/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/517bdd34-2815-4a23-8957-4c5840efadd7/10.jpg)
ডিজিটেল সংবাদ, টেঙাখাতঃ টেঙাখাত কপহুৱা নৱজীৱন সামূহিক কেন্দ্ৰ আৰু পুথিভঁৰালৰ স্থায়ী প্ৰেক্ষাগৃহ প্ৰাঙ্গনত সমূহ কপহুৱাবাসী ৰাইজৰ উদ্যোগত তথা টেঙাখাতবাসী ৰাইজৰ সহযোগত ২৭ আৰু ২৮এপ্ৰিলত ১৭সংখ্যক কপহুৱা ৰঙালী বিহু সন্মিলন শান্তিপূৰ্ণ সম্পন্ন হৈ যায়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/c596a73f-b12c-4161-bbf8-e43f68a18eb6/a3ccd8fd_c301_4cb5_aa40_002142cf4d50.jpg)
গতানুগতিক কাৰ্যসূচীৰ পিছতে ২টা দিনত বিভিন্ন একক তথা দলীয় প্ৰতিযোগিতা সম্পন্ন হয়। দ্বিপশিখা চেতিয়াক শ্ৰেষ্ঠ বিহুৱতী সন্মান প্ৰদান কৰা হয়। জনপ্ৰিয় ৰং চেনেলৰ "ৰং বসন্ত ২০২৪" শ্ৰেষ্ঠ দলৰ খিতাপ দখল কৰিবলৈ সক্ষম হোৱা "টেঙাখাত দিহিংপৰীয়া জেং বিহু দলক" উদযাপন সমিতিয়ে সম্বৰ্ধনা জ্ঞাপন কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/450016dd-73e3-4a1d-9d22-b8278f2c287a/6b37c84d_c690_43c5_9c4d_bb5c3bdca880.jpg)
প্ৰতিকূল বতৰকো নেওচি অন্তিম নিশা সাংস্কৃতিক সন্ধিয়াত শিল্পী অভিনৱ মৰাণ আৰু সহযোগী শিল্পী নীহাৰিকা চেতিয়াৰ গীতৰ শৰাইত ডেকা-জীয়ৰী-বোৱাৰী সকলো ৰাইজ অংশগ্ৰহণ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/936e4fa7-20f4-4d8c-8c2f-f1598e4e8240/25293797_b597_4a0e_acd3_765be6c962c9.jpg)
মুকলি সভা তথা বঁটা বিতৰণী সভাত ধন দাতা সদস্যৰ লগতে টেঙাখাত আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সুমন শ্বাহা চুতীয়া, উন্নয়ন পৰিষদৰ উপাধ্যক্ষ প্ৰাঞ্জল ৰাজখনিকৰ, অৱসৰপ্ৰাপ্ত বেংক বিষয়া তথা সমাজকৰ্মী মহেন্দ্ৰ সোনোৱালে শুভেচ্ছামূলক ভাষণ প্ৰদান কৰে।
Also Read: অসমীয়া প্ৰতিদিনৰ বাতৰিৰ প্ৰভাৱঃ বান্দেনাৰ খহনীয়াগ্ৰস্ত এলেকা পৰিদৰ্শন জলসম্পদৰ মুখ্য অভিযন্তাৰ