/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/5b412595-d639-49fb-868f-6b8a3622e547/wes.jpg)
ডিজিটেল সংবাদ, মৰিয়নিঃ স্মাৰ্ট আৰক্ষীৰ নিলৰ্জ কাণ্ড, কি অসম আৰক্ষী কি পশ্চিম বংগৰ আৰক্ষী সকলোকে লাগে মাথোঁ টকা! এইবাৰ জনতাৰ সুৰক্ষাৰ স্বাৰ্থত নিয়োজিত আৰক্ষীয়ে সাধাৰণ জনতাক হাৰা শাস্তি কৰাৰ অভিযোগ উত্থাপিত হৈছে।
পশ্চিমবংগৰ পৰা গাড়ী ক্ৰয় কৰি অসমলৈ আনিলে পশ্চিম বংগৰ আৰক্ষীক দিব লাগে ৩০০ শ টকাকৈ গুণ্ডাটেক্স।পশ্চিমবংগ আৰক্ষীয়ে ধন দাবী কৰা ভিডিঅ’ বন্দী হৈছে মোবাইল কেমেৰাত।
আনহাতে অসমৰ স্মাৰ্ট আৰক্ষীকো লাগে টকা । জাগীৰোড আৰক্ষীক বহিৰাজ্যৰ পৰা বাহন ক্ৰয় কৰি আনিলে বাহনৰ গৰাকীয়ে দিব লাগে টকা। এই অভিযোগ মৰিয়নিৰ এজন যুৱ ব্যৱসায়ীৰ।এই ঘটনা সংঘটিত হৈছে পশ্চিমবংগৰ পৰা অসমলৈ বাহন ক্ৰয় কৰি যোৰহাটৰ মৰিয়নিলৈ আহি থকা এজন যুৱ ব্যৱসায়ী অভিদিপ শইকীয়াৰ লগত।
সমগ্ৰ দৃশ্য বন্দী মোৱাইলৰ কেমেৰাত।বাহন সমূহৰ সকলো নথি পত্ৰ সঠিকভাবে থকাৰ পাছতো পশ্চিম বংগ তথা অসমৰ একাংশ আৰক্ষীয়ে গুণ্ডা কৰ বিচাৰি হাৰাশাস্তি কৰি আহিছে বাহনৰ গৰাকীক। ঘটনা সন্দৰ্ভত উচিত তদন্ত বিচাৰিছে যুৱকগৰাকীয়ে।
Also Read: কোৰানৰ ওপৰত ভুলকৈ তথ্যচিত্ৰ নিৰ্মাণ হ'লে আজি পৰিস্থিতি ভয়ংকৰ হ'লহেতেনঃ উচ্চ ন্যায়ালয়