প্ৰাক্তন মন্ত্ৰী নগেন নেওগৰ হত্যাকাণ্ডত পুনৰ গ্ৰেপ্তাৰ গোলাঘাটৰ অমৰ সিং ওৰফে অৰূপ

প্ৰাক্তন মন্ত্ৰী নগেন নেওগৰ হত্যাকাণ্ডত পুনৰ গ্ৰেপ্তাৰ গোলাঘাটৰ অমৰ সিং ওৰফে অৰূপ

author-image
Asomiya Pratidin
New Update
প্ৰাক্তন মন্ত্ৰী নগেন নেওগৰ হত্যাকাণ্ডত পুনৰ গ্ৰেপ্তাৰ গোলাঘাটৰ অমৰ সিং ওৰফে অৰূপ

ডিজিটেল ডেস্কঃ প্ৰাক্তন মন্ত্ৰী নগেন নেওগৰ হত্যাকাণ্ডত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ প্ৰাক্তন আলফা নেতা অমৰ সিং ওৰফে অৰূপ কোঁৱৰ। শুকুৰবাৰে নিশা গোলাঘাটৰ পুলিবৰ বগৰীজেঙৰ নিজ বাসগৃহৰ পৰা ৪ জনীয়া কেন্দ্ৰীয় অনুসন্ধানকাৰী দলটোৱে গ্ৰেপ্তাৰ কৰে সিঙক। উল্লেখ্য যে, ১৯৯৬ চনৰ ৬ মে'ত গোলাঘাটৰ শিঙিজানত সংঘটিত হৈছিল প্ৰাক্তন মন্ত্ৰী তথা বৰ্তমানৰ বিত্ত মন্ত্ৰী অজন্ত নেওগৰ স্বামী নগেন নেওগৰ হত্যাকাণ্ড।

Advertisment

এই হত্যাকাণ্ডৰ অন্যতম অভিযুক্ত আছিল অমৰ সিং। নিম্ন আদালতে তেওঁক সশ্ৰম কাৰাদণ্ড বিহিছিল। কিন্তু এই ৰায়ৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ত জনোৱা পুনৰ বিচাৰৰ আবেদনৰ ভিত্তিত ন্যায়ালয়ে ২০১৩ বৰ্ষত তেওঁক মুক্তি দিয়ে।

উল্লেখ কৰা প্ৰয়োজন যে,ইয়াৰ বিপৰীতে প্ৰয়াত নেওগৰ পৰিয়ালে উচ্চতম ন্যায়ালয়ত তৰা এক গোচৰৰ ভিত্তিত শেহতীয়াকৈ দিয়া এক ৰায়ত কাৰাগাৰৰ পৰা ওলাই যোৱা অমৰ সিঙক উচ্চতম ন্যায়ালয়ত শুনানিৰ বাবে হাজিৰ হবলৈ অমৰ সিঙক নিৰ্দেশ দিয়ে। এই উপস্থিতি নিশ্চিত কৰিবলৈ তদন্তকাৰী সংস্থা চিবিআইকো জনোৱা হয়।

সেই মৰ্মে প্ৰায় ১২ দিন পূৰ্বে অমৰ সিঙক উচ্চতম ন্যায়ালয়ত হাজিৰ হবলৈ কোৱা হৈছিল যদিও তেওঁ উপস্থিত নোহোৱাত কালি চিবিআইৰ কলকাতাৰ মুখ্য কাৰ্যালয়ৰ পৰা অহা এটা দলে গোলাঘাট আৰক্ষীৰ সহযোগত নিজ বাসভৱনৰ পৰা তেওঁক আটক কৰি নিয়ে। প্ৰথমে স্বাস্থ্য পৰীক্ষা কৰোৱাৰ অন্তত গুৱাহাটীলৈ লৈ যোৱা অভিযুক্ত গৰাকীক আজি গুৱাহাটী বিশেষ আদালতত হাজিৰ কৰি কলকাতালৈ লৈ যাব বুলি জানিব পৰা গৈছে।

Also Read: ট্ৰেডিং কেলেংকাৰীঃ চিবিআইৰ ৬খনকৈ FIR দাখিল

amar singh nagen neug