অসমৰ ২ জনৰ সৈতে মুঠ ৬ বিশেষ প্ৰাৰ্থিৰ ওপৰত দেশবাসীৰ দৃষ্টি নিবদ্ধ...

ৰাজনৈতিক বিশ্লেষৰ মুখত সঘন উচ্চাৰিত সোণোৱাল, গগৈৰ প্ৰসংগ
অসমৰ ২ জনৰ সৈতে মুঠ ৬ বিশেষ প্ৰাৰ্থিৰ ওপৰত দেশবাসীৰ দৃষ্টি নিবদ্ধ...
অসমৰ ২ জনৰ সৈতে মুঠ ৬ বিশেষ প্ৰাৰ্থিৰ ওপৰত দেশবাসীৰ দৃষ্টি নিবদ্ধ...

ডিজিটেল ডেস্কঃ দেশৰ ১০২ টা লোকসভা সমষ্টিৰ ১৬২৫ গৰাকী প্ৰাৰ্থিৰ ভাগ্য নিৰ্ণয় হ'ব আজি। পুৱাৰে পৰা ভোটগ্ৰহণ অব্যাহত থকা আটাইকেইখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত দেখা গৈছে ভোটাৰৰ ব্যাপক উৎসাহ।

তাৰ মাজতে সমগ্ৰ দেশবাসীৰ লগতে বিশেষকৈ ৰাজনৈতিক বিশ্লেষকসকলৰ দৃষ্টি নিবদ্ধ হৈ আছে ৬ গৰাকী বিশেষ প্ৰাৰ্থীৰ ওপৰত। ইয়াৰে দুগৰাকী প্ৰাৰ্থিয়েই অসমৰ। এগৰাকী চুবুৰীয়া অৰুণাচল প্ৰদেশৰ।

বিশেষভাৱে সকলোৰে দৃষ্টি নিবদ্ধ হৈ থকা এই ৬ গৰাকী প্ৰাৰ্থি ক্ৰমে বিজেপিৰ প্ৰাক্তন সভাপতি তথা কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী, বিজেপিৰ সৰ্বোচ্চ নীতি নিৰ্ধাৰণ কমিটীৰ অন্যতম সদস্য তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু, লোকসভাৰ বিৰোধী দলৰ উপ-দলপতি তথা কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈ, মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কমল নাথৰ পুত্ৰ নকুল নাথ আৰু প্ৰাক্তন বিত্তমন্ত্ৰী পি চিদাম্বৰমৰ কন্যা কাৰ্তি চিদাম্বৰম।

কেন্দ্ৰীয় পথ, পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰী বিজেপিৰ আন নেতাতকৈ বহু পৃথক। স্পষ্টবাদীতাৰ বাবে তেওঁ প্ৰায়ে চৰ্চাত থাকে। নিৰ্বাচনৰ আগে আগে দলে টিকট দিয়াৰ সময়ত তেওঁ মুকলিকৈয়ে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰি কোটি টকা খৰচ নকৰে বুলি ঘোষণা কৰিছিল। তেওঁ কৈছিল যিহেতু মই কাম কৰিছোঁ গতিকে মোৰ কাম চাই মোক ভোট দিব। উল্লেখ্য যে নাগপুৰৰ পৰা প্ৰতিদ্বন্দিতা কৰা গাডকাৰীয়ে এইবাৰ জয়ী হ'লে সমষ্টিটোত বিজয়ৰ হেট্ৰিক অৰ্জন কৰিব। তেওঁৰ বিৰুদ্ধে আছে কংগ্ৰেছৰ বিকাশ ঠাকৰে।

সৰ্বানন্দ সোণোৱালৰ বাবে এই নিৰ্বাচন বিশেষ তাৎপৰ্যপূৰ্ণ। ৰাজ্যসভাৰ সাংসদ হিচাপে ২ বছৰ অতিক্ৰম কৰা সোণোৱালৰ কাৰ্যকাল এতিয়াও ৪ বছৰ আছে। তাৰ পাছতো তেওঁ ডিব্ৰুগড়ত প্ৰতিদ্বন্দিতা কৰিছে। এই সমষ্টিত পূৰ্বে সাংসদ আছিল ৰামেশ্বৰ তেলী। তেলী আছিল কেন্দ্ৰীয় পেট্ৰ'লিয়াম দপ্তৰৰ ৰাজ্যমন্ত্ৰী। এইগৰাকী তেলীক আঁতৰাই ডিব্ৰুগড়ত বিজেপিয়ে প্ৰক্ষেপ কৰিছে সোণোৱালক।

সোণোৱালৰ বিৰুদ্ধে আছে আঞ্চলিক ৰাজনৈতিক দল অসম জাতীয় পৰিষদৰ জনপ্ৰিয় নেতা লুৰীণজ্যোতি গগৈ আৰু আপৰ মনোজ ধানোৱাৰ। মন কৰিবলগীয়া যে, পূৰ্বৰ বিধানসভা আৰু লোকসভা নিৰ্বাচনত সোণোৱালে নিজা সমষ্টিৰ উপৰিও আন সমষ্টিত গৈ সতীৰ্থৰ বাবে প্ৰচাৰত লিপ্ত হৈছিল। এইবাৰ তেওঁ সমষ্টি এৰি ক'লৈকো যোৱা নাই। আনকি প্ৰধানমন্ত্ৰীৰ সভালৈও অহা নাই সোণোৱাল। এই ফালৰ পৰা সমষ্টিটোত তেওঁ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে বুলিয়েই বিশ্বাস কৰিছে বহুজনে।

বিজেপিৰ আন এগৰাকী কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৰো ভাগ্য নিৰ্ণয় হ'ব আজি। তেওঁ অৰুণাচল পশ্চিম সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰিছে। অৱশ্যে তেওঁ শক্তিশালী স্থিতিত আছে বুলিয়েই ক'ব পাৰি। অৰুণাচলত আজিৰ দিনটোতে অনুষ্ঠিত হৈছে ৰাজ্যিক বিধানসভাৰো নিৰ্বাচন। এই নিৰ্বাচনত ইতিমধ্যে বিনা প্ৰতিদ্বন্দিতাৰে বিজেপিৰ ১০ জনকৈ প্ৰাৰ্থিয়ে বিজয় সাব্যস্ত কৰিছে। সেইফালৰ পৰা ৰাজ্যখনত বিজেপিৰ বতাহ প্ৰবল। উল্লেখ্য, কিৰেণ ৰিজিজুৱে ইতিমধ্যে দিল্লীত নিজৰ এক শক্তিশালী অৱস্থান কৰিবলৈ সক্ষম হৈছে।

দেশজুৰি চৰ্চাত থকা অসমৰ আন এগৰাকী প্ৰাৰ্থি হৈছে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈ। লোকসভাৰ বিৰোধী দলৰ নেতা তথা কলিয়াবৰ সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে এইবাৰ যোৰহাট লোকসভাৰ পৰা প্ৰতিদ্বন্দিতা কৰিছে। তেওঁৰ বিৰুদ্ধে আছে বিজেপিৰ সাংসদ তপন কুমাৰ গগৈ। কিন্তু নিৰ্বাচনী প্ৰচাৰত তপন কুমাৰ গগৈৰ বিপৰীতে অধিক জপিয়াই পৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ মন্ত্ৰীসভাৰ কেইবাজনো মন্ত্ৰী তথা বিধায়কে। সংসদৰ বলিষ্ঠ কণ্ঠ হিচাপে পৰিচিত গৌৰৱ গগৈক পুনৰ সংসদলৈ নিৰ্বাচিত হৈ যোৱাটো বিচাৰিছে সচেতন ভোটাৰ তথা ৰাজনৈতিক বিশ্লেষকসকলে। অৱশ্যে সাধাৰণ ভোটাৰেহে নিৰ্ধাৰণ কৰিব গৌৰৱৰ ভৱিষ্যত।

মধ্যপ্ৰদেৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা প্ৰাক্তন কেন্দ্ৰীয়মন্ত্ৰী কমল নাথৰ পুত্ৰ নকুল নাথে বিজেপিত যোগদান কৰিব বুলি প্ৰচাৰ চলি থকাৰ মাজতে কংগ্ৰেছে তেওঁক প্ৰদান কৰিলে ছিন্দৱাৰা সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব। বিজেপিৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি অহা এইগৰাকী প্ৰাৰ্থিৰ বিৰুদ্ধে আছে বিবেক ছাহু বাণ্টি। মন কৰিবলগীয়া যে, কমল নাথেও বিজেপি যোগদান কৰিব বুলি প্ৰচাৰ চলাৰ লগতে বিজেপিৰ শীৰ্ষ নেতৃত্বৰে আলোচনাত বহোৰা খবৰ প্ৰকাশ হৈছিল।

প্ৰাক্তন বিত্তমন্ত্ৰী পি চিদাম্বৰৰ কন্যা কাৰ্তি চিদাম্বৰমেও প্ৰতিদ্বন্দিতা কৰিছে শিৱগংগা সমষ্টিৰ পৰা। তেওঁৰ বিৰুদ্ধে আছে এ আই এ ডি এম কেৰ প্ৰাৰ্থি এ জেভিয়াৰদাস আৰু বিজেপিৰ দেবনাখন যাদৱ। এইগৰাকী কংগ্ৰেছ প্ৰাৰ্থিৰ ওপৰতো নিবদ্ধ হৈ আছে ৰাজনৈতিক বিশ্লেষকসকলৰ দৃষ্টি।

অসমৰ ২ জনৰ সৈতে মুঠ ৬ বিশেষ প্ৰাৰ্থিৰ ওপৰত দেশবাসীৰ দৃষ্টি নিবদ্ধ...
হঠাতে অশান্ত! শান্তিৰে ভোটগ্ৰহণ চলি থকা মণিপুৰৰ দুই ভোটকেন্দ্ৰত গুলীচালনাৰ ঘটনা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in