Advertisment

কোৰানৰ ওপৰত ভুলকৈ তথ্যচিত্ৰ নিৰ্মাণ হ'লে আজি পৰিস্থিতি ভয়ংকৰ হ'লহেতেনঃ উচ্চ ন্যায়ালয়

কিছুদিন পূৰ্বে মুক্তি লাভ কৰিছিল বলিউডৰ বিতৰ্কিত ছবি 'আদিপুৰুষ'। ছবিখন মুক্তি লাভ কৰাৰ পাছতেই দৰ্শকে অসন্তুষ্টি দৰ্শাইছিল ছবিখনৰ কাহিনী, চিত্ৰ-নাট্য, সংলাপ, অভিনয় আদিৰ ওপৰত।

author-image
Asomiya Pratidin
New Update
কোৰানৰ ওপৰত ভুলকৈ তথ্যচিত্ৰ নিৰ্মাণ হ'লে আজি পৰিস্থিতি ভয়ংকৰ হ'লহেতেনঃ উচ্চ ন্যায়ালয়

ডিজিটেল ডেস্কঃ কিছুদিন পূৰ্বে মুক্তি লাভ কৰিছিল বলিউডৰ বিতৰ্কিত ছবি 'আদিপুৰুষ'। ছবিখন মুক্তি লাভ কৰাৰ পাছতেই দৰ্শকে অসন্তুষ্টি দৰ্শাইছিল ছবিখনৰ কাহিনী, চিত্ৰ-নাট্য, সংলাপ, অভিনয় আদিৰ ওপৰত।

Advertisment

ইয়াৰ মাজতে এই ছবিখনক লৈ মন্তব্য কৰিছে এলাহাবাদ উচ্চ ন্যায়ালয়ে। লক্ষ্ণৌ বিচাৰপীঠে বুধবাৰে আদিপুৰুষৰ নিৰ্মাতাসকলক ভৰ্ৎসনা কৰি কয় যে ইয়াত ৰামায়ণৰ চৰিত্ৰসমূহক "অতি লজ্জাজনক ধৰণে" দেখুওৱা হৈছে।

আদিপুৰুষ ছবিখনত নিষেধাজ্ঞা আৰোপ কৰাৰ সন্দৰ্ভত দাখিল কৰা এক আবেদনত শুনানি গ্ৰহণ কৰি ন্যায়ালয়ে কয় যে, ৰামায়ন, কোৰান বা বাইবেল আদিৰ ওপৰত বিবাদিত এনে ছবি কিয় নিৰ্মাণ কৰা হয় যিয়ে মানুহৰ আধ্যাত্মিক ভাৱনাত আঘাত কৰিব পাৰে।

ৰাজেশ সিং চৌহান আৰু প্ৰকাশ সিঙৰ বিচাৰপীঠে ছবি নিৰ্মাতাসকলক উদ্দেশ্যি কয় যে, "ধৰি লওক কোৰাণৰ ওপৰত এখন চমু তথ্যচিত্ৰ নিৰ্মাণ কৰা হৈছিল। আপুনি কল্পনা কৰিব পাৰিবনে যে ইয়াৰ ফলত আইন-শৃংখলাৰ কি সমস্যা আহিল হ'লহেঁতেন? কিন্তু হিন্দুসকলৰ সহনশীলতাৰ বাবেই চলচ্চিত্ৰ নিৰ্মাতাসকলৰ ভয়ংকৰ ভুলৰ পাছতো পৰিস্থিতয়ে ৰুদ্ৰৰূপ ধাৰণ কৰা নাই।

ন্যায়ালয়ে কয় যে, এখন চলচ্চিত্ৰত ভগৱান শিৱক ত্ৰিশূল লৈ দৌৰি থকা দেখুওৱা হৈছিল। এতিয়া আদিপুৰুষত ৰাম আৰু অন্যান্য চৰিত্ৰসমূহক বিৰূপভাৱে প্ৰদৰ্শন কৰা হৈছে। এই সমূহ বন্ধ হ'ব নালাগে নেকি বুলি প্ৰশ্ন কৰে পীঠে।

শুনানিৰ সময়ত ন্যায়ালয়ে কয় যে, কেনেদৰে অতি পাতলীয়াভাৱে ছবিখন নিৰ্মাণ কৰা হৈছে সেইসকলো শুনি এতিয়া ন্যায়ালয় মনে মনে থাকিব লাগিব নেকি? এনে ধৰণৰ চলচ্চিত্ৰ নিৰ্মাণৰ বাবে নিৰ্দেশনা প্ৰস্তুত কৰাৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰি ন্যায়ালয়ে কয় যে, চলচ্চিত্ৰ নিৰ্মাতাসকলে ধৰ্মীয় অনুভূতিক আঘাত দিব নালাগে।

জনহিতৰ বাবে এই আবেদনৰ শুনানিৰ পাছত আদালতে স্পষ্ট কৰি দিছিল যে "অদিপুৰুষ"ৰ নিৰ্মাতাসকলক জাননী জাৰি কৰিব পাৰে আৰু কেন্দ্ৰীয় চৰকাৰক সুধিব পাৰে যে চিনেমাখন সম্প্ৰচাৰ কৰাৰ বাবে চেঞ্চৰ বোৰ্ডে প্ৰদান কৰা প্ৰমাণপত্ৰ বাতিল কৰাৰ বাবে কিয় ব্যৱস্থা গ্ৰহণ কৰা নাই।

Also Read: আৰক্ষী অধীক্ষক লীনা দলেৰ বিৰুদ্ধে আন এক গুৰুতৰ অভিযোগ

adipurush