উপ নিৰ্বাচন : বিহালীত সাংসদ গৌৰৱ গগৈৰ নিৰ্বাচনী প্ৰচাৰ

উপ নিৰ্বাচন : বিহালীত সাংসদ গৌৰৱ গগৈৰ নিৰ্বাচনী প্ৰচাৰ
Published on
Updated on

ডিজিটেল সংবাদ, বিহালী : বিশ্বনাথৰ বিহালী সমষ্টিৰ মিজিকা, তিনিখুটি আৰু বৰঝাৰণী অঞ্চলত সাংসদ গৌৰৱ গগৈয়ে ৰোড শ্বো চলায় । বিহালী সমষ্টিত অনুষ্ঠিত হ'বলগীয়া উপ নিৰ্বাচনৰ দিন- বাৰ নিশ্চিত হোৱা নাই যাদিও ইতিমধ্যে শাসক বিৰোধী দুয়োটা দলে আৰম্ভ কৰিছে বিহালী সমষ্টিত নিৰ্বাচনী প্ৰচাৰ অভিযান।

সমান্তৰালকৈ শনিবাৰে শতাধিক সমৰ্থক লগত লৈ সাংসদ গৌৰৱ গগৈয়ে পাভৈৰ পৰা আৰম্ভ কৰে ৰোড শ্বো। এই ৰোড শ্বোৰ সময়ত সাংসদগৰাকীয়ে বিভিন্ন স্থান তথা নামঘৰত সেৱা লৈ ৰাইজৰ লগত বাৰ্তালাপ কৰে।

ইফালে সাংসদ গৌৰৱ গগৈয়ে আজিৰ এই কাৰ্যসূচীত অংশগ্ৰহন কৰি কেইবাটাও বিস্ফোৰক মন্তব্য কৰে । বিপ্লৱ শৰ্মাৰ পৰামৰ্শ প্ৰতিবেদন তিনিভাগত ভাগ কৰি টুকুৰা টুকুৰি কৰি পালন কৰিব চৰকাৰে। এটা টুকুৰা তেওঁলোকে পালন কৰিব, এটা টুকুৰা তেওঁলোকে আৰু কেন্দ্ৰীয় চৰকাৰে মিলি ৰূপায়ন কৰিব আৰু এটা টুকুৰা কেন্দ্ৰীয় চৰকাৰে পালন কৰিব বুলি মন্তব্য কৰে।

যিখিনি কাম ৰাজ্য চৰকাৰে পালন কৰিব পাৰে, কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন নালাগে, সেইখিনি কাম ঘোষণা কৰিবলৈ ৰাজ্য চৰকাৰে কিয় চাৰি বছৰ ৰৈ আছিল বুলি প্ৰশ্ন উত্থাপন কৰে সাংসদ গৌৰব গগৈয়ে। এইখিনি কামটো সৰ্বানন্দ সোনোৱালৰ দিনতে কৰিব পাৰিলে হয় বুলি সাংসদগৰাকীয়ে কয়।

কিয় চাৰি বছৰ ৰৈ আছিল তেওঁলোক, ইয়াৰ আগত তেওঁলোকে প্ৰতিবেদনখন অধ্যয়ন কৰা নাই নেকি, পঢ়া নাছিল নেকি প্ৰশ্ন কৰি পুনৰ কয় যে এই সমিতি গঠন কৰিছিল কেন্দ্ৰীয় চৰকাৰে, অমিত শ্বাহে। আমি জানিব বিচাৰিছো যে অমিত শ্বাহে সেই ৰিপ'ৰ্টটো পঢ়িছেনে ? কেন্দ্ৰীয় চৰকাৰে সেই ৰিপৰ্টো গ্ৰহণ কৰিছেনে ?

আমি যিমান দূৰ জানো কেন্দ্ৰীয় চৰকাৰে এই ৰিপৰ্টেই গ্ৰহণে কৰা নাই, পঢ়া নাই বুলি সাংসদগৰাকীয়ে মন্তব্য কৰে। লগতে কয়- যিবোৰ দল সংগঠনে তেওঁলোকক সমৰ্থন কৰিছে, তেওঁলোকে এই বিষয়ে যদি কিবা গম পাইছে তেন্তে ৰাজহুৱা কৰিবলৈ আহবান জনাই সাংসদ গৰাকীয়ে।

উপ নিৰ্বাচন : বিহালীত সাংসদ গৌৰৱ গগৈৰ নিৰ্বাচনী প্ৰচাৰ
জামুগুৰিহাটৰ কুসুমটোলাত দিন ডকাইতিৰ চেষ্টা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in