উত্তৰ প্ৰদেশত পট পৰিৱৰ্তন! বিজেপিক তীব্ৰ প্ৰত্যাহ্বান সমাজবাদী পাৰ্টিৰ...

উত্তৰ প্ৰদেশত পট পৰিৱৰ্তন! বিজেপিক তীব্ৰ প্ৰত্যাহ্বান সমাজবাদী পাৰ্টিৰ...

ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশত ইণ্ডিয়া মিত্ৰজোঁটে একপ্ৰকাৰে চমক সৃষ্টি কৰিবলৈ সক্ষম হৈছে। এগজিট পলকে ধৰি বহু ৰাজনৈতিক বিশ্লেষকে ধাৰণা কৰাতকৈ অন্য ফলাফলহে ওলাইছে আজিৰ ভোটগণনাত। একপ্ৰকাৰে ইতিহাস সৃষ্টি কৰি বিজেপিক তীব্ৰ প্ৰত্যাহ্বান জনাই সমাজবাদী পাৰ্টিয়ে অগ্ৰগতি লাভ কৰিছে ৩৪খন আসনত। ইয়াৰ বিপৰীতে ৮খন আসনত কংগ্ৰেছ আৰু ২খন আসনত ৰাষ্ট্ৰীয় লোক দল আগবাঢ়ি আছে।

ইফালে প্ৰতিটো নিৰ্বাচনতে অপ্ৰতিৰোধ্য হোৱা বিজেপিয়ে এতিয়ালৈকে ৩৫খন আসনত আগবাঢ়ি আছে। ইণ্ডিয়া মিত্ৰজোঁটৰ আসন হিচাপ কৰিলে এতিয়ালৈকে উত্তৰ প্ৰদেশত ৪২খন আসনত অগ্ৰগতি লাভ কৰি আছে। ইণ্ডিয়া মিত্ৰজোঁটে এই অগ্ৰগতি লাভ কৰিলেও এতিয়াও বহু কেইটা ৰাউণ্ডৰ ভোটগণনা বাকী আছে, এয়া ভোটদানৰ প্ৰাৰম্ভিক স্তৰহে।

এইখিনিতে উল্লেখ কৰিব লাগিব যে, এতিয়ালৈকে বিহাৰত সমাজবাদী পাৰ্টিয়ে অকলেই ৩২ শতাংশ ভোট আৰু বিজেপিয়ে ৪২ শতাংশ ভোট আৰু কংগ্ৰেছে ১০.৬৩শতাংশ ভোট লাভ কৰিছে।

উত্তৰ প্ৰদেশৰ প্ৰাৰম্ভিক ধাৰাত বহু আসনত পিছ পৰি আছে প্ৰধানমন্ত্ৰী মোডীৰ মন্ত্ৰীসকল। ১৮ হাজাৰৰো অধিক ভোটত পিছ পৰি আছে কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰানী। মুজাফ্ফৰ নগৰৰ আসনত ১১ টাতকৈ অধিক ভোটত পিছ পৰি আছে কেন্দ্ৰীয় মন্ত্ৰী সঞ্জীৱ বাল্যান।

চণ্ডাউলীৰ আসনৰ পৰা আগবাঢ়ি আছে সমাজবাদী পাৰ্টীৰ প্ৰাৰ্থীগৰাকী। মিৰ্জাপুৰ আসনৰ পৰা ১১২৮টা ভোটত পিছ পৰি আছে অনুপ্ৰিয়া পেটেল। লখিমপুৰ খেৰী আসনৰ পৰা ৪৫০০ৰো অধিক ভোটত পিছ পৰি আছে কেন্দ্ৰীয় মন্ত্ৰী অজয় ​​মিশ্ৰ টেনী।

এগজিট প’লত শাসকীয় ভাৰতীয় জনতা পাৰ্টিৰ বিজয়ৰ সম্ভাৱনা দেখা দিয়াত বিৰোধী দল সমাজবাদী পাৰ্টী আৰু কংগ্ৰেছে এগজিট প’ল নাকচ কৰিছিল। এনে পৰিস্থিতিত বিজেপিয়ে ২০১৯ চনৰ ইতিহাস পুনৰাবৃত্তি কৰিব নে সমাজবাদী পাৰ্টী-কংগ্ৰেছৰ মিত্ৰতা জয়ী হ’ব সেয়া চাবলৈ আগ্ৰহী দেশবাসী।

উত্তৰ প্ৰদেশত পট পৰিৱৰ্তন! বিজেপিক তীব্ৰ প্ৰত্যাহ্বান সমাজবাদী পাৰ্টিৰ...
প্ৰথম ৰাউণ্ডত নগাঁও লোকসভা সমষ্টিৰ ৫বিধানসভা সমষ্টিৰ তথ্য...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in