Advertisment

ভোগালীৰ আনন্দত মতলীয়া অখিল গগৈ

নিজ গৃহ গাঁৱত ভোগালীৰ আনন্দত মতলীয়া হ'ল বিধায়ক অখিল গগৈ। এক দিঘলীয়া সংগ্ৰামী জীৱনৰ

author-image
Asomiya Pratidin
New Update
বিধায়ক হিচাপে মই একেবাৰে সুখী নহয়, আগৰ দিনবোৰ ভাল আছিলঃ অখিল গগৈ

ভোগালীৰ আনন্দত মতলীয়া অখিল গগৈ

ডিজিটেল সংবাদ, মৰিয়নিঃ নিজ গৃহ গাঁৱত ভোগালীৰ আনন্দত মতলীয়া হ'ল বিধায়ক অখিল গগৈ। এক দিঘলীয়া সংগ্ৰামী জীৱনৰ অন্তত সংসদীয় ৰাজনীতিত প্ৰৱেশ কৰি বিধায়ক হৈছে কৃষক নেতা অখিল গগৈ

Advertisment

কিন্ত ব্যস্ততাৰ মাজতো অখিল গগৈয়ে পাহৰিব পৰা নাই নিজ আপোন গাঁৱৰ ভোগালীৰ আমেজ। সেয়ে নিজা সমষ্টি শিৱসাগৰত ভোগালী বিহু উদযাপন কৰাৰ পিছত মৰিয়নিৰ চেলেং লুসুৰাখনত সোমবাৰে পুৱা উপস্থিত হয় অখিল গগৈ। পুৱাৰে পৰা আপোন গাঁওবাসীৰ সৈতে চাহ জলপানৰ জুতি লৈ গাঁৱবাসীৰ খাখবৰ লোৱাত ব্যস্ত হৈ পৰে বিধায়কগৰাকী।

গাঁৱৰ নামঘৰ প্ৰাংগণত লুখুৰাখন জেউতি শিল্পী সমাজৰ উদ্যোগত আয়োজন কৰা ভোগালী উৎসৱৰ বিভিন্ন খেল ধেমালিটো বিধায়ক অখিল গগৈয়ে অংশগ্ৰহণ কৰে। গাঁৱৰ এজন সাধৰণ লোকৰ দৰে বিধায়কগৰাকীয়ে দৌৰ, চকু বান্ধি হাঁহধৰা,ৰছী টনা,টেকেলী ভঙা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা লগতে গাঁৱৰ পুৰুষ, মহিলা, যুৱক যুৱতী বৃদ্ধলোকসকলকো খেল ধেমালি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ উৎসাহিত কৰে।

অখিল গগৈৰ ৮০ উৰ্ধৰ মাতৃ প্ৰিয়দা গগৈয়েও খৰকৈ খোজ কঢ়া প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। আনহাতে অখিল গগৈক কাষত পাই বিহুৰ বতৰত স্বাভাৱিকতে উৎফুল্লিত হৈ পৰে অখিল গগৈৰ মাতৃ প্ৰিয়দা গগৈৰ লগতে সমূহ গাঁৱবাসী। অখিল গগৈয়ে মৰিয়নী সমষ্টিৰ চেলেংহাটৰ ঐতিহাসিক গাভৰু পৰ্বত অঞ্চলক পৰ্যটন স্থলী ৰূপে গঢ় দিয়া ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰাৰ চিন্তা চৰ্চা কৰা বুলি প্ৰকাশ কৰে।

আৰু পঢ়কঃ বিশ্বকাপৰ পূৰ্বে বিৰাটৰ ৰুদ্ৰ ৰূপ...

assam akhil gogoi bhogali bihu