় পৰামৰ্শ প্ৰদান কৰি, উপকৃত কৰাৰ বিভিন্ন কাৰ্যপন্থা হাতত লৈ সামাজিক দ্বায়িত্ব পালন কৰিব।" বুলি ভাষণ প্ৰদান কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/2581cace-409e-4f4e-809f-35c8196ffe5d/59c693a5-a8dc-468c-b57c-ad4872f5d1d5.jpg)
নগাঁও আৰু হোজাই জিলাৰ ৪২ গৰাকী কৃষি সামগ্ৰী ব্যৱসায়ীয়ে অংশগ্ৰহণ কৰা এই প্ৰশিক্ষণ কাৰ্যসূচীৰ সামৰণি অনুষ্ঠানত কৃষি অৰ্থনীতি বিভাগৰ বিষয়বস্তু বিশেষজ্ঞা ড০ চিংকি বৰ্মন, উদ্যান শস্য বিশেষজ্ঞা জুলি শৰ্মা, কাৰ্যসূচী সহায়ক, (মীণ) ৰূপক কুমাৰ টায়ে কে আদি কৰি কেইবাগৰাকী ব্যক্তি উপস্থিত থাকে। পশু বিজ্ঞান বিশেষজ্ঞ ড০ অনিমেশ ডেকাই শলাগৰ শৰাই আগবঢ়োৱাৰ পূৰ্বে প্ৰশিক্ষণ গ্ৰহণ কৰা কৃষি সামগ্ৰী ব্যবসায়ী সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়।
Also Read: ভাল খবৰ: মঙলদৈত নৌকা স্বাস্থ্য সেৱা মুকুলি