Advertisment

তৃতীয় পৰ্যায়ৰ নিৰ্বাচনঃ মহিলা প্ৰাৰ্থী মাত্ৰ ৯শতাংশ, ৩৫২গৰাকী প্ৰাৰ্থী হৈছে কোটিপতি...

তৃতীয় পৰ্যায়ৰ নিৰ্বাচনঃ মহিলা প্ৰাৰ্থী মাত্ৰ ৯শতাংশ, ৩৫২গৰাকী প্ৰাৰ্থী হৈছে কোটিপতি...

author-image
Asomiya Pratidin
New Update
তৃতীয় পৰ্যায়ৰ নিৰ্বাচনঃ মহিলা প্ৰাৰ্থী মাত্ৰ ৯শতাংশ,  ৩৫২গৰাকী প্ৰাৰ্থী হৈছে কোটিপতি...

ডিজিটেল ডেস্কঃ কাইলৈ দেশত তৃতীয় পৰ্যায়ৰ নিৰ্বাচন। দেশৰ ১৩খন ৰাজ্যত অনুষ্ঠিত হব এই তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ। মুঠ ১৩৫২গৰাকী প্ৰাৰ্থীৰ ভিতৰত মহিলা প্ৰাৰ্থীৰ সংখ্যা হৈছে মাত্ৰ ১২৩গৰাকী অৰ্থাত ৯শতাংশ।

Advertisment

এই ১৩৫২গৰাকী প্ৰাৰ্থীৰ ভিতৰত ৬৩৯গৰাকী প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতা পঞ্চম মান শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ ভিতৰত আৰু ৫৯১গৰাকী প্ৰাৰ্থীৰ শিক্ষাৰ্গত অৰ্হতা স্নাতক অথবা বিভিন্ন ডিগ্ৰীধাৰী।

তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰাৰ্থিত্ব আগবঢ়োৱা ১৩৫২গৰাকী প্ৰাৰ্থীৰ ভিতৰত ৩৯২গৰাকী প্ৰাৰ্থীয়েই হৈছে কোটিপতি।  ২৪৪গৰাকী প্ৰাৰ্থীৰ বিৰুদ্ধে আছে গুৰুতৰ অপৰাধমূলক গোচৰ।

তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত হেভীৱেট প্ৰাৰ্থীসকলৰ ভিতৰত আছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া, মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানৰ লগতে সুপ্ৰিয়া চুলে আৰু কৰ্ণাটক প্ৰাক্তন মুখ্যমন্ত্ৰী বাসাভাৰাজ বমমাই হৈছে অন্যতম।

Also Read: বহিঃৰাজ্যত কৰ্ম সংস্থাপনৰ বাবে গৈ মৃত্যু বটদ্ৰৱাৰ যুৱক...

তৃতীয় পৰ্যায়ৰ নিৰ্বাচন