/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/5491bd1b-e13b-4c8a-9916-f96c6687db0b/koka.jpg)
৯৫ ঊৰ্ধৰ ইন্দ্ৰেশ্বৰ দিহিঙীয়াৰ সাফল্য
ডিজিটেল সংবাদ,বোকাখাতঃ বোকাখাতৰ ৰাজহুৱা খেল পথাৰত বৃহস্পতিবাৰৰ পৰা আৰম্ভ হৈছে ২৮ সংখ্যক সদৌ অসম মাষ্টাৰ্ছ এথলেটিকছ প্রতিযোগিতা । অসম মাষ্টাৰ্ছ এথলেটিক সন্থাৰ উদ্যোগত আৰু বোকাখাত জিলা মাষ্টাৰ্ছ এথলেটিকছ সন্থাৰ সহযোগত আয়োজিত এই প্রতিযোগিতাত ৰাজ্যৰ মুঠ ৩৪ খন জিলাৰ ১৪২৯ জন প্রবীণ ক্রীড়াবিদে অংশ গ্ৰহণ কৰিছে ।
ইয়াৰে ৮১৩ জন পুৰুষ আৰু ৬১৬ গৰাকী মহিলা খেলুৱৈ । এই প্ৰতিযোগিতাৰ অন্যতম আকৰ্ষণ মৰাণৰ ৯৫ ঊৰ্ধৰ ইন্দ্ৰেশ্বৰ দিহিঙীয়াৰ দৰে বৃদ্ধ লোক। ভাৰতৰ হৈয়ো দেশ বিদেশত খেলি অহা ইন্দ্ৰেশ্বৰ দিহিঙীয়াই যোৱা দুটা দিনত তিনিটাকৈ গল্ড বুটলিবলৈ সক্ষম হৈছে।
দিহিঙীয়াই মৰাণ দলৰ হৈ যোগদান কৰিছে। জানিব পৰা মতে মৰাণ দলে বিগত ৯ বছৰত সদৌ অসম মাষ্টাৰ্ছ এথলেটিকছত একেৰাহে চেম্পিয়ন হৈ আহিছে। মৰাণ দলে ৩৬ টা গল্ড পাবলৈ সক্ষম হৈছে।