/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/2432f7c3-98d1-45f9-92fc-810216ff03c8/gahori.jpg)
পশু খাদ্য
ডিজিটেল সংবাদ, ঢকুৱাখনাঃ শ্যামা প্ৰসাদ মুখাৰ্জী ৰুৰৱান মিছনৰ নামত ঢকুৱাখনা মহকুমাত একাংশ ধুৰন্ধৰ ঠিকাদাৰে সংঘটিত কৰা ভয়ংকৰ দুৰ্নীতি কেলেংকাৰীৰ অন্য এক ঘৃণনীয় অধ্যায় "অসমীয়া প্ৰতিদিন ডিজিটেলৰ" অনুসন্ধান কালত পোহৰলৈ আহিছে । এই আঁচনিৰ আধাৰত গঞা দৰিদ্ৰ হিতাধিকাৰীক গাহৰি পোৱালি বিতৰণৰ সমান্তৰালভাৱে ভয়ংকৰ "আফ্ৰিকান ছোৱাইন ফেভাৰ"ৰ বীজাণু বিয়পাই দিয়া ধুৰন্ধৰ ঠিকাদাৰৰ অবিবেচকী কাণ্ডৰ কু-প্ৰভাৱে চানি ধৰাৰ মাজতে পোহৰলৈ আহিছে অন্য এক ভয়াবহ কেলেংকাৰী ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/ce6e953d-575a-4907-af56-395ae11bca12/1ae5846d_24f2_494e_abd6_8dbd93f01f48.jpg)
এইবাৰ গাহৰি পোৱালি যোগানকাৰী ঠিকাদাজনৰ এই "ছোৱাইন ফেভাৰ"ৰ বীজাণু বিতৰণৰ সমান্তৰালভাৱে বিতৰণ প্ৰক্ৰিয়াত সংযুক্ত হৈছে ভয়াৱহ পশু খাদ্য কেলেংকাৰী। অতি নিম্ন মানদণ্ডৰ, খাদ্যৰ অনুপযোগী , দুৰ্গন্ধযুক্ত পশু খাদ্য বিতৰণৰে আঁচনিৰ ধন উদৰস্থ কৰাৰ ফন্দি পাতিছে গুৱাহাটীৰ "লেইচাৰ লেন" নামৰ এটা ঠিকাদাৰী প্ৰতিষ্ঠানে ।
প্ৰাপ্ত তথ্য মতে এই পশু খাদ্য যোগানকাৰী প্ৰতিষ্ঠানটোৱে হিতাধিকাৰীসকলক তিনিটা গাহৰিৰ বিপৰিতে প্ৰায় ৪.৫ কিলোগ্ৰাম কৈ উন্নত পশু খাদ্য যোগান ধৰিব লাগে । বিধিগতভাৱে উৎকৃষ্ট পুষ্টিকৰ খাদ্য যোগান ধৰিবলগীয়া সেই পুষ্টিকৰ পশু খাদ্যৰ নামত বাস্তৱিকতে পাউদাৰ সদৃশ অখাদ্যহে যোগান ধৰি ভয়ংকৰ বিত্তীয় কেলেংকাৰীৰ সূত্ৰপাত ঘটাইছে এইজন দাম্ভিক ঠিকাদাৰী গোষ্ঠীয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/e638dc28-a082-428c-a81d-d3dca8e7811e/49b40e34_8dd1_4c65_ba7e_b3713609375e.jpg)
হিতাধিকাৰীসকলে অভিযোগ কৰা মতে, অতি নিম্ন মানৰ পচা চাউলৰ গুড়ি সদৃশ এই পশু দানা খোৱাৰ অনুপযোগী হোৱাৰ বাবে ঘৰতে পেলাই ৰাখিছে পশু-পালকসকলে । প্ৰতি গৰাকী হিতাধিকাৰীক ৪.৫ কুইণ্টলকৈ যোগান ধৰা এনেবোৰ অখাদ্য আৰু উৎকট দুৰ্গন্ধযুক্ত গাহৰিৰ দানাই হিতাধিকাৰীসকলৰ পাৰিপাৰ্শ্বিক পৰিবেশ প্ৰদূষিত কৰি তোলা বুলি অনুসন্ধান কালত জানিব পৰা যায়।
সংগৃহীত তথ্য মতে গুৱাহাটীৰ বেহাৰবাৰীৰ "লেইচাৰ লেন" নামৰ এটা প্ৰতিষ্ঠানে যোগান ধৰিছে এই খাদ্যৰ নামত অখাদ্য পশু খাদ্য। দৰিদ্ৰ হিতাধিকাৰীসকলে বিতৰকৰ পৰা সংগ্ৰহ কৰা এই খাদ্য নিয়াৰ পাছত সৃষ্টি হোৱা দুৰ্গন্ধত সন্দিহান হৈ ঢকুৱাখনা ৰাজ্যিক পশু চিকিৎসালয়ৰ চিকিৎসক ডাঃ ৰূপম গগৈ আৰু প্ৰশাসনক অৱগত কৰে। প্ৰশাসনে ইতিপূৰ্বে গঠন কৰি দিয়া "কোৱালিটি কনট্ৰল" গোটৰ অন্যতম সদস্য ডাঃ গগৈৰ নেতৃত্বৰ এটা চিকিৎসকৰ দলে ক্ষিপ্ৰতাৰে এনেবোৰ হিতাধিকাৰীৰ ঘৰত উপস্থিত হৈ বিতৰণ কৰা পশু খাদ্যৰ নমুনা সংগ্ৰহ কৰে আৰু ক্ষেত্ৰ ভিত্তিক পৰিদর্শন কৰি স্তম্ভিত হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/0eec26bb-9180-460a-830d-b64bcec43fee/84969a7e_84c5_4675_ab0c_276be63d54f3.jpg)
যিসমূহ পশু খাদ্য যোগান ধৰা হৈছে সেয়া খাদ্যৰ অনুপযোগী আৰু পশু স্বাস্থ্য হানিকাৰক বুলি পতিয়ন গৈ লখিমপুৰ জিলা পশু পালন আৰু পশু চিকিৎসা বিষয়াক পত্ৰ নং- DVD/Rurb/2022-2023 /40যোগে অৱগত কৰি এনে নিম্ন মানৰ ৫ টা নমুনাসহ প্ৰেৰণ কৰি স্পৰ্শকাতৰ বিষয়টো ঢকুৱাখনা মহকুমাধিপতিৰ দৃষ্টিগোচৰ কৰে।
ইপিনে পশু খাদ্যৰ নামত অখাদ্য যোগান ধৰাটো বিভাগীয়ভাৱে প্ৰমাণিত কৰি দিয়াত তীব্ৰ প্ৰতিক্ৰিয়াৰ সূত্ৰপাত ঘটিছে হিতাধিকাৰীসকলৰ মাজত। একাংশ হিতাধিকাৰীয়ে এই খাদ্যৰ অনুপযোগী পশু খাদ্য উভতাই নিয়াৰ বাবে যোগানকাৰীক সকীয়াই দি নিৰ্বোধ পশু হোৱাৰ বাবেই অখাদ্য ভক্ষণ কৰাৰ যি জঘন্য কাৰচাজি কৰিছিল তাৰ বিৰুদ্ধে আইনগত শাস্তি বিহাৰো দাবী জনাইছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/6f36d89c-3725-414b-8de8-f8b8c28cdcd4/01673516_ab6a_45f5_b87f_f1f429da745d.jpg)
বিভাগীয়ভাৱে লাভ কৰা খবৰ মৰ্মে এনেবোৰ নিম্ন মানৰ পশু খাদ্য খাদ্যৰ অনুপযোগী বুলি চিহ্নিত হোৱাৰ পাছত তৎকালে এনেবোৰ বিতৰণ কৰা উৎকট দুৰ্গন্ধ যুক্ত পশু খাদ্য উভতাই আনিবলৈ নিৰ্দেশ দিয়া হৈছে লুণ্ঠনকাৰী বিতৰক প্ৰতিষ্ঠানটোক । অন্যহাতে গ্ৰামাঞ্চলৰ দৰিদ্ৰ পৰিয়ালক "ৰুৰৱান" আঁচনিৰে উপকৃত কৰাৰ নামত, ৰোগীয়া গাহৰি আৰু খোৱাৰ অনুপযোগী পশু খাদ্য যোগানেৰে সংঘটিত কৰা ভয়াবহ দুৰ্নীতি অনিয়ম আৰু বিত্তীয় কেলেংকাৰীৰ উচ্চ পৰ্যায়ৰ তদন্ত দাবী কৰিছে দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমৰ কেন্দ্ৰীয় সমিতিয়ে।
সমিতিৰ নেতা গৌৰৱ জ্যোতি বৰুৱাই এই দুখীয়া গঞাক চূড়ান্ত প্ৰতাৰণা কৰি চৰকাৰী আঁচনিৰ পুঁজি অপচয় কৰাৰ দৰে নিকৃষ্ট কাৰ্যত লিপ্ত হোৱা অৰ্থলোভী ঠিকাদাৰসকলৰ ওপৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্রী ৰঞ্জিত দাস আৰু উপায়ুক্ত শোণিত সত্বাৱনৰ জৰুৰী হস্তক্ষেপ দাবী কৰিছে ।
আৰু পঢ়কঃ অপৰাধ সংঘটিত কৰাৰ ৮ মাহৰ ভিতৰতে শাস্তিমূলক ৰায়দান...