বহিঃৰাজ্যত গ্রেপ্তাৰ বেলতলা কাণ্ডৰ অভিযুক্ত অমিত ভৌমিক...

বহিঃৰাজ্যত গ্রেপ্তাৰ বেলতলা কাণ্ডৰ অভিযুক্ত অমিত ভৌমিক...

author-image
Asomiya Pratidin
New Update
বহিঃৰাজ্যত গ্রেপ্তাৰ বেলতলা কাণ্ডৰ অভিযুক্ত অমিত ভৌমিক...

ডিজিটেল ডেস্কঃ বহিঃৰাজ্যত গ্রেপ্তাৰ কৰে অমিত ভৌমিকক। পশ্চিম বংগৰ বাৰবিছাৰ পৰা দিছপুৰ আৰক্ষীয়ে গ্রেপ্তাৰ কৰে ভৌমিকক। বেলতলাৰ ছাৰ্ভেত এগৰাকী যুৱতীক চোকা অস্ত্ৰৰে আক্রমণ কৰি পলাতক আছিল অমিত ভৌমিক। শনিবাৰে নিশা স্বাস্থ্য পৰীক্ষা কৰোৱাৰ পিছত দিছপুৰ থানাৰ লকআপত ৰখা হৈছে অমিতক। দেওবাৰে আদালতত হাজিৰ কৰোৱা হ’ব অমিত ভৌমিকক।

উল্লেখযোগ্য যে বেলতলাৰ ছাৰ্ভেত এগৰাকী যুৱতীক হানি-খুচি হত্যাৰ চেষ্টা কৰিছিল অমিত ভৌমিকে। বেলতলাৰ আস্থা এপাৰ্টমেণ্টত সংঘটিত হয় এই ঘটনা। অভিযোগ অনুসৰি, প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰাৰ বাবেই যুৱতীগৰাকীক হত্যাৰ চেষ্টা চলাইছিল অমিত ভৌমিকে। যুৱতীগৰাকীৰ ভগ্নীকো ভাবুকি প্ৰদান কৰিছিল অমিত ভৌমিকে।

Also Read: ঘোচখোৰ কাৰ্যবাহী অভিযন্তাৰ কু-কাণ্ড পোহৰলৈ অনাটোৱেই কাল হ’ল নেকি! ঠিকাদাৰ সুনীল গগৈৰ হত্যাকাণ্ডক লৈ তদন্ত অব্যাহত...

beltola attempt to murder