গাঁও এখনেই, আছে দুখন দেশত

এখন অদ্ভূত গাঁও! বিশ্বতে নাই এই ধৰণৰ গাঁও। গাঁও খনত এনে কিছু ঘৰ আছে যিটো ঘৰৰ ৰান্ধনীঘৰ এখন দেশত আৰু শোৱা ঘৰ আন এখন বেলেগ দেশত।
গাঁও এখনেই, আছে দুখন দেশত

মৃদুল কুমাৰ সন্দিকৈ

এখন অদ্ভূত গাঁও! বিশ্বতে নাই এই ধৰণৰ গাঁও। গাঁও খনত এনে কিছু ঘৰ আছে যিটো ঘৰৰ ৰান্ধনীঘৰ এখন দেশত আৰু শোৱা ঘৰ আন এখন বেলেগ দেশত।কল্পনা কৰকচোন একেটা ঘৰেই দুখন পৃথক দেশত!

এই গাঁওখনৰ বাসিন্দা সকলৰো আছে দুখন দেশৰ নাগৰিকত্ব। দুয়োখন দেশতে এই গাঁওখনৰ নাগৰিক সকলে নিৰ্বাচনত ভোটদান কৰিব পাৰে। গাঁওবাসীক এখন দেশৰ পৰা আন এখন দেশলৈ অহা-যোৱা কৰিবলৈ প্ৰয়োজন নহয় কোনো পাৰপাত্ৰ।

সেই গাঁওখনৰ যুৱক সকলে যিকোনো এখন দেশত চাকৰি কৰিব পাৰে। আপুনি হয়তো ভাবিছে কোনোবা ইউৰোপ বা আফ্ৰিকাত সেই গাঁও আছে। আমাৰ চকুৰ সন্মুখতে আছে সেই গাঁওখন। ইতিমধ্যে সেই গাঁওক লৈ এইবোৰ আমোদজনক কথাৰ বাবেই বহু পৰ্যটকৰ আগমন ঘটিছে।

এই গাঁওলৈ যোৰহাটৰ মাত্ৰ ১৬০ কিলোমিটাৰ মান হ'ব। আমাৰ চুবুৰীয়া ৰাজ্য নাগালেণ্ড। নাগালেণ্ডৰ এখন উল্লেখযোগ্য জিলা মন। সেই মন জিলাতেই আছে এই গাঁওখন।

গাঁওখনৰ নাম লংগুৱা। গাঁওখনৰ মাজেৰে বৈ গৈছে ৪ খনকৈ নদী। তাৰে দুখন ভাৰতৰ ভূমিৰে আৰু আন দুখন সীমান্তৱৰ্তী দেশ ম্যানমাৰৰ মাজেৰে বৈ গৈছে। দুখন দেশত অৱস্থিত আৰু দুই দেশৰ পৰা সা-সুবিধা পোৱা এনে গাঁৱৰ উদাহৰণ হয়তো বিশ্বতে বিৰল।

বাহিৰৰ পৰা অহা পৰ্যটক সকলে এই গাঁওলৈ যাবলৈ হ'লে বিমানেৰে যোৰহাটত নামি সোণাৰি বা শিমলুগুৰি হৈ প্ৰথমে মন জিলাৰ সদৰলৈ বাছ বা ব্য়ক্তিগত বাহনেৰে যাব পাৰে। অৱশ্যে এই গাঁওলৈ বা মন জিলাৰ সদৰলৈ যোৰহাটৰ পৰা কোনো পোনপটীয়া বাছ সেৱা নাই।

ৰেলেৰে যাত্ৰা কৰা সকলে সোণাৰিৰ সমীপৱৰ্তী ভুজু ৰেলৱে ষ্টেচনত নামি সোণাৰিলৈ আহি ইয়ালৈ যাব পাৰে। ভুজু ৰেল ষ্টেচনৰ পৰা সোণাৰিলৈ ৭ কিলোমিটাৰ। সোণাৰি আৰু শিমলুগুৰি হৈ দুটা পথেৰে মনলৈ যাব পাৰি।

সোণাৰিৰ পৰা মনলৈ ৬৫ কিলোমিটাৰ আৰু শিমলুগুৰি হৈ মনলৈ ৮৫ কিলোমিটাৰ। মন জিলাৰ সদৰৰ পৰা এই জিলাৰ দুৰত্ব ৪২ কিলোমিটাৰ। এই গাঁওৰ মাজতেই আছে এটা বিশেষ পিলাৰ বা খুঁটা।

পিলাৰ নম্বৰ ১৫৪ বি পি ১৯৭১-৭২ হ'ল ভাৰত ম্যানমাৰৰ আন্তজাৰ্তিক সীমান্তৰ চিহ্ন। এই গাঁও কন্যাক সম্প্ৰদায়ৰ নগা লোকৰ বসতিস্থল। এজন গাঁও প্ৰধানে সকলো নিয়ন্ত্ৰণ কৰে। তেওঁক কোৱা হয় আংগ।

আংগে হ'ল তাৰ চৰকাৰ, বিচাৰপতি আদি সকলো। তেওঁৰ মুখৰ কথায়েই নিয়ম। তেওঁ যি কয় সেই নিয়মেই তাত প্ৰযোজ্য হয়। এই আংগৰ আছে ৬০ গৰাকী পত্নী। তেওঁৰ ঘৰটোৰ এটা ফাল ম্যানমাৰত আৰু আনটো ফাল ভাৰতত অৱস্থিত।

বিশ্বজুৰি এই গাঁওখনে ব্যাপক চৰ্চা লাভ কৰাৰ সম্ভাৱণা আছে। নাগালেণ্ডৰ পৰ্যটনৰ ক্ষেত্ৰলৈ এই গাঁওৱে পৰ্যটকক বিশেষ ভাৱে আকৰ্ষিত কৰিব। গাঁওখনৰ প্ৰাকৃতিক দৃশ্য অতি মনোৰম।

গাঁওখনৰ সমীপতে এটা টিলাত আছে আসাম ৰাইফলচৰ কেম্প। এই গাঁওৰ যুৱক সকলে ম্যানমাৰ সেনাবাহিনীতো কাম কৰি আছে। একেদৰে ভাৰতীয় সেনা আৰু আন চৰকাৰী চাকৰিতো নিয়োগ হৈ আছে লংগুৱাৰ যুৱক।

দুৰ্গম হ'লেও এই গাঁওখনলৈ যাবৰ বাবে অৱশ্যে আছে পথ। বোৰ্ডাৰ ৰড অৰগেনাইজেশ্বনে বাট-পথ নিৰ্মাণ কৰাৰ বাবে ইয়ালৈ যাবৰ বাবে বৰ বিশেষ অসুবিধা নহয়। নাগালেণ্ড চৰকাৰে সীমান্তৱৰ্তী এই গাঁওখন সন্দৰ্ভত প্ৰচাৰ-প্ৰসাৰ কৰিলে সমগ্ৰ বিশ্বৰ পৰাই ইয়ালৈ পৰ্যটকৰ সোঁত বব।

আৰু পঢ়ক: ভাল খবৰ! নীলপৱন বৰুৱাৰ জীৱনৰ আধাৰত নিৰ্মিত “ব্ৰাছ ষ্ট্ৰ’ক“ লৈ শ্ৰেষ্ঠ তথ্য চিত্ৰ বঁটা

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in