AJYCP ৰ নৱনিৰ্বাচিত সাধাৰণ সম্পাদক ৰাতুল বৰগোহাঁই আৰু উপ-সভাপতি দেৱজিৎ দাসক সম্বৰ্ধনা...

AJYCP ৰ নৱনিৰ্বাচিত সাধাৰণ সম্পাদক ৰাতুল বৰগোহাঁই আৰু উপ-সভাপতি দেৱজিৎ দাসক সম্বৰ্ধনা...

author-image
Asomiya Pratidin
New Update
AJYCP ৰ নৱনিৰ্বাচিত সাধাৰণ সম্পাদক ৰাতুল বৰগোহাঁই আৰু উপ-সভাপতি  দেৱজিৎ দাসক সম্বৰ্ধনা...

AJYCP ৰ নৱনিৰ্বাচিত সাধাৰণ সম্পাদক ৰাতুল বৰগোহাঁই আৰু উপ-সভাপতি দেৱজিৎ দাসক সম্বৰ্ধনা...

ডিজিটেল সংবাদ ধেমাজিঃ শদিয়া অধিৱেশনত নৱনিৰ্বাচিত অসম জাতীয়াবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক ৰাতুল বৰগোহাঁই আৰু উপ-সভাপতি দেৱজিৎ দাসক উস্ম আদৰণি। শুকুৰবাৰে বিয়লি ১ বজাত ধেমাজি থানা তিনি আলিস্থিত শ্বহীদ উদ্যানৰ ধেমাজি আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্য্যলয়ত দুয়োগৰাকীৰ নেতাক আদৰণি জনায়।

Advertisment

এই আদৰণি অনুষ্ঠানৰ উপলক্ষে অনুষ্ঠিত হোৱাত সভাখনিৰ আতঁধৰে ধেমাজি জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক জয়ন্ত বৰগোহাঁইয়ে ৷ সম্বৰ্ধনাৰ আৰম্ভণিতে ধেমাজি জিলা ছাত্ৰ সন্থাৰ সভাপতি সঞ্জীৱ দাসৰ লগতে জিলাৰ অন্যান্য বিষয়ববীয়াসকলে সম্বৰ্ধনা জনোৱাৰ পিছতেই ধেমাজি আঞ্চলিক ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি ৰাজু স্বাৰ্গীয়াৰী আৰু সাধাৰণ সম্পাদক ৰন্টু গগৈয়ে সম্বৰ্ধনা জনায়৷

ইয়াৰ উপৰিও নৱনিৰ্বাচিত বিষয়ববীয়া দুগৰাকীক ধেমাজি জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত প্ৰতিখন আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি আৰু সাধাৰণ সম্পাদকসকলেও একোখন কৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জনায় ৷ অনুষ্ঠানত সম্বৰ্ধনা গ্ৰহণ কৰি অসম জাতয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নিৰ্বাচিত সাধাৰণ সম্পাদক ৰাতুল বৰগোহাঁয়ে নিজৰ বক্তব্যত কয় যে, অসম জাতয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ যি সংগ্ৰামী ধাৰা প্ৰতিটো খোজতেই মিল আছে।

জাতীয় জীৱনৰ প্ৰতি অহা প্ৰতিটো সমস্যা ছাত্ৰ-ছাত্ৰী শৈক্ষিক ভৱিষ্যত জীৱনৰ প্ৰতি লক্ষ্য ৰাখি সংগ্ৰাম অব্যাহত ৰাখিব লাগিব। অনাগত দিনত সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতয়তাবাদী যুৱ ছাত্ৰ পৰিষদ একেলগ হৈ জাতীয় জীৱনৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ আশ্বাস প্ৰদান কৰে ৷

অনুষ্ঠানত ধেমাজি জিলা ছাত্ৰ সন্থাৰ সভাপতি সঞ্জীৱ দাসেও বক্তব্য ৰাখে। তেওঁ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সৈতে জাতীয় জীৱনৰ প্ৰতি থকা ভাবুকি, প্ৰতিটো সমস্যা একে লগ হৈ প্ৰতিহত কৰাৰ আশ্বাস দিয়ে।

আদৰণি অনুষ্ঠানত সদৌ অসম ছাত্ৰ সন্থাৰ তথ্য সম্পাদক মন্টুৰাজ বৰুৱা, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য ৰবি কছাৰী, জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা দীপক শৰ্মা, ধেমাজি মহকুমা ছাত্ৰ সন্থাৰ সভাপতি অৰবিন্দ গগৈৰ লগতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ধেমাজি জিলা সমিতিৰ সাধাৰণ সম্পাদক হিতেশ বাইলুং ,উপ-সভপতি বিষ্ণু শৰ্মা,সাংস্কৃতিক সম্পাদক ভূপেন দিহিঙীয়া, শিক্ষা সম্পাদক পুলেন দাস, বিত্তীয় সম্পাদক দেৱজিৎ চুতীয়াকে ধৰি জিলা আৰু ধেমাজি সদৰ আঞ্চলিকৰ বহুকেইগৰাকী বিষয়ববীয়া উপস্থিত থাকে৷

একেদৰে ধেমাজি প্ৰেছ ক্লাৱতো বিয়লি ৩ বজাত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নৱনিৰ্বাচিত সাধাৰণ সম্পাদক ৰাতুল বৰগোহাঁইক প্ৰেছ ক্লাৱে সম্বৰ্ধনা জনায়৷ এই উপলক্ষে অনুষ্ঠিত হোৱা সম্বৰ্ধনা সভাত প্ৰেছ ক্লাৱৰ জ্যেষ্ঠ, কনিষ্ঠ বহু কেইগৰাকী সংবাদসেৱীৰ লগতে ধেমাজি জিলা জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু ধেমাজি সদৰ আঞ্চলিক সমিতিৰ বিষয়ববীয়া তথা কৰ্মকতা সকলো উপস্থিত থাকে৷

অনুষ্ঠানৰ অন্তত নৱনিৰ্বাচিত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক গৰাকীয়ে বক্তব্য ৰাখি অসম আৰু অসমবাসীৰ উন্নয়নৰ স্বাৰ্থত জাতীয়তাবাদী চিন্তাধাৰা আৰু সংগ্ৰামী সত্বাৰে সংগঠনটো আগুৱাই লৈ যাব বুলি উল্লেখ কৰে। এই ক্ষেত্ৰত তেওঁ গণতন্ত্ৰৰ চতুৰ্থস্তম্ভ স্বৰূপ সংবাদ মাধ্যমৰ সহযোগিতা অবিহনে ই কেতিয়াও সম্ভৱ নহয় বুলি কয় ৷

ক্লিক কৰি পঢ়কঃ ঐ ৰাম নগাঁৱৰ উপায়ুক্তৰ বিয়া হে...

ajycp dhemaji aasu