দিছপুৰৰ পৃষ্ঠপোষকতাত কয়লাৰ বৃহৎ চিণ্ডিকেট ! অজাপৰ সংবাদ মেলত বিস্ফোৰণ...

দিছপুৰৰ পৃষ্ঠপোষকতাত কয়লাৰ বৃহৎ চিণ্ডিকেট !  অজাপৰ সংবাদ মেলত বিস্ফোৰণ...
দিছপুৰৰ পৃষ্ঠপোষকতাত কয়লাৰ বৃহৎ চিণ্ডিকেট ! অজাপৰ সংবাদ মেলত বিস্ফোৰণ...

ডিজিটেল ডেস্কঃ ৰাজ্যত অব্যাহত থকা কয়লা ছিণ্ডিকেটৰ সন্দৰ্ভত অসম জাতীয় পৰিষদে উত্থাপন কৰিছে কেতবোৰ ভয়ংকৰ অভিযোগ। এক সংবাদমেলৰ জৰিয়তে অসম জাতীয় পৰিষদে অভিযোগ উত্থাপন কৰি কৈছে, দিছপুৰৰ পৃষ্ঠপোষকতাতে ৰাজ্যজুৰি কয়লাৰ অবাধ অবৈধ খনন আৰু সৰবৰাহ চলি আছে।

মাৰ্ঘেৰিটা-লিডোত চালানবিহীনভাৱে দৈনিক সহস্ৰাধিক ট্ৰাকত অবৈধ কয়লাৰ সৰবৰাহৰ কথা উল্লেখ কৰি দলটোৰ দাবী কাৰ্বি আংলঙত ১০ টনৰ চালেনেৰে সৰবৰাহ হৈছে ৫০ টন কয়লা। এখন চালানেৰে ২-৩বাৰকৈ কয়লা সৰবৰাহ কৰি আহিছে অসাধু চক্ৰই। যাৰ বাবে দৈনিক কোটি কোটি টকা ৰাজহ ফাঁকি দি অহা হৈছে। ইয়াৰ আঁৰত আছে দিছপুৰৰ শক্তিশালী হাত।

কয়লাৰ অবৈধ সৰবৰাহৰ জৰিয়তে প্ৰতি মাহে দুহেজাৰো কোটিৰো অধিক টকাৰ অবৈধ লেনদেনৰ কথা উল্লেখ কৰি অসম জাতীয় পৰিষদৰ দাবী সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনত চলা গৰু ছিণ্ডিকেটতকৈ বৃহৎ ছিণ্ডিকেট চলি আছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ দিনত।

দেশৰ সৈউজ ন্যায়াধীকৰণে ২০১৪ চনতেই কয়লাৰ ৰেট হ'ল মাইনিং নিষিদ্ধ কৰিছিল। তাৰ পিছতো ৰাজ্যত অব্যাহত আছে কয়লাৰ অবৈধ খনন। এই খননৰ সৈতে যে শাসনত থকা দলটোৰ নেতা, পালিনেতা জড়িত আছে সেই কথা পোহৰলৈ আহিছে বুলি উল্লেখ কৰি অসম জাতীয় পৰিষদে কয়লা চিণ্ডিকেটৰ টকাৰ বাণ্ডিলৰ পাহাৰসহ বিজেপি নেতাৰ ফটো প্ৰকাশ পোৱাৰ কথাও উল্লেখ কৰিছে। অবৈধ কয়লা খনন নিষিদ্ধ হোৱাৰ পিছতো অসমৰ তিনিচুকীয়া আৰু কাৰ্বি আংলং জিলাৰ বিভিন্ন ঠাইত ‘ৰেট হ’ল মাইনিঙৰ জৰিয়তে অবৈধভাৱে কয়লা খনন আৰু পৰিবহন অব্যাহত আছে বুলিও অভিযোগ উত্থাপন কৰিছে।

অৱসৰপ্ৰাপ্ত ন্য়ায়াধীশ ব্ৰজেন্দ্ৰ প্ৰসাদ কাকতিৰ নেতৃত্বত গঠিত এজনীয়া তদন্ত আয়োগে ইয়াৰ প্ৰতিবেদনত অসমত ব্যাপক হাৰত ‘ৰেট হ’ল মাইনিঙ’ চলি থকাৰ জৰিয়তে অবৈধ খনন চলি থকাৰ কথা প্ৰকাশ কৰিছে। আয়োগে ইয়াৰ প্ৰতিবেদনত কৈছে যে অবৈধ কয়লা খননৰ ফলত বনাঞ্চল ধ্বংস হোৱাৰ লগতে অসমৰ জৈৱ-বৈচিত্ৰ বিপন্ন হৈছে৷

ৰে’ট হ’ল মাইনিঙৰ জৰিয়তে কয়লা খননৰ ফলত বিগত সময়ছোৱাত বহু শ্ৰমিকৰ মৃত্যু ঘটিছে৷ এনে শেহতীয়া ঘটনাটো যোৱা ১৮ ছেপ্টম্বৰৰ দিনা তিনিচুকীয়া জিলাত সংঘটিত হৈছিল য’ত ৩ গৰাকী শ্ৰমিকৰ কয়লা খনিত আৱদ্ধ হৈ মৃত্যু হৈছিল৷

খনিজ সম্পদৰ খনন আৰু প্ৰতিৰোধ ৰাজ্য চৰকাৰৰ এক্তিৰর্ভূক্ত বিষয়। গতিকে কয়লাৰ অবৈধ খনন প্ৰতিৰোধৰ দায়িত্ব ৰাজ্য চৰকাৰৰ৷ তদুপৰি যিহেতু অবৈধ খনন আৰু অবৈধ পৰিবহন আইনবিৰোধী কাৰ্য, সেয়ে তাক আইনগতভাৱে নিয়ন্ত্ৰণৰ দায়িত্ব ৰাজ্য চৰকাৰৰ গৃহ বিভাগৰ হাততে ন্যস্ত আছে বুলি সংবাদ মেলত উল্লেখ কৰিছে অসম জাতীয় পৰিষদে৷

দলটোৰ অভিযোগ, ৰহস্যজনকভাৱে, ৰাজ্য চৰকাৰে সেয়া প্ৰতিৰোধ কৰাতো দূৰৰে কথা, ওলোটাই অবৈধ খনন আৰু অবৈধ পৰিবহনৰ গোটেই প্ৰক্ৰিয়াটো ৰাজ্য চৰকাৰৰ পৃষ্ঠপোষকতাত হৈ থকাৰ ৰাজহুৱা অভিযোগ বিদ্যমান৷

উল্লেখ্য যে, কয়লাৰ অবৈধ খননৰ ফলত বনজ সম্পদ ধ্বংস হোৱা আৰু জৈৱ বৈচিত্ৰ বিপন্ন হোৱাৰ ব্যাপক অভিযোগ উত্থাপন হোৱাৰ পৰিপ্ৰেক্ষিতত, জন-হেঁচাত বাধ্য হৈ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ মহকুমাধিপতি প্ৰীতি কুমাৰীয়ে যোৱা ৭ আগষ্ট ২০২২ তাৰিখে এক আদেশযোগে তিনিচুকীয়া জিলাৰ লেখাপানী সংৰক্ষিত বনাঞ্চল, টিৰাপ সংৰক্ষিত বনাঞ্চল আৰু টিপং সংৰক্ষিত বনাঞ্চলত কোনো লোকৰ অনাধিকাৰ প্ৰৱেশ নিষিদ্ধ কৰিছে৷ কিন্তু তাৰ পিছতো উক্ত অঞ্চলসমূহত হৈ থকা অবৈধ কয়লা খনন বন্ধ হোৱা নাই৷

ৰাজহুৱা অভিযোগ অনুসৰি, তিনিচুকীয়া আৰু কাৰ্বি আংলং জিলাৰ লগতে ৰাজ্যৰ অন্য কেইবা ঠাইত সম্প্ৰতি ‘ৰেট হ’ল মাইনিঙ’ৰ জৰিয়তে অবৈধ কয়লা খনন অব্যাহত আছে৷ অসম জাতীয় পৰিষদে উল্লেখ কৰা অনুসৰি অবৈধ কয়লা খনন হৈ থকা অঞ্চলসমূহৰ অন্যতম হ’ল: টিনিচুকীয়া জিলাৰ টিপং সংৰক্ষিত বনাঞ্চল আৰু নিকটৱৰ্তী লাল পাহাৰ, পাহাৰপুৰ, ফায়াৰিং ৰেঞ্জ আদি ঠাই; লিডো সংৰক্ষিত বনাঞ্চলৰ ঝৰ্ণাবস্তি, পাটকাই, চাইনা বস্তি, মুলুং, ডিপমাইন্ড আৰু পৰিগাঁও; তথা মাৰ্ঘেৰিটাৰ বৰগোলাই, আৰাধৰা আৰু নামদাং৷

কাৰ্বি আংলং জিলাৰ জিচুবাই, কয়লাজান, লাৰ্বো, আৰ্ধা, মাঞ্জা৷ নগালেণ্ডৰ নাগিনীমৰাৰ কয়লা শিৱসাগৰ জিলাৰ চুনপোৰা আৰু শিমলুগুৰি আদি ঠাইত জমা কৰি তাৰ পৰা ট্ৰাক আৰু ৰে’লেৰে সৰবৰাহ কৰা হয়৷

ইয়াৰে কাৰ্বি আংলং জিলাৰ পৰা সংগৃহীত অবৈধ কয়লাসমূহ অসম চৰকাৰৰ চালানৰ জৰিয়তে বিভিন্ন ঠাইলৈ পৰিবহন কৰা হয়৷ উল্লেখযোগ্য যে কাৰ্বি আংলঙৰ কয়লা বাংলাদেশলৈয়ো যায় আৰু বিদেশলৈ ৰপ্তানীৰ বাবে চালানৰ প্ৰয়োজন হোৱাত এই ব্যৱস্থা কৰা হৈছে৷

আনহাতে, মাৰ্ঘেৰিটা, লিডো, টিপং আদি অঞ্চলৰ কয়লা চালান অবিহনেই সৰবৰাহ কৰা হয়৷ কেতিয়াবা বিশেষ প্ৰয়োজনত নাগালেণ্ডৰ নাগিনীমৰাৰ চালেনেৰে দুই-এখন ট্ৰাক পাৰ কৰোৱা হয়৷

এই ক্ষেত্ৰত আইন ভংগ কৰি অপৰাধ সংঘঠিত কৰা হয় দুই ধৰণে। প্ৰথমে ‘ৰেট হ’ল মাইনিঙ’ৰ জৰিয়তে কয়লা খনন আৰু আহৰণ অবৈধ৷ ই এক অপৰাধ৷ দ্বিতীয়তে কয়লা অবৈধভাৱে খনন কৰা হয় এঠাইত আৰু চালান দিয়া হয় অন্য ঠাইৰ৷

উদাহৰণ স্বৰূপে, কাৰ্বি আংলঙৰ জিচুবাই, কয়লাজান (হোজাই জিলাৰ নখুটি-লংকা পথেৰে সৰবৰাহ হয়) আৰু মাঞ্জাৰ অবৈধ কয়লাৰ চালান যোগান ধৰা হয় কাৰ্বি আংলঙৰে তিনিকিলো কয়লা ক্ষেত্ৰৰ পৰা৷ অৰ্থাৎ কয়লা আহৰণ হয় এঠাইৰ পৰা, কিন্তু যিহেতু উক্ত ঠাইত কয়লা আহৰণৰ অনুমতি নাই, সেয়ে অনুমতি থকা তিনিকিলোৰ কয়লা বুলি দেখুৱাই উক্ত ঠাইৰ কয়লা সৰবৰাহ কৰা হয়৷

পৰিবহন চালান জাৰি কৰা হয় ১০ টন কয়লাৰ বাবেহে৷ কিন্তু একোখন ট্ৰাকত ৪০ৰ পৰা ৫০ টন কয়লা পৰিবহন কৰা হয়৷ বৰাক উপত্যকালৈ (বাংলাদেশলৈ) যোৱা ট্ৰাকত ২০ টনৰ চালান দিয়া হয়৷

ৰাজহুৱা অভিযোগ অনুসৰি, সংশ্লিষ্ট এলেকাসমূহৰ একাংশ কয়লা মাফিয়াৰ জৰিয়তে এই সমগ্ৰ অবৈধ কামসমূহ দিছপুৰৰ পোনপটীয়া নিয়ন্ত্ৰণত সম্পাদিত হৈছে৷ ইয়াৰ বিনিময়ত সংগ্ৰাহকে চিণ্ডিকেটৰ মোটা অংকৰ ধন সংগ্ৰহ কৰি দিছপুৰৰ এটা ‘ওপৰৰ’ শক্তিৰ ওচৰত জমা দিয়ে৷ উক্ত প্ৰভাৱশালী শক্তিটোয়েই অসমৰ কয়লা চিণ্ডিকেটৰ মাষ্টাৰমাইণ্ড৷

চৰকাৰী বিধি অনুসৰি, কয়লা বিক্ৰি আৰু সৰবৰাহ হ’লে গড়ে টনে প্ৰতি ১,২০০ টকা ৰয়েল্টি আৰু জি এছ টি পৰিষোধ কৰিব লাগে৷ কিন্তু AMDCৰ পৰা চালান আহৰণৰ সময়ত মাত্ৰ ১০ টন কয়লা সৰবৰাহ কৰা দেখুৱাই প্ৰতিখন ট্ৰাকৰ বাবদ ১২,০০০ টকা ৰয়েল্টি আৰু জি এছ টি চৰকাৰৰ ঘৰত জমা দিয়া হয়৷ কিন্তু কয়লা সৰবৰাহ কৰা হয় ৪০ৰ পৰা ৫০ টন৷ বাকী টকাৰ ৰাজহ লাভৰ পৰা চৰকাৰ বঞ্চিত হয়৷

ৰাজহুৱা অভিযোগ অনুসৰি, উক্ত অবৈধ আৰু বেআইনী কাম কৰাৰ বিনিময়ত কয়লা ক্ৰয়কাৰীয়ে তলত উল্লেখ কৰা স্থানত নিম্নোক্ত পৰিমাণৰ ধন চিণ্ডিকেট চক্ৰক আদায় দিব লাগে৷

স্থান ধনৰ পৰিমাণ

জাগুন ৭৫,০০০/- টকা প্ৰতি ট্ৰাকত

টিপং ৭৫,০০০/- টকা প্ৰতি ট্ৰাকত

লিডো ৭০,০০০/- টকা প্ৰতি ট্ৰাকত

মাৰ্ঘেৰিটা ৬৫,০০০/- টকা প্ৰতি ট্ৰাকত

জিচুবাই ১,৬০,০০০/- টকা প্ৰতি ট্ৰাকত

কয়লাজান ১,২৫,০০০/- টকা প্ৰতি ট্ৰাকত

লাৰ্বো ১,২৫,০০০/- টকা প্ৰতি ট্ৰাকত

আৰ্ধা ১,৩৫,০০০/- টকা প্ৰতি ট্ৰাকত

মাঞ্জা ১,৩৫,০০০/- টকা প্ৰতি ট্ৰাকত

অভিযোগ অনুসৰি, জাগুন, টিপং, লিডো আৰু মাৰ্ঘেৰিটাত গোবিন চেত্ৰী, সুনীল গুৰুং, বিনোদ গুৰুং, বগী আৰু বি গণেশ নামৰ লোককেইজনে ‘ওপৰৰ’ শক্তিৰ হৈ উক্ত ধন সংগ্ৰহ কৰে বুলি অভিযোগ কৰিছে অসম জাতীয় পৰিষদে।

আনহাতে, কাৰ্বি আংলং জিলাৰ কয়লাৰ উক্ত চিণ্ডিকেটৰ ধনৰাশি ৰামচিং টেৰন, মুকেশ, দুলাল দাস আৰু মাধব নামৰ লোককেইজন তথা তেওঁলোকৰ আন দুজনমান সহযোগীয়ে সংগ্ৰহ কৰে৷

লক্ষ্যণীয় যে যদি উল্লিখিত হিচাপত অবৈধ ধন সংগ্ৰহ কৰি থকা হয়, তেনেহ’লে দৈনিক সহস্ৰাধিক ট্ৰাক অবৈধ সৰবৰাহ হৈ থকাৰ হিচাপত অবৈধভাৱে সংগৃহীত আৰু সৰবৰাহ হৈ থকা ধনৰ পৰিমাণ প্ৰতি মাহে দুহেজাৰ কোটি টকাতকৈ অধিক হ’ব৷ অসমত সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনত মাহে এহেজাৰ কোটিকৈ ৫ বছৰত ৬০ হাজাৰ কোটি টকা গৰু চিণ্ডিকেটৰ পৰা অবৈধভাৱে সংগ্ৰহ আৰু সৰবৰাহ হোৱা বুলি অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰীয়ে সংবাদ মেলযোগে প্ৰকাশ কৰিছিল বুলি উল্লেখ কৰি অসম জাতীয় পৰিষদে কয়, সেই হিচাপত অবৈধ কয়লাৰ বাবত সংগৃহীত আৰু সৰবৰাহ হোৱা ধনৰ পৰিমাণ তাৰ গৰু চিণ্ডিকেটৰ ধনতকৈ দুগুণ হ’ব৷

সংবাদ মেলত অসম জাতীয় পৰিষদে কয় যে, অসম জাতীয় পৰিষদে উপলব্ধি কৰে যে উল্লিখিত অবৈধ, বেআইনী কাৰ্য্যসমূহৰ জৰিয়তে, অসমৰ পৰিৱেশ আৰু জৈৱ বৈচিত্ৰ বিনষ্ট কৰা হৈছে৷ ইয়াৰ উপৰিও অসমৰ অমূল্য প্ৰাকৃতিক সম্পদৰ ব্যাপক অপব্যৱহাৰ, বৃহৎ পৰিমাণৰ ৰাজহ ফাঁকি আৰু ধনৰ অবৈধ লেনদেন আৰু সৰবৰাহ কৰা হৈছে৷

গতিকে বিষয়সমূহ সন্দৰ্ভত ৰাজ্য চৰকাৰৰ গৃহ বিভাগ, পৰিৱেশ আৰু বন বিভাগ, অসম আৰক্ষী, অসম আৰক্ষীৰ অৰ্থনৈতিক অপৰাধ অনুসন্ধান শাখা (BIEO), আৰু কেন্দ্ৰীয় চৰকাৰৰ আয়কৰ বিভাগ তথা প্ৰৱৰ্তন নিৰ্দেশালয়ে (ED) সংজ্ঞান (cognizance) লৈ বিধিগত ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল৷ আনকি ভাৰত চৰকাৰৰ গৃহ আৰু কয়লা মন্ত্ৰ্যালয়েও বিষয়টোৰ সংজ্ঞান ল’ব লাগিছিল৷

কয়লাৰ অবৈধ খনন আৰু সৰবৰাহ তথা অবৈধ ধন সংগ্ৰহ আৰু সৰবৰাহৰ সৈতে বিজেপি দলৰ বহু নেতা-কৰ্মী জড়িত থকাৰ ৰাজহুৱা অভিযোগ আছে৷ চৰাইদেও জিলা বিজেপিৰ নেতা সুৰেশ কোঁৱৰৰ নগদ টকাৰ বাণ্ডিলৰ পাহাৰসহ উঠা এখন ফটোও অসম জাতীয় পৰিষদে প্ৰদৰ্শন কৰিছে।

উক্ত ধনৰ উৎস কি সেয়া অনুসন্ধানৰ প্ৰয়োজন বুলি দাবী কৰি কয়, অসম আৰক্ষী, BIEO, আয়কৰ বিভাগ বা EDয়ে তৎকালে ইয়াৰ সংজ্ঞান (cognizance) লয় নে নলয়, আমি সেয়া লক্ষ্য ৰাখিম৷ আমাৰ হাতত এনে অধিক তথ্য উপলব্ধ হৈছে৷ আইনগত ব্যৱস্থা হ’লে তদন্তকাৰী সংস্থাৰ হাতত সেয়া জমা দিয়া হ’ব৷ অন্যথায় সময়ত সকলো ৰাজহুৱা কৰা হ’ব৷

ইয়াৰ পৰাই স্পষ্ট হৈ পৰে যে অসমত অবৈধ কয়লা খনন আৰু সৰবৰাহ তথা অবৈধ ধন সংগ্ৰহ আৰু সৰবৰাহ বিজেপি দলৰ ছত্ৰছায়াত, দিছপুৰৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাত সংগঠিত হৈ আহিছে৷

কয়লা চিণ্ডিকেটৰ বিষয়ে সবিস্তাৰে এইদৰে প্ৰকাশ কৰি অসম জাতীয় পৰিষদে তিনিটা দাবী কৰিছে। সেই অনুসৰি -

১) কয়লাৰ অবৈধ খনন আৰু সৰবৰাহ, চিণ্ডিকেটৰ অবৈধ ধনৰ সংগ্ৰহ আৰু সৰবৰাহ তৎকালে বন্ধ কৰক আৰু কয়লা খনন আৰু পৰিবহনৰ ক্ষেত্ৰত আইনগত বিধি প্ৰয়োগ কৰক৷

২) কয়লাৰ অবৈধ খনন আৰু পৰিবহন তথা চিণ্ডিকেটৰ অবৈধ ধনৰ সংগ্ৰহ আৰু সৰবৰাহৰ লগত জড়িত ব্যক্তিসকলক তৎকালে গ্ৰেপ্তাৰ কৰি আইনৰ কাঠগৰাত থিয় কৰাওক৷

৩) এই প্ৰক্ৰিয়াৰ সৈতে আন কোন কোন জড়িত আছে, এতিয়ালৈকে কিমান টকাৰ ৰাজহ ফাঁকি দিয়া হ’ল আৰু মুঠ কিমান টকাৰ অবৈধ লেনদেন তথা সৰবৰাহ হ’ল, সেয়া নিশ্চিত কৰিবলৈ ন্যায়িক তদন্ত ঘোষণা কৰক৷

অসম জাতীয় পৰিষদৰ হৈ এই সংবাদ মেল সম্বোধন কৰে দলটোৰ সভাপতি লুৰিণ জ্যোতি গগৈ, জগদীশ ভূঞাই। সংবাদ মেলত উপস্থিত থাকে জীয়াউৰ ৰহমনাকে ধৰি আন আন বিষয়ববীয়া।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in