চিৰাঙত আগছুৰ গোৰ্খা ৰণডংকা

সহস্ৰাধিক লোকৰ উপস্থিতিত বিশাল গণ সমাৱেশ
চিৰাঙত আগছুৰ গোৰ্খা ৰণডংকা
চিৰাঙত আগছুৰ গোৰ্খা ৰণডংকা

ডিজিটেল সংবাদ, চিৰাংঃ বি টি আৰ অঞ্চলত বসবাস কৰা গোৰ্খাসকলক সংৰক্ষিত শ্ৰেণী মৰ্যাদা প্ৰদান আৰু ভূমিৰ অধিকাৰ বিচাৰি চিৰাঙৰ গৰুভাষাত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা চমুকৈ আগছুৰ গোৰ্খা ৰণডংকা। সংগঠনটোৰ আহ্বানত কেইবা সহস্ৰাধিক লোকৰ উপস্থিতিত গোৰ্খা ৰণডংকা নামেৰে বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ।

অসম চৰকাৰৰ কেবিনেটে অসমৰ বিভিন্ন ট্ৰাইবেল বেল্ট আৰু ব্লক এলেকাত বসবাস কৰা গোৰ্খা জনগোষ্ঠীয় লোকসকলক সংৰক্ষিত শ্ৰেণীৰ মৰ্যাদা প্ৰদান কৰিছিল । সেইমৰ্মে পৰৱৰ্তী সময়ত অসম চৰকাৰে অসমৰ বিভিন্ন ট্ৰাইবেল বেল্ট আৰু ব্লক এলেকাত বসবাস কৰা গোৰ্খাসকলক সংৰক্ষিত শ্ৰেণীৰ মৰ্যাদা প্ৰদান কৰিছে কিন্তু বি টি আৰ এলেকাৰ ৪খন জিলাত বি টি আৰ প্ৰশাসনে গোৰ্খাসকলক অসম চৰকাৰে প্ৰদান কৰা সংৰক্ষিত শ্ৰেণীৰ মৰ্যাদাক স্বীকৃতি প্ৰদান কৰা নাই ।

যাৰ কাৰণে বি টি আৰ এলেকাত বসবাস কৰা গোৰ্খাসকলে ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত হৈ আছে বুলি আক্ষেপ প্ৰকাশ কৰে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক নোমল ছেত্ৰীয়ে। একমাত্ৰ ৰাজনৈতিক স্বাৰ্থৰ কথা চিন্তা কৰি বি টি আৰ প্ৰধান প্ৰমোদ বড়োই অন্যায়ভাৱে গোৰ্খাসকলৰ সাংবিধানিক অধিকাৰৰ পৰা বঞ্চিত কৰি ৰাখিছে বুলি অভিযোগ কৰে ।

বি টি আৰ প্ৰশাসনৰ এই সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ জনাই সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ আহ্বানত আৰু চিৰাং জিলা আগছুৰ উদ্যোগত সোমবাৰে বিশাল গণসমাৱেশৰ জৰিয়তে গোৰ্খা ৰণডঙ্কা কাৰ্য্যসূচী ৰূপায়ন কৰা হৈছে বুলি ভাষণ প্ৰসংগত উল্লেখ কৰে। ইয়াৰ পিছতো যদি বি টি আৰ চৰকাৰে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ নকৰে তেনেহ'লে সংগ্ৰামী গোৰ্খা জনতা হাত সাৱতি বহি নাথাকে বুলি হুংকাৰ দিয়ে ।

আজি আগছুৰ গৰুভাষাৰ এই প্ৰতিবাদী কাৰ্যসূচীত আগছুৰ কেন্দ্ৰীয় সভাপতি অৰ্জ্জুন ছেত্ৰীয়ে কয় যে গোৰ্খাসকলক সংৰক্ষিত শ্ৰেণীৰ মৰ্যাদা আৰু ভূমিৰ অধিকাৰ লৈ বি টি আৰ প্ৰধান প্ৰমোদ বড়োই কিয় এনেকুৱা কৰি আছে সেয়া তেওঁ বুজি উঠিব পৰা নাই । অথচ বড়োসকলৰ জাতীয় সংগ্ৰাম, বি এ চি চুক্তি, বি টি চি শান্তি চুক্তি আৰু শেহতীয়াকৈ বি টি আৰ শান্তি চুক্তিৰ সময়তো গোৰ্খা সমাজৰ কি অবদান আছিল সেয়া তেওঁলোকে ভালদৰে জানে । তাৰ পিছতো গোৰ্খাসকলৰ প্ৰাপ্য অধিকাৰ সন্দৰ্ভত কোনো পদক্ষেপ গ্ৰহণ নকৰা বাবে প্ৰমোদ বড়োৰ ভূমিকাক তীব্ৰ সমালোচনা কৰে ।

বি টি চিৰ পাৰিষদ মাধৱ ছেত্ৰীৰ সন্দৰ্ভত কয় যে তেখেত এজন প্ৰাক্তন আগছু নেতা হোৱা সত্বেও নিজৰ জাতিৰ কাৰণে এইক্ষেত্ৰত বিশেষ একো কৰিব পৰা নাই কাৰণ যিয়ে লংকাত যায় সিয়ে ৰাৱণ হয় বুলি কটাক্ষ কৰে । আজি গৰুভাষাৰ আগছুৰ এই প্ৰতিবাদী কাৰ্যসূচীত পাৰিষদ মাধৱ ছেত্ৰীৰ বাসগৃহত কলা পতাকা আৰু ভাবুকি পোষ্টাৰৰ বিষয়টো বিশেষ চৰ্চা লাভ কৰে ।

কিন্তু আগছুৰ কেন্দ্ৰীয় নেতৃত্বই এই ঘটনাৰ আঁৰত আগছু জড়িত নহয় বুলি স্পষ্টীকৰণ দিয়ে । আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীত চিৰাং জিলাৰ উপৰি বি টি আৰ এলেকাৰ কোকৰাঝাৰ, বাক্সা আৰু ওদালগুৰিৰ জিলাৰ পৰা আগছুৰ সমৰ্থক লগতে গোৰ্খা জনগোষ্ঠীৰ বিভিন্ন জাতীয় দল সংগঠনৰ নেতৃত্ববৰ্গ উপস্থিত থাকে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in