বিশ্বকাপৰ নামত ইছলাম ধৰ্ম প্ৰচাৰ ! ভাৰত বিৰোধী কাটাৰ...

বিশ্বকাপৰ নামত ইছলাম ধৰ্ম প্ৰচাৰ ! ভাৰত বিৰোধী কাটাৰ...
বিশ্বকাপৰ নামত ইছলাম ধৰ্ম প্ৰচাৰ ! ভাৰত বিৰোধী কাটাৰ...

ডিজিটেল ডেস্কঃ হিন্দু ধৰ্মীয় অনুভূতিত আঘাত হানি ইছলামৰ অপব্যাখ্যাৰে সমাজত বিভেদ সৃষ্টিৰ অহৰহ প্ৰচেষ্টা চলাই অহা বিতৰ্কিত ইছলাম ধৰ্মীয় বক্তা জাকিৰ নায়েকক কাটাৰে ফিফা বিশ্বকাপত ইছলামিক উপদেশ আগবঢ়াবলৈ আমন্ত্ৰণ জনোৱা কাৰ্যই নতুন বিতৰ্কৰ সূচনা কৰিছে। অবৈধ ধন ৰপ্তানি আৰু ধৰ্মীয় বিষবাস্প বিয়পোৱাৰ অভিযোগ উত্থাপিত হোৱাৰ পিছতে গ্ৰেপ্তাৰৰ ভয়ত ভাৰতৰ পৰা পলায়ন কৰা জাকিৰ নায়ক বিশ্বকাপৰ মাজতে কাটাৰত উপস্থিত হৈছেগৈ।

কাটাৰৰ চৰকাৰী স্পৰ্টছ চেনেল আলকাছত জাকিৰ নায়কে ক্ৰীড়া অনুৰাগীসকলক উদ্দেশ্যি ভাষণ আগবঢ়াব। ফুটবল অথবা কোনো ক্ৰীড়াৰ সৈতে দূৰদূৰণিৰ লৈকে কোনো সম্পৰ্ক নথকা জাকিৰ নায়েকক এইদৰে বিশ্বকাপকৰ বাতৰিৰ মাজতে ধৰ্মীয় উপদেশ বিলাবলৈ নিমন্ত্ৰণ কৰা কাৰ্যই স্তম্ভিত কৰিছে ভাৰতকে ধৰি আন বহু ৰাষ্ট্ৰক।

উল্লেখ্য যে প্ৰথমবাৰৰ বাবে ফিফা বিশ্বকাপ প্ৰতিযোগিতা এখন ইছলামিক দেশত অনুষ্ঠিত হৈছে। বিশেষজ্ঞসকলে বিশ্বকাপৰ নামত ইছলামিক দেশসমূহে কাটাৰৰ খেলপথাৰক ব্যৱহাৰ কৰি ধৰ্মীয় প্ৰচাৰ কাৰ্যত মনোনিৱেশ কৰা বুলিও দাবী কৰিছে।

জাকিৰ নায়েকৰ দৰে ভাৰত বিৰোধী এজন ব্যক্তিক বিশ্বকাপৰ নামত ৰাজ আতিথ্য দিয়া কাটাৰৰ ভাৰত বিৰোধী এয়াই প্ৰথম সিদ্ধান্ত নহয়। ইয়াৰ পূৰ্বেও কাটাৰে ভাৰতৰ বিৰুদ্ধে অৱস্থান গ্ৰহণ কৰিছে।

নুপুৰ শৰ্মা বিতৰ্কত কাটাৰে ইছলামিক দেশসমূহক ভাৰতৰ বিৰুদ্ধে অৱস্থান কৰিবলৈ একত্ৰিত কৰাৰ বাবে উদ্যোগ লৈছিল। বিতৰ্কিত চিত্ৰশিল্পী এম এফ হুছেইনক আশ্ৰয় দিছিল কাটাৰে।

কেৱল এয়াই নহয়, মাত্ৰ কেইদিনমান পূৰ্বে ৫৫৮ গৰাকী ফুটবল অনুৰাগীক ধৰ্মান্তৰিত কৰাৰো অভিযোগ উত্থাপিত হৈছিল। উল্লেখ্য যে, ভাৰতৰ গৃহমন্ত্ৰণালয়ে জাকিৰ নায়েকৰ এন জি অ' ইছলামিক ৰিচাৰ্চ ফাউণ্ডেশ্যনক ৫ বছৰৰ বাবে নিষিদ্ধ ঘোষণা কৰিছিল।

যোৱা ১৭ নৱেম্বৰত এই নিষেধাজ্ঞাৰ ম্যাদ সমাপ্ত হোৱাত পুনৰ ৫ বছৰলৈ এই নিষেধাজ্ঞাৰ ম্যাদ বৃদ্ধি কৰা হৈছে। এই সন্দৰ্ভত চৰকাৰ ফালৰ পৰা কোৱা হৈছে যে, ইছলামিক ৰিচাৰ্চ ফাউণ্ডেচন দেশৰ নিৰাপত্তাৰ বাবে ভাবুকি হৈ থকা কাৰ্যকলাপত জড়িত হৈ আছে। ই দেশৰ শান্তি, সাম্প্ৰদায়িক সম্প্ৰীতি আৰু ধৰ্মনিৰপেক্ষতাৰ প্ৰতি ভাবুকি সৃষ্টি কৰিছে।

একে সময়তে, গৃহ মন্ত্ৰালয়ে কৈছে,নায়েকৰ বক্তব্য আপত্তিজনক আৰু ধ্বংসাত্মক।সেইবোৰৰ জৰিয়তে তেওঁ ধৰ্মীয় গোটবোৰৰ মাজত ঘৃণা বৃদ্ধি কৰি আছে। নায়কে ভাৰত আৰু বিদেশৰ এটা নিৰ্দিষ্ট ধৰ্মৰ যুৱক-যুৱতীসকলক সন্ত্ৰাসবাদী কাৰ্যকলাপত যোগদান কৰিবলৈ অনুপ্ৰাণিত কৰি আহিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in