নাৰেঙ্গী আঞ্চলিক মহাবিদ্যালয়ত সদৌ অসম টাং চু ডু প্ৰতিযোগিতা...

প্ৰতিযোগিতাত অসমৰ ১৬ খন জিলাৰ পৰা প্ৰায় ৪০০ খেলুৱৈয়ে অংশগ্ৰহণ কৰে

author-image
Asomiya Pratidin
New Update
নাৰেঙ্গী আঞ্চলিক মহাবিদ্যালয়ত সদৌ অসম টাং চু ডু প্ৰতিযোগিতা...

সদৌ অসম টাং চু ডু প্ৰতিযোগিতা

ডিজিটেল ডেস্কঃ নাৰেঙ্গী আঞ্চলিক মহাবিদ্যালয়ত সদৌ অসম টাং চু ডু প্ৰতিযোগিতা। যোৱা ১৯ আৰু ২০ নৱেম্বৰ ২০২২ত নাৰেঙ্গী আঞ্চলিক মহাবিদ্যালয়, গুৱাহাটীত অনুষ্ঠিত হোৱা ১০ম সদৌ অসম টাং চু ডু প্ৰতিযোগিতা ২০২২ত অসমৰ ১৬ খন জিলাৰ পৰা প্ৰায় ৪০০ খেলুৱৈয়ে অংশগ্ৰহণ কৰে।

Advertisment

দুদিনীয়াকৈ অনুষ্ঠিত হোৱা খেলখন উদ্ধোধন কৰে অসম অলিম্পিক সন্থাৰ সহঃ সম্পাদক ভৱজোতি গোস্বামীয়ে। উদ্ধোধন কাৰ্যসূচীত সহযোগ কৰে উপেন চক্ৰৱতী, সম্পাদক, অসম কেৱয়িং আৰু কেনৱং সন্থা, প্ৰাক্তন অধ্যক্ষা ববিতা চৌধুৰী, অসম নেট বল সন্থাৰ সম্পাদক বিজু ৰাম, সৰ্বভাৰতীয় কাৰিকৰী প্ৰশিক্ষক মাষ্টাৰ দেৱজিৎ গগৈ, অসম টাং চু ডু সন্থাৰ সভাপতি শ্ৰী মনোৰঞ্জন বৰগোহাঁইৰ লগতে সন্থাৰ বিষয় ববীয়াৰ সকল উপস্থিত থাকে ।

আয়োজক সমিতিয়ে জানিবলৈ দিয়া অনুসৰি এই খেলখনত বিভিন্ন শাখাত খেলুৱৈ সকলে নিজৰ নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰিবলৈ সক্ষম হয় । খেলখনত শোভাৰ্বদ্ধন কৰে বিশিষ্ট কণ্ঠশিল্পী সংগীতা কাকতিৰ লগতে অসম অলিম্পিক সন্থাৰ উপ সভাপতি ৰাজীৱ প্ৰকাশ বৰুৱাই ।

সামৰণি অনুষ্ঠানত উপস্থিত থাকে অসম অলিম্পিক সন্থাৰ উপ সভাপতি কল্যাণ গগৈৰ লগতে অসম টাং চু ডু সন্থাৰ বিষয় ববীয়া সকল । উক্ত খেলখনত শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰে শিৱসাগৰ, দ্বিতীয় শ্ৰেষ্ঠ গুৱাহাটী আৰু তৃতীয় স্থান দখল কৰে ডিব্ৰুগড় জিলাই ।

বিষয় ববীয়া সকলৰ একাংশ
বিষয় ববীয়া সকলৰ একাংশ

বিভিন্ন শাখাত শ্ৰেষ্ঠ প্ৰতিযোগী সকল হ'ল ক্ৰমে ১১ বছৰ তলৰ ল'ৰাৰ শাখাত অভিলাস কাশ্যপ ,উত্তৰ লক্ষীমপুৰ ,ছোৱালী শাখাত দিয়া সৰকাৰ, গুৱাহাটী , ১৪ বছৰ তলৰ ল'ৰাৰ শাখাত মৌচুম মেধি ,মাজুলী , ১৪ বছৰ তলৰ ছোৱালী শাখাত দৃষ্টি বড়া , চৰাইদেউ, ১৮ বছৰ তলৰ ল'ৰাৰ শাখাত ধৃতিস্মান মেধি, গুৱাহাটী, ১৮ বছৰ তলৰ ছোৱালী শাখাত পিঙ্কী পাটৰ মৰিগাঁও, ১৮ বছৰ ওপৰৰ ল'ৰা শাখাত বিজয় গোৱালা শিৱসাগৰ, ১৮ বছৰ ওপৰৰ ছোৱালী শাখাত ৰুমা কাইতা, গোলাঘাট , নিচুকনি বঁটা লাভ কৰে অনিচা ভৰদ্বাজে । খেলৰ সামৰণি অনুষ্ঠানত অসম টাং চু ডু সন্থাৰ সভাপতিয়ে সকলোকে ধন্যবাদৰ লগতে শলাগৰ শৰাই আগবঢ়ায় ।

আৰু পঢ়কঃ দিন বেয়া! ১ বছৰত ইলন মাস্কে হেৰুৱালে ১০০ বিলিয়ন ডলাৰ...

assam guwahati narengi anchalik college