/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/4cdbd61b-dc8f-4823-93d4-d468dfc662cc/amit_shah.jpg)
amit shah
ডিজিটেল ডেস্ক: সংসদৰ চলিত শীতকালীন অধিৱেশনত ভাৰত আৰু চীনা সৈন্যৰ মাজত হোৱা সংঘৰ্ষ সন্দৰ্ভত আলোচনাৰ মাজত শাসকীয় আৰু বিৰোধিৰ মাজত তীব্ৰ বাক্যবান চলে। অৰুণাচল প্ৰদেশৰ টাৱাঙত ভাৰত আৰু চীনৰ সৈনিক সকলৰ মাজত হোৱা সংঘৰ্ষক লৈ সংসদত বিৰোধীয়ে চৰকাৰক বিভিন্ন প্ৰশ্ন কৰিছে। এই বিষয়ত বক্তব্য ৰাখি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কংগ্ৰেছক তীব্ৰ কটাক্ষ কৰি মন্তব্য কৰে।
অমিত শ্বাহে কংগ্ৰেছক লোকসভাত প্ৰশ্নকালত ইচ্ছাকৃতভাৱে ব্যাহত কৰাৰ অভিযোগ উত্থাপন কৰিছিল। তেওঁ কয় যে তালিকাৰ ৫ নম্বৰ প্ৰশ্নটো ৰাজীৱ গান্ধী ফাউণ্ডেচনৰ বিদেশী অৱদান নিয়ন্ত্ৰণ আইন (এফচিআৰএ) অনুজ্ঞাপত্ৰ বাতিল কৰাৰ সন্দৰ্ভত আছিল। যিয়ে কংগ্ৰেছক উদ্বিগ্ন কৰি তুলিছিল।
তেওঁ কয় যে যদি প্ৰশ্নকাল থাকিলহেঁতেন, তেন্তে তেওঁ লোকসভাত ক'লেহেঁতেন যে ৰাজীৱ গান্ধী ফাউণ্ডেচনে ২০০৫-২০০৭ বৰ্ষত চীনা দূতাবাসৰ পৰা ১.৩৫ কোটি টকাৰ অনুদান লাভ কৰিছিল।
শ্বাহে লগতে কয় যে সীমান্তত প্ৰৱেশ কৰা চীনা সৈন্যসকলক তৎক্ষণাৎ আঁতৰাই দিয়াৰ বাবে মই সেনাক প্ৰশংসা কৰো। বিজেপি চৰকাৰৰ দিনত কোনেও এক ইঞ্চি মাটি ল'ব নোৱাৰে।
সেনাৰ এক বিবৃতিত কোৱা হৈছে যে ৯ ডিচেম্বৰৰ সংঘৰ্ষৰ ফলত "দুয়োফালৰ একাংশ সৈনিক সামান্য আঘাতপ্ৰাপ্ত হৈছিল"। তাৰ পাছত দুয়োপক্ষই অঞ্চলটোৰ পৰা সেনা আঁতৰ কৰিছিল।
আৰু পঢ়ক: গাঁও এখনেই, আছে দুখন দেশত