নগাঁৱত চালকক আক্ৰমণ কৰি গাড়ী চুৰিৰ অপচেষ্টা...

সক্ৰিয় গাড়ী চুৰি চক্ৰ
গাড়ী চুৰিৰ অপচেষ্টা
গাড়ী চুৰিৰ অপচেষ্টা

ডিজিটেল সংবাদ,নগাঁওঃ ৰাজ্যত সক্ৰিয় হৈ আছে গাড়ী চুৰি চক্ৰ । এইবাৰ নগাঁৱৰ ৰণথলি জলাহত চালকক আক্ৰমণ কৰি গাড়ী চুৰিৰ চেষ্টা চলাই ৰাইজৰ তৎপৰতাত পলায়ন কৰিবলগীয়া হৈছে এটা চোৰৰ দল ।

জানিব পৰা মতে গাড়ী চুৰিৰ এক অসাধু চক্ৰৰ দুই সদস্যই বাইহাটা চাৰিআলিৰ মোজ্জামিল হক নামৰ এজন চালকৰ এ এছ ২৫ ডি চি ৩৭৩৪ নম্বৰৰ ছুইফট ডিজায়াৰ গাড়ীখন গুৱাহাটী খানাপাৰাৰ পৰা নগাঁৱৰ উৰিয়াগাঁৱলৈ বুলি ভাড়ালৈ আনে । কিন্তু নগাঁৱৰ ৰণথলি জলাহগাঁৱত চোৰ চক্ৰৰ দুই সদস্যই চালকজনক ছুৰিকাঘাট কৰি গাড়ীখন লৈ পলায়ন কৰে ।

পিছত চালক গৰাকীয়ে স্থানীয় ৰাইজৰ সহযোগত আৰক্ষীৰ সৈতে যোগাযোগ কৰি পাঠৰি চাৰিআলিত খালী বাহনখন উদ্ধাৰ কৰিবলৈ সক্ষম হয় । ইতিমধ্যে ঘটনা সন্দৰ্ভত নগাঁও আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি পলাতক গাড়ী চোৰ দুটাৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে ।

আৰু পঢ়কঃ প্ৰাপ্য বিচাৰি ঢকুৱাখনা পৌৰ নিকায় কৰ্মচাৰী সন্থাৰ কৰ্মবিৰতি...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in