ডিজিটেল সংবাদ, নগাঁওঃ সমগ্ৰ ৰাজ্যৰ লগতে নগাঁৱতো পহিলা জানুৱাৰীত ৰাষ্ট্ৰীয় যুৱ বঁটা বিজয়ী সদৌ অসম গ্রাম্য পুথিভঁড়াল সন্থাৰ নগাঁওস্থিত প্রধান কার্যালয় প্রাঙ্গণত ইংৰাজী নৱবৰ্ষ তথা কিতাপৰ বৰ্ষ ২০২৫ ক আনুষ্ঠানিক আদৰণিৰ এক গাম্ভীৰ্য্যপূর্ণ অনুষ্ঠান অনুষ্ঠিত হয়। তদুপলক্ষে পুৱা ১১ বজাৰ পৰা গীতে- মাতে অনুষ্ঠিত অনুষ্ঠানত বন্তি প্রজ্বলন আৰু কেক কাটি কিতাপৰ বৰ্ষ আদৰণি অনুষ্ঠানটি মুকলি কৰে সন্থাৰ সভাপতি প্রতাপ হাজৰিকাই।
ভাষণ প্রসংগত তেখেতে বর্তমান সমাজত গ্রন্থ অধ্যয়নৰ প্ৰতি থকা যুৱ প্ৰজন্মৰ অনীহাৰ কথা উল্লেখ কৰি চলিত ২০২৫ কিতাপৰ বৰ্ষই নৱ প্ৰজন্মৰ মাজত এক আমোল পৰিৱৰ্তন অনিব বুলি দাবী কৰে আৰু স্মাৰ্ট মোবাইলৰ যুগতো পুথিভঁড়ালৰ প্ৰতি ৰাইজৰ সমাদৰ বাঢ়িব বুলি আশা প্রকাশ কৰি এক সাৰুৱা ভাষণ প্রদান কৰে।
সভাৰ উদ্দেশ্য ব্যাখ্যা আৰু আদৰণি ভাষণ প্রদান কৰি সন্থাৰ ভাৰপ্ৰাপ্ত প্রধান সম্পাদক খগেন চন্দ্র নাথে ২০২৫ বর্ষটো কিতাপৰ বৰ্ষ হিচাপে উদযাপন কৰিবলৈ বৰ্তমানৰ মুখ্যমন্ত্রী ড° হিমন্তবিশ্ব শৰ্মাৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰে গ্ৰহণ কৰা সুদূৰ প্ৰসাৰী সিদ্ধান্তৰ প্ৰতি পূৰ্ণ সমর্থন জনাই চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে । লগতে কিতাপৰ বৰ্ষই সম্প্রতি কিতাপৰ সমাদৰ হ্ৰাস পোৱা বুলি নৱপ্ৰজন্মক সমালোচনা কৰা প্ৰেক্ষাপটত কিতাপৰ বর্ষ উদযাপনে বিশেষকৈ নৱ প্রজন্মক বিশ্বমুখী জয়যাত্ৰাত সহায় কৰিব বুলি মত পোষণ কৰে।
১৯৮৫ চনতে গ্রাম্য পুথিভঁড়াল সমূহৰ উন্নয়নৰ হকে প্রতিষ্ঠা লাভ কৰা সদৌ অসম গ্রাম্য পুথিভঁড়াল সন্থাৰ দীৰ্ঘদিনীয়া দাবীসমূহো কিতাপৰ বৰ্ষতে বাস্তৱায়িত হ’ব বুলি আশা প্রকাশ কৰে আৰু কিতাপৰ বৰ্ষতে অসমত এখন পুথিভঁড়াল আইনো প্রনয়ন হ’ব বুলি তেঁও আশাবাদী।
সভাত সন্থাৰ উপ সভাপতি, শিক্ষাবিদ শশীন্দ্ৰ দেৱ মহন্ত, সাংগঠনিক সম্পাদক চাহাবুদ্দিন আহমেদ, কলংপাৰ কাকতৰ মুখ্য সম্পাদক ভৱেন বৰা, অৱসৰপ্ৰাপ্ত শিক্ষক হীৰেন ডেকা, সেউজ কোঁৱৰ স্বপন কুমাৰ চৌধুৰী, নাট্যকাৰ পূণ্যদা বৰা, লেখিকা পুৰৱী চক্ৰৱৰ্তী সুত, সাংবাদিক জয়ন্ত বৰা, শিক্ষাবিদ ফজলুল হক মৰল আদি বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকি কিতাপৰ বৰ্ষক আদৰণি জনায়।
অনুষ্ঠানত শিল্পী ধেনুৰাম নাথ, সন্ধ্যাৰাণী দুৱৰা, ৰেৱতী বৰুৱা, বিশাল কুমাৰ ডেকা, মনচুৰ আহমেদ, হীৰেণ ডেকা, হিমকন্যা বৰা, দিপালী বৰা আদি শিল্পী সকলে গীত আৰু নৃত্য পৰিৱেশন কৰি অনুষ্ঠানটি জীপাল কৰি তুলে। অনুষ্ঠানত সন্থাৰ দ্বাৰা প্ৰচাৰিত কেলেণ্ডাৰ উন্মোচন কৰা হয়। অনুষ্ঠানৰ ব্যতিক্ৰমী কাৰ্যসূচী হিচাপে বিশিষ্ট অতিথি সকলক গ্রন্থ আৰু কেলেণ্ডাৰ উপহাৰেৰে আদৰণি জনোৱাৰ লগতে পুথিভঁড়াল কর্মী কেশৱ হাজৰিকা, উদীয়মান যুৱ সমাজকর্মী পৰমেশ চৌধুৰীক গ্ৰন্থৰে আদৰণি জনোৱা হয়।