৫০০০০ ভোটত অমৃতপাল সিঙৰ অগ্ৰগতি

৫০০০০ ভোটত অগ্ৰগতি অমৃতপাল সিঙৰ

author-image
Asomiya Pratidin
New Update
৫০০০০ ভোটত অমৃতপাল সিঙৰ অগ্ৰগতি

ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনত পাঞ্জাৱৰ এখন আসনে সকলোৰে দৃষ্টি কাঢ়িবলৈ সক্ষম হৈছিল। কাৰণ ৰাজ্যখনৰ খাডুৰ চাহাব আসনৰ পৰা পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দিতা আগবঢ়াইছিল খালিস্তানী নেতা অমৃতপাল সিঙে। আজি ভোটগণনা সন্দৰ্ভত নিৰ্বাচনী আয়োগে প্ৰকাশ কৰা তথ্য অনুসৰি প্ৰায় ৫০০০০ ভোটত আগবাঢ়ি আছে খালিস্তানী নেতা গৰাকী।

Advertisment

পঞ্জাৱৰ খাডুৰ চাহাব আসনৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা ‘ৱাৰিছ পঞ্জাব দে’ৰ মুৰব্বী অমৃতপাল সিঙে প্ৰাৰম্ভিক স্তৰত বিপুল ব্যৱধানত অগ্ৰগতি লাভ কৰিছে।

অসমৰ ডিব্ৰুগড় জিলাৰ কাৰাগাৰত বন্দী হৈ থকা অমৃতপাল সিঙে লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাক লৈ প্ৰথমে চাঞ্চল্যৰ সৃষ্টি হৈছিল। কিন্তু পৰৱৰ্তী সময়ত তেওঁৰ অধিবক্তা তথা প্ৰাক্তন সাংসদ ৰাজদেৱ সিঙে অমৃতপাল সিঙে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ কথা আনুষ্ঠানিক ভাবে ঘোষণা কৰে।

তেওঁ কৈছিল যে, 'জেলত থকা বহু লোকে বিগত সময়তো নিৰ্বাচনত অৱতীৰ্ণ হৈছে। তেনেদৰে খাডুৰ চাহাবৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হৈছে অমৃতপালে। তেওঁ কোনো দলৰ নহয়, নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নিৰ্বাচনত অৱতীৰ্ণ হৈছে। সকলো ধৰ্মৰ মানুহে তেওঁক অপৰিসীম সমৰ্থন আগবঢ়াইছে। নিঃসন্দেহে অমৃতপালে নিৰ্বাচনত জয়ী হ’ব।'

Also Read: উত্তৰ প্ৰদেশত পট পৰিৱৰ্তন! বিজেপিক তীব্ৰ প্ৰত্যাহ্বান সমাজবাদী পাৰ্টিৰ...

amritpal singh Punjab's Khadoor Sahib seat loksabha election 2024 loksabha elections 2024