সদৌ অসম প্ৰাথমিক শিক্ষক-প্ৰশিক্ষক সন্থাৰ সাধাৰণ অধিবেশন

সদৌ অসম প্ৰাথমিক শিক্ষক-প্ৰশিক্ষক সন্থাৰ ১৮ সংখ্যক সাধাৰণ অধিবেশনখন উত্তৰ লখিমপুৰ নগৰৰ আজাদ

author-image
Asomiya Pratidin
New Update
সদৌ অসম প্ৰাথমিক শিক্ষক-প্ৰশিক্ষক সন্থাৰ সাধাৰণ অধিবেশন

প্ৰাথমিক শিক্ষক-প্ৰশিক্ষক সন্থাৰ সাধাৰণ অধিবেশন

ডিজিটেল সংবাদ,ঢকুৱাখনা: সদৌ অসম প্ৰাথমিক শিক্ষক-প্ৰশিক্ষক সন্থাৰ ১৮ সংখ্যক সাধাৰণ অধিবেশনখন উত্তৰ লখিমপুৰ নগৰৰ আজাদ বুনিয়াদী  প্ৰশিক্ষণ কেন্দ্ৰত অনুষ্ঠিত  কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। সেই উপলক্ষত বৃহস্পতি বাৰে লখিমপুৰ নগৰৰ আজাদ বুনিয়াদী কেন্দ্ৰৰ প্ৰাংগণত এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰা হয়।

Advertisment

আজাদ বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰৰ অধ্যক্ষ চৰণ কুমাৰ দৈমাৰীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা ৰাজহুৱা সভাত উদ্দেশ্য বাখ্যা কৰে বুনিয়াদী প্ৰশিক্ষন কেন্দ্ৰৰ জ্যেষ্ঠ শিক্ষক প্ৰশিক্ষক বিপুল বৰাই। সভাত লখিমপুৰ তেলাহী কমলাবৰীয়া মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ বুবুল শইকীয়া, ডায়েটৰ অধ্যক্ষা দুলামী হেৰেঞ্জ, প্ৰাক্তন অধ্যক্ষ গোবিন চন্দ্ৰ বৰা,বুনিয়াদী প্ৰশিক্ষন কেন্দ্ৰৰ প্ৰাক্তন অধ্যক্ষ কিনাৰাম গগৈ,অৱসৰ প্ৰাপ্ত শিক্ষক প্ৰশিক্ষক ঘন মহন্ত, অৱসৰপ্ৰাপ্ত শিক্ষক চক্ৰ মহন্ত,নিৱনুৱা যুৱ পৰিষদৰ সভাপতি ক্ষীৰোদ চেতিয়া,বি বি একাডেমীৰ অধ্যক্ষ অচ্যুত ফুকন,পশ্চিম তেলাহী পঞ্চায়তৰ সভাপতি ৰাতুল বৰা,সংবাদ কৰ্মী প্ৰশান্ত মোদক  আদি গৰিষ্ঠ সংখ্যক বিশিষ্ট ব্যক্তিয়ে লখিমপুৰত অনুষ্ঠিতব্য সাধাৰণ অধিবেশনখন সফলতাৰে আৰু শৃংখলাবদ্ধতাৰে অনুষ্ঠিত কৰাৰ পোষকতা কৰে ।

অহা ১৭,১৮ আৰু ১৯ মাৰ্চত আজাদ বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰৰ চৌহদত অনুষ্ঠিতব্য সদৌ অসম বুনিয়াদী প্ৰশিক্ষন কেন্দ্ৰৰ শিক্ষক প্ৰশিক্ষক সন্থাৰ সাধাৰণ অধিবেশনখনৰ সফল অনুষ্ঠিতকৰণৰ বাবে  কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰি লখিমপুৰ বিধানসভা সমষ্টিৰ বিধায়ক মানৱ ডেকাক মুখ্য পৃষ্ঠপোষক, ড° বুবুল শইকীয়া, গোবিন বৰা,নবীন দত্ত,কিনাৰাম গগৈ, ডঃ হেমন্ত বৰুৱা,ঘন মহন্ত,দুলাৰী হেৰেঞ্জক  পৃষ্ঠপোষক , চৰণ কুমাৰ দৈমাৰীক সভাপতি, দুৰ্নীতি বিৰোধী যুৱশক্তিৰ প্ৰাক্তন সভাপতি ধৰ্মকান্ত গগৈক কাৰ্যকৰী সভাপতি,লখিমপুৰ পূৰ্বাঞ্চল চিনিয়ৰ চেকেণ্ডাৰীৰ জ্যেষ্ঠ শিক্ষক ৰুহিতেশ্বৰ বৰাক উপ-সভাপতি আৰু অচ্যুত ফুকন, দ্বিজেন শইকীয়াক উপ সভাপতি, জ্যেষ্ঠ শিক্ষক প্ৰশিক্ষক বিপুল বৰাক সাধাৰণ সম্পাদক, চক্ৰ মহন্ত, নিতুল দাস,সংগীতা চাংমাইক সহকাৰী সম্পাদক হিচাপে লৈ ১৮জনীয়া এখনি শক্তিশালী  উদযাপন সমিতি সৰ্বসন্মতভাৱে গঠন কৰা হয় । 

ৰাজহুৱা সভাই অধিবেশনৰ মূল সভালৈ মুখ্যমন্ত্ৰী , শিক্ষা মন্ত্ৰীৰ লগতে প্ৰশিক্ষণ বিভাগৰ সঞ্চালকক আমন্ত্ৰণ জনোৱাৰ প্ৰস্তাৱ গ্ৰহণ কৰে ।  লখিমপুৰত অনুষ্ঠিত হ'ব লগা সাধাৰণ অধিবেশনখন যাতে সাফল্যমণ্ডিত হয় তাৰ বাবে উদযাপন সমিতিয়ে সকলো প্ৰাক্তন প্ৰশিক্ষাৰ্থী , শিক্ষক, শিক্ষানুৰাগী সমাজৰ লগতে সৰ্ব শ্ৰেণী ৰাইজৰ সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰি শুভাকাংক্ষী সমাজক ৭০০২৫০৭৭৮৩ আৰু ৯৮৫৪০২৮৯৬৭  মবাইল নম্বৰত যোগাযোগৰ বিনম্ৰ আহ্বান জনাইছে উদযাপন সমিতিয়ে ।

আৰু পঢ়কঃ দিল্লী বিমান বন্দৰলৈ ফোনঃ স্পাইছ জেটৰ বিমানত ৰখাই থৈছো বোম...

assam dhakuakhana