/asomiyapratidin/media/media_files/2025/06/23/1dfgfsdfs-2025-06-23-15-50-44.jpg)
ডিজিটেল সংবাদ,ধেমাজিঃ কৃষক ৰাইজৰ সৈতে ধেমাজিত প্ৰতিবাদ কৰা বিষয়কলৈ ২০১০ চনৰ পৰা ধেমাজি আদালতত চলি থকা গোচৰত দোষ মুক্ত হ'ল কৃষক নেতা অখিল গগৈ। দৰাচলতে ধেমাজি জিলাখনৰ কৃষক সকলৰ বিভিন্ন সমস্যাক লৈ জিলাখনৰ দহ সহস্ৰাধিক ৰাইজৰ সহযোগত বিগত ২০১০ চনৰ ডিচেম্বৰত ধেমাজি জিলা আয়ুক্তৰ কাৰ্য্যালয়ৰ সন্মুখত কৃষক নেতা অখিল গগৈয়ে বিক্ষোভ প্ৰদৰ্শন কৰিছিল ৷
কৃষক সকলৰ সমস্যা সমূহ সমাধানকলৈ বহু সময় ধৰি কৃষক ৰাইজে জিলা উপায়ুক্ত কাৰ্য্যালয় ঘেৰাও কৰি প্ৰতিবাদ কৰা সমান্তৰালভাৱে তদানীন্তন জিলা আয়ুক্ত ড° পি অশোক বাবু তথা জিলা প্ৰশাসনে উপায়ন্তৰ হৈ ৰাইজক চৰ্ত্ত ভংগ দিয়াবলৈ লাঠি চালনা কৰাৰ লগতে কন্দোৱা গ্ৰেছ প্ৰয়োগ কৰিছিল ৷
উল্লেখ্য যে এনে উত্তেজনাৰ মুহূৰ্তত বাতৰি প্ৰেৰণ কৰিবলৈ যোৱা ৰাস্না গগৈ নামৰ এজন ধেমাজিৰ সাংবাদিকেও আৰক্ষীৰ লাঠীৰ কোব খাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছিল ৷ এই ঘটনাৰ পিছত জিলা আৰক্ষী প্ৰশাসনে দহ গৰাকী কৃষকৰ সৈতে কৃষক নেতা অখিল গগৈৰ ওপৰতো গোচৰ ৰুজু কৰিছিল ৷
বিগত ১৫ বছৰে ধেমাজি প্ৰথম শ্ৰেনীৰ ন্যায়িক দণ্ডাধীশ আদালতত চলা উক্ত ঐতিহাসিক গোচৰটো সোমবাৰে অখিল গগৈ সহ দহ গৰাকীকে মহামান্য আদালতে দোষ মুক্ত ঘোষণা কৰে ৷