/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/f6055ab8-b422-4390-accc-282de2aa1016/7.jpg)
ডিজিটেল সংবাদ,জামুগুৰিহাটঃ জামুগুৰিহাটৰ ধলাইবিলস্থিত সাহিত্য সভা ভৱনত অসম চাহ জনগোষ্ঠী সাহিত্য সভা শোণিতপুৰ জিলা সমিতিৰ সৌজন্যত আৰু নদুৱাৰ শাখাৰ সহযোগত দেওবাৰে কৃৰ্তী ছাত্ৰ-ছাত্ৰীৰ অভিনন্দন কাৰ্যসূচী অনুষ্ঠিত হয়৷ এই অনুষ্ঠানত পুৱা পতাকা উত্তোলনৰ পিছতে স্মৃতি তৰ্পণ,বৃক্ষৰোপন আৰু কবিতা পাঠ অনুষ্ঠিত হয়।
বিয়লি অনুষ্ঠিত অভিনন্দন অনুষ্ঠানত সভাপতিৰ আসন অলংকৃত কৰে অসম চাহ জনগোষ্ঠী সাহিত্য সভাৰ শোণিতপুৰ জিলা সমিতিৰ সভাপতি অনিল চন্দ্ৰ কুৰ্মীয়ে৷ অনুষ্ঠানটিত নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰি অসম চাহ জনগোষ্ঠী সাহিত্য সভাৰ সভাপতি সঞ্জয় কুমাৰ তাঁতীয়ে। ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক দিশৰ ওপৰত তত্ত্ব গধূৰ বক্তব্য প্ৰদান কৰে।
বিশিষ্ট অতিথি হিচাবে অংশগ্ৰহণ কৰে অসম চাহ জনগোষ্ঠী সাহিত্য সভাৰ উপ-সভাপতি ভোলাৰাম ৰাউতিয়া,কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহক ৰাজেন ৰোহী দাসে৷ অসম চাহ জনগোষ্ঠী সাহিত্য সভাৰ শোণিতপুৰ জিলাৰ বিভিন্ন শাখাৰ বিষয়ববীয়া সকলৰ লগতে অঞ্চলটোৰ বহু কেইগৰাকী বিশিষ্ট ব্যক্তিয়ে অনুষ্ঠানটিত অংশগ্ৰহণ কৰি বক্তব্য প্ৰদান কৰে।
অনুষ্ঠানৰ শেষত সদ্যঘোষিত উচ্চ আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা শতাধিক কৃৰ্তী ছাত্ৰ-ছাত্ৰীক একোখনকৈ মানপত্ৰ প্ৰদান কৰি ফুলাম গামোচাৰে উষ্ম অভিনন্দন জ্ঞাপন কৰে।
Also Read: জেলত কিমান কমিল কেজৰিৱালৰ ওজন? তিহাৰ জেলে সদৰি কৰিলে তথ্য...