পুনৰ জে এন ইউত দুই ছাত্ৰ গোটৰ মাজত সংঘাত...

পুনৰ জে এন ইউত দুই ছাত্ৰ গোটৰ মাজত সংঘাত
পুনৰ জে এন ইউত দুই ছাত্ৰ গোটৰ মাজত সংঘাত

ডিজিটেল ডেস্কঃ আকৌ বিতৰ্কত জে এন ইউ। জে এন ইউৰ দুই গোটৰ মাজত হোৱা সংঘৰ্ষৰ বাবে আকৌ চৰ্চালৈ আহিছে বিশ্ববিদ্যালয়খন।

তথ্য অনুসৰি বিশ্ববিদ্যালয়খনৰ তাপ্তি হোষ্টেলত বাস কৰা এজন ছাত্ৰৰ আন এটা হোষ্টেলৰ আবাসীৰ সৈতে বিবাদ হয়। ইয়াৰ পিছতে হোষ্টেলৰ বাহিৰৰ লোকো এই সংঘাতত লিপ্ত হৈ পৰে।

ঘটনা সন্দৰ্ভত আৰক্ষী অৱগত হোৱাৰ পিছতে ঘটনাস্থলীত উপস্থিত হয়। অৱশ্যে আনুষ্ঠানিক ভাৱে কোনো পক্ষই এই পৰ্যন্ত আৰক্ষীৰ ওচৰত ঘটনা সন্দৰ্ভত অভিযোগ দাখিল কৰা নাই।

এই সন্দৰ্ভত দিল্লী আৰক্ষীৰ উপ-আৰক্ষী আয়ুক্তগৰাকীয়ে কয় যে, সন্ধিয়া ৫ বজাত জে এন ইউৰ নৰ্মদা হোষ্টেলৰ কাষত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত কাজিয়া হোৱাৰ এক তথ্য লাভ কৰা হৈছিল। ইয়াৰ পিছতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হয়। এই পৰ্যন্ত এই সংঘাতৰ সন্দৰ্ভত কোনো অভিযোগ আৰক্ষীয়ে লাভ কৰা নাই। অভিযোগ দাখিল কৰিলেই এই সন্দৰ্ভত আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব।

উল্লেখ্য যে, ২০২০ চনৰ জানুৱাৰীত মুখাপিন্ধা দুৰ্বৃত্তই জে এন ইউত ছাত্ৰ-ছাত্ৰীক আক্ৰমণ কৰিছিল। জে এন ইউৰ ছাত্ৰ সন্থাৰ সভাপতি আইশে ঘোষ এই আক্ৰমণত গুৰুতৰভাৱে আহত হৈছিল। আনহাতে আন কেইবাজনো ছাত্ৰ-ছাত্ৰীও এই আক্ৰমণত আহত হৈছিল।

দুৰ্বৃত্তই কেৱল ছাত্ৰ-ছাত্ৰীয়ে নহয় শিক্ষকসকলকো আক্ৰমণ কৰিছিল। ২০২০ চনত জে এন ইউত সংঘটিত এই হিংসাত্মক ঘটনাৰ ক্ষেত্ৰত দিল্লী আৰক্ষীকো অভিযুক্ত কৰা হৈছিল।

ছাত্ৰ-ছাত্ৰীসকলে তেতিয়া অভিযোগ কৰিছিল যে ঘটনা সন্দৰ্ভত আৰক্ষীক অৱগত কৰাৰ পিছতো আৰক্ষী কেইবা ঘণ্টাধৰি বিশ্ববিদ্যালয় চৌহদত উপস্থিত হোৱা নাছিল। কেৱল এয়াই নহয়, আহতসকলক লৈ যাবলৈ অহা এম্বুলেন্সখনক ভিতৰলৈ যাবলৈ দিয়া হোৱা নাছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in