/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/5876dff2-fc84-4495-a79a-d511aa829e69/obc.jpg)
অৱস্থান ধৰ্মঘট
ডিজিটেল সংবাদ,মঙলদৈঃ সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থা আৰু অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদে সোমবাৰে মঙলদৈ গান্ধী ময়দানত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে। কাৰ্যসূচীত সংগঠন দুটিয়ে যুটীয়াভাৱে অনুসূচিত জাতিৰ ভুৱা জাতিগত প্ৰমাণ পত্ৰ থকা ৰাজ্যিক নেতা পিংকুমনি দাসৰ জাতিগত প্ৰমাণ পত্ৰ বাতিল কৰি পিংকুমনি দাসক শীঘ্ৰে জেল হাজোতলৈ প্ৰেৰণ কৰিব লাগে। লগতে অবৈধ জাতিগত প্ৰমাণ পত্ৰৰ CID তদন্ত কৰাৰ বাবে দাবী জনায়।
সংগঠন দুটিয়ে অবৈধভাৱে কার্যনিবাহ কৰা “অসম অনুসূচিত জাতি পৰিবৰ দুয়োখন কেন্দ্ৰীয় সমিতি ভংগ কৰি নতুন সমিতি গঠনৰ দাবী তোলে লগতে অসমৰ ভূমিহীন ভূমিপুত্র অনুসূচিত জাতিৰ লোকসকলক ভূমি পট্টাৰ প্ৰদান কৰিবলৈ দাবী জনায়।
অন্যথা মিছন ভূমি পুত্র বাতিল কৰিবলৈও দাবী উত্থাপন কৰে। অসম চৰকাৰে দিব বিছৰা এক লাখ নিযুক্তিৰ ভিতৰত সংবিধানিক ব্যৱস্থাৰে অনুসূচিত লোক সকলক সংস্থাপন দিবলৈ চৰকাৰক দাবী জনায় । এই প্ৰতিবাদী কাৰ্যসূচীত অৰ্ধ শতাধিক অনুসুচিত লোকে অংশগ্ৰহণ কৰে।
আৰু পঢ়কঃ গুৱাহাটীত মুকলি হ'ল এয়াৰটেল ৫-জি সেৱা...