/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/4e335e21-e99c-4476-9891-78908093172f/9bbcee59-daa1-496a-ae24-d59c9c0227f2.jpg)
ডিজিটেল ডেস্কঃ বিভিন্ন কাৰণত চৰ্চিত অনন্ত আম্বানী আৰু ৰাধিকা মাৰচেন্টৰ বিয়াখন। এক নতুন কাৰণত পুনৰ লাইম লাইটত অনন্ত আম্বানী। বৰযাত্ৰীক মিঠাই খুওৱা বা কাপোৰ উপহাৰ দিয়া তেনেই সাধাৰণ কথা। কিন্তু এইবাৰ বৰযাত্ৰীক ঘড়ী উপহাৰ দি চৰ্চাত আহিছে অনন্ত আম্বানী।যাৰ মূল্য প্ৰায় ২ কোটি টকা ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/d22e3a95-fba4-4b7a-84dd-8bea5eff11e5/20a7e1b7-1801-4344-8582-0d5eb81b4a02_1720891315933_1720891319371.webp)
জানিব পৰা মতে,নিজৰ ঘনিষ্ঠ বন্ধুসকলক এই কোটি টকাৰ বিলাসী ঘড়ী উপহাৰ স্বৰূপে আগবঢ়াইছে অনন্ত আম্বানীয়ে। এই বিষয়টোৱে ব্যাপক চৰ্চা লাভ কৰিছে এতিয়া সামাজিক মাধ্যমত। এই ঘড়ী দেখা পোৱা গৈছে শ্বাহৰুখ খান,ৰণবীৰ সিঙৰ হাততো।
অনন্ত আম্বানীয়ে শ্বাহৰুখ খান, ৰণবীৰ সিং, শিখৰ পাহাড়িয়া, বীৰ পাহাড়িয়া, মীজান জাফ্ৰিকে ধৰি কেইবাগৰাকীও বিশেষ বন্ধুক এই ঘড়ী উপহাৰস্বৰূপ আগবঢ়াইছে।১৮ কেৰেট ৰ’জ গ’ল্ডৰ ৰয়েল অক পাৰ্পেচুৱেল কেলেণ্ডাৰৰ এই ঘড়ীটোৰ নাম লুমিনেৰী এডিচন।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/f3152f63-5f68-4f47-adad-2ea55e4e8982/images.jpg)
ইয়াত ৰ’জ গ’ল্ডৰ ডায়েল আৰু ক’লা চাব-ডায়েলৰ আছে । ১৮ কেৰেটৰ এই ৰ’জ গোল্ডৰ ৰয়েল অক পাৰ্পেচুৱেল কেলেণ্ডাৰৰ ঘড়ীত এটা কেছ, ব্ৰেচলেট আৰু এটা ৰ’জ গোল্ড টোনযুক্ত ইনাৰ বেজেলৰ আছে।
Also Read: নদুৱাৰ শাখাৰ সহযোগত কৃৰ্তী ছাত্ৰ-ছাত্ৰীৰ অভিনন্দন অনুষ্ঠান সম্পন্ন