ঘোচখোৰ কাৰ্যবাহী অভিযন্তাৰ কু-কাণ্ড পোহৰলৈ অনাটোৱেই কাল হ’ল নেকি! ঠিকাদাৰ সুনীল গগৈৰ হত্যাকাণ্ডক লৈ তদন্ত অব্যাহত...

ঘোচখোৰ কাৰ্যবাহী অভিযন্তাৰ কু-কাণ্ড পোহৰলৈ অনাটোৱেই কাল হ’ল নেকি! ঠিকাদাৰ সুনীল গগৈৰ হত্যাকাণ্ডক লৈ তদন্ত অব্যাহত...

author-image
Asomiya Pratidin
New Update
ঘোচখোৰ কাৰ্যবাহী অভিযন্তাৰ কু-কাণ্ড পোহৰলৈ অনাটোৱেই কাল হ’ল নেকি! ঠিকাদাৰ সুনীল গগৈৰ হত্যাকাণ্ডক লৈ তদন্ত অব্যাহত...

ডিজিটেল ডেস্কঃ ঢকুৱানাৰ সাপতীয়াত জে জে এমৰ ঠিকাদাৰ সুনীল গগৈৰ লোমহৰ্ষক হত্যাকাণ্ডৰ আঁৰত গভীৰ ৰহস্যৰ গোন্ধ পাইছে সচেতন মহলে। ঘিলামৰা জনস্বাস্থ্য কাৰিকৰী সংমণ্ডলৰ দুৰ্নীতিগ্ৰস্ত কাৰ্যবাহী অভিযন্তা জয়ন্ত কুমাৰ গোস্বামীক হাটে-লুটে ধৰা পেলোৱাত প্ৰত্যক্ষভাৱে জড়িত আছিল এই ঠিকাদাৰগৰাকী। এই সমগ্ৰ তদন্ত প্ৰক্ৰিয়াত সহযোগ কৰি থকা গগৈ দুদিনৰ পূৰ্বে গুৱাহাটীৰ পৰা ঘৰলৈ উভতিছিল। সন্ধিয়াভাগত ঘৰৰ পৰা ওলাই গৈ পুনৰ উভতি নাহিল ঠিকাদাৰগৰাকী।

Advertisment

উল্লেখ কৰা প্ৰয়োজন যে, এইগৰাকী নীতিনিষ্ঠ ঠিকাদাৰৰ অভিযোগৰ ভিত্তিতে কমিচনভোগী কাৰ্যবাহী অভিযন্তা গোস্বামীক দুৰ্নীতি নিবাৰন শাখাই গ্ৰেপ্তাৰ কৰি লাখে লাখে টকা উদ্ধাৰ কৰিছিল গোস্বামীৰ বাসগৃহৰ পৰা। এটা গুৰুত্বপূৰ্ণ বিভাগৰ সংমণ্ডল কাৰ্য্যালয়লৈ ভয়ানক প্ৰত্যাহ্বান হিচাবে থিয় হোৱা এইগৰাকী ঠিকাদাৰ গগৈৰ ৰহস্যজনক মৃত্যুৰ ঘটনাই বিশেষ তাৎপৰ্য বহন কৰিছে।

অতি সাধাৰণ জীৱন যাপন কৰা নিৰ্জু সুনীল গগৈ দুদিনমান পূৰ্বে গুৱাহাটীৰ পৰা ঘৰলৈ আহিছিল। ৰাইজে জনস্বাস্থ্য বিভাগৰ উক্ত ঘটনাৰ বাবেই নিৰ্জু ব্যক্তিজনক পৰিকল্পিত ভাবে হত্যা কৰা বুলি আশঙ্কা কৰিছে গাওবাসীয়ে। এই সমগ্ৰ ঘটনাক লৈ ইতিমধ্যে অঞ্চলটোত চেপা উত্তেজনাই বিৰাজ কৰিছে। ঘটনাস্থলীত উপস্থিত হৈ মন্ত্ৰী ৰণোজ পেগুৱেও দোষীক অচিৰেই কৰায়ত্ত কৰা হব বুলি আশ্বাস প্ৰদান কৰে। ঘটনাৰ সন্দৰ্ভত ঢকুৱাখনা সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া কুলদ্বীপ গগৈ, মহকুমা আৰক্ষী বিষয়া সৌধন্য শুক্লবৈদ্যৰ নেতৃত্বত নিৰন্তৰ তদন্ত অব্যাহত আছে।

Also Read: অসম- ত্ৰিপুৰা সীমান্তত বুজন পৰিমাণৰ কফ চিৰাফ জব্দ

dhakuakhana