আপুনি জানেনেঃ ভাৰতৰ কোনখন ৰাজ্যৰ নাই নিজা ৰাজধানী...

আপুনি জানেনেঃ ভাৰতৰ কোনখন ৰাজ্যৰ নাই নিজা ৰাজধানী...

author-image
Asomiya Pratidin
New Update
আপুনি জানেনেঃ ভাৰতৰ কোনখন ৰাজ্যৰ নাই নিজা ৰাজধানী...

ডিজিটেল ডেস্কঃ কিছুমান অতি সহজ কথা আমি নাজানো বাবেই বহু পৰিস্থিতিত আমি বিমোৰত পৰিব লগা হয়। তেনেই সাধাৰণ যেন লগা এই কথাবোৰো কেতিয়াবা হৈ পৰে অসাধাৰণ। আপুনি বাৰু জানেনে আমাৰ দেশৰ কোনখন ৰাজ্যৰ ৰাজধানী নাই?

Advertisment

আমাৰ দেশত বৰ্তমান ২৮খন ৰাজ্য আছে। এই ২৮খন ৰাজ্যৰ ভিতৰত ২৭খনৰে আছে ৰাজধানী। কিন্তু ইয়াৰ ভিতৰত এখন ৰাজ্যৰ নাই ৰাজধানী। সেই ৰাজ্যখনৰ নাম হৈছে অন্ধ্ৰপ্ৰদেশ। বৰ্তমান অন্ধ্ৰপ্ৰদেশৰ নাই কোনো ৰাজধানী।

দৰাচলতে ২জুন, ২০২৪ৰ আগলৈকে হায়দৰাবাদ তেলেংগানা আৰু অন্ধ্ৰপ্ৰদেশৰ ৰাজধানী আছিল। কিন্তু ২জুনৰ পাছত হায়দৰাবাদক কেৱল তেলেংগানাৰ ৰাজধানী হিচাপেহে স্বীকৃতি প্ৰদান কৰা হয়। সেয়েহে বৰ্তমান অন্ধ্ৰপ্ৰদেশৰ নাই কোনো ৰাজধানী।

অৱশ্যে ৰাজধানী নিৰ্বাচনক লৈ প্ৰাৰম্ভিক কাম-কাজ চলাই থকা হৈছে। সকলো ঠিকে ঠাকে থাকিলে অচিৰেই অন্ধ্ৰপ্ৰদেশৰ ৰাজধানীৰ নাম হয়তো ঘোষণা কৰা হব। কিন্তু বৰ্তমান অন্ধ্ৰপ্ৰদেশৰ নাই কোনো ৰাজধানী চহৰ।

Also Read: জে পি নড্ডাৰ আসনত কোন বহিব? বিজেপিৰ নতুন সভাপতিৰ নিৰ্বাচন কেতিয়া?

ভাৰত