/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/2ea8d2bc-89dc-4c11-a66f-4d81920ff616/12.jpg)
ডিজিটেল ডেস্কঃ দেশজুৰি লোকসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান তীব্র গতিত অব্যাহত আছে। বিভিন্ন দলৰ দলীয় নেতাসকলে দলীয় প্রার্থীৰ বাবে নির্বাচনী প্রচাৰ কাৰ্যসূচীত অংশগ্রহণ কৰিছে। অসমৰ তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ বাবে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ সোমবাৰে গুৱাহাটীত উপস্থিত হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/c75163f1-06de-4cd0-b4de-38502e453e22/GMWCCLAa8AAO_Yl.jpg)
অমৃত শ্বাহে গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপি প্রার্থী বিজুলী কলিতা মেধিৰ হৈ নির্বাচনী প্ৰচাৰত অংশ লয়। তেওঁ গুৱাহাটীৰ চাইকেল ফেক্টৰী তিনিআলিৰ পৰা লালগণেশলৈ প্রায় ২ কিলোমিটাৰ দূৰত্ব ৰোড শ্ব'ত অংশগ্ৰহণ কৰি প্ৰচাৰ চলায়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/0d29286a-f2e1-464b-81d7-6e897e25aebe/GMWCpe4aQAAcucd.jpg)
উল্লেখযোগ্য যে গৃহমন্ত্রী অমিত শ্বাহৰ সৈতে ৰাজ্যৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা আৰু গুৱাহাটী লোকসভা সমষ্টিৰ মিত্রজোঁটৰ প্রার্থী বিজুলী কলিতা মেধি, বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাইও ৰোড শ্ব'ত উপস্থিত থাকে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/184cca4b-1bdb-467b-947a-b2fa0ac63077/GMWCpeHbsAAoHYt.jpg)
ৰোড শ্ব'ৰ সময়ছোৱাত পথৰ দুয়োকাষে হাজাৰ হাজাৰ জনসাধাৰণে গৃহমন্ত্রী অমিত শ্বাহক অভিবাদন জনাই। ঠায়ে ঠায়ে বিভিন্ন জনগোষ্ঠীয় নৃত্য, গীতেৰে সমৃদ্ধ সাংস্কৃতিক কাৰ্যসূচীৰে মন্ত্ৰীগৰাকীক আদৰণি জনাই। উল্লেখযোগ্য যে গৃহমন্ত্ৰী অমিত শ্বাহে মঙলবাৰে পুৱা ৯.৩০ বজাত ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰিব।
Also Read: টেঙাখাতত কপহুৱাবাসী ৰাইজৰ উদ্যোগত ৰঙালী বিহু সন্মিলন...