/asomiyapratidin/media/media_files/2025/01/30/8gRQ9MP0f9TpuOWqMSe4.jpg)
হিমন্ত বিশ্ব শর্মাই যোৱা ৫বছৰত অসমৰ কোনটো সমস্যা সমাধান কৰিলে উত্তৰ দিয়ক
ডিজিটেল সংবাদ, গুৱাহাটী : অহা ৫ ফেব্ৰুৱাৰীত হ'ব লগা দিল্লী বিধানসভা নির্বাচনৰ প্ৰচাৰত অংশগ্ৰহণ কৰি আম আদমি পার্টীৰ লগতে দলটোৰ মুৰব্বী অৰবিন্দ কেজৰিৱালক সমালোচনা কৰা অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাক উভতি ধৰিছে আপ, অসম ৰাজ্যিক সমিতিয়ে। এক বিবৃতিযোগে আপৰ ৰাষ্ট্ৰীয় যুটীয়া সম্পাদক ডাঃ ভবেন চৌধুৰীয়ে আপৰ শাসনকালত দিল্লীৰ বিকাশ দেখা নোপোৱা হিমন্ত বিশ্ব শর্মাক দিল্লীত গৈ ৰাজধানীখনৰ বিশ্বমানৰ চৰকাৰী স্কুল, চিকিৎসালয়, বিনামুলীয়া বাছ, বিজুলী, খোবা পানীৰ সুবিধাবোৰ প্ৰত্যক্ষ কৰি আহিবলৈ আহ্বান জনায়।
লগতে অসমৰ চৰকাৰী চিকিৎসালয়ত জনসাধাৰণে বিনা চিকিৎসাই মৃত্যুবৰণ কৰিবলগীয়া হৈছে আৰু আজিকালি চৰকাৰী চিকিৎসালয়ত ৰোগী ধষর্ণ হ'ব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে বুলি উল্লেখ কৰে। দিল্লীত প্রদূষণৰ কথা কোৱা হিমন্ত বিশ্ব শর্মাই তেখেতৰে নেতৃত্বতে অসমখন কেন্দ্রীয় প্রদূষণ নিয়ন্ত্রণ পৰিষদৰ এক সূচাকংত দেশৰ ভিতৰতে গুৱাহাটীৰ জলবায়ু বিষময় তথা গুৱাহাটী অতি প্ৰদূষিত চহৰ হিচাপে পৰিগণিত হৈছে বুলি উল্লেখ কৰে।
তাৰোপৰি দিল্লীৰ পথবোৰ যাতায়তৰ বাবে বিপদজনক বুলি কোৱা হিমন্ত বিশ্ব শৰ্মাই এজাক বৰষুণতে কৃত্রিম বানপানীৰ সৃষ্টি হোৱা গুৱাহাটীৰ মহানগৰীৰ সমস্যাটো সমাধান কৰিবলৈ আহ্বান জনায়। লগতে বিগত দহ বছৰত ঋণ লৈ চৰকাৰ চলোৱা বিজেপি চৰকাৰে অসমৰ বানপানী, নিবনুৱা সমস্যা, সীমা সমস্যা, অত্যাধিক মূল্যবৃদ্ধি আদি কোনটো সমস্যা সমাধান কৰিলে বুলি ডাঃ ভবেন চৌধুৰীয়ে প্রশ্ন কৰে।
লগতে আম আদমি পার্টীয়ে অসমত এতিয়া উন্নয়নৰ পৰিৱর্তে দালাল আৰু ছিণ্ডিকেটৰ চৰকাৰ চলি আছে বুলি অভিযোগ কৰে।