কমিচনৰ অংকত চৰকাৰে প্ৰকৃতি ধ্বংসত হাত উজান দিয়াৰ অভিযোগ অজাপৰ

দিনৰ পোহৰত বৃক্ষৰোপণৰ নাটক কৰি নিশাৰ অন্ধকাৰত অবাধে গছ কাটি প্ৰকৃতি ধ্বংস কৰা ৰাজ্য চৰকাৰৰ দুমুখীয়া নীতিক তীব্ৰ সমালোচনা কৰিছে অসম জাতীয় পৰিষদে।

author-image
Asomiya Pratidin
New Update
কমিচনৰ অংকত প্ৰকৃতি ধ্বংসত হাত উজান দিয়াৰ অভিযোগ অজাপৰ

কমিচনৰ অংকত প্ৰকৃতি ধ্বংসত হাত উজান দিয়াৰ অভিযোগ অজাপৰ

ডিজিটেল সংবাদ, গুৱাহাটী: দিনৰ পোহৰত বৃক্ষৰোপণৰ নাটক কৰি নিশাৰ অন্ধকাৰত অবাধে গছ কাটি প্ৰকৃতি ধ্বংস কৰা ৰাজ্য চৰকাৰৰ দুমুখীয়া নীতিক তীব্ৰ সমালোচনা কৰিছে অসম জাতীয় পৰিষদে। দলটোৰ মতে, মূলতঃ কমিচনৰ অংকত অবিজ্ঞানসন্মত নিৰ্মাণকাৰ্যত হাত উজান দিয়া ডঃ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে অসমৰ পৰিৱেশ তন্ত্ৰক সুৰক্ষিত কৰিব পৰা নাই, বৰং প্ৰকৃতি ধ্বংস কৰাতহে আগভাগ লৈছে। কেৱল সেয়াই নহয়, চৰকাৰৰ প্ৰকৃতিবিৰোধী কাৰ্যকলাপৰ বিৰুদ্ধে প্ৰতিবাদ কৰা লোকৰ ওপৰত পুলিচী নিৰ্যাতন চলাই ৰাজ্য চৰকাৰে নিজৰ স্বেচ্ছাচাৰী চৰিত্ৰ উদঙাই দিছে।

Advertisment

এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই সদৰি কৰে যে, "গুৱাহাটীৰ আমবাৰীত পূৰ্বে ৰাইজৰ প্ৰতিবাদৰ ৰূপ দেখি গছ কটা নহয় বুলি স্বয়ং অসমৰ মুখ্যমন্ত্ৰীয়ে ৰাজহুৱা প্ৰতিশ্ৰুতি দিছিল। ৰাইজেও মুখ্যমন্ত্ৰীক ভৰসা কৰি প্ৰতিবাদ প্ৰত্যাহাৰ কৰে। তাৰ কিছুদিনৰ পিছতে সংবাদ মাধ্যমক মাতি আনি কেমেৰাৰ সন্মুখত আমবাৰীৰ দুই-এজোপা গছ শিপা-মাটিৰে সৈতে উভালি অন্য ঠাইত নি ৰোপণ কৰি 'গছ কটা নহয়, স্থানান্তৰ'হে কৰা হৈছে বুলি ৰাইজক দেখুৱাবলৈ এখন নাটক মঞ্চস্থ কৰে। চৰকাৰী নাটকখনক ৰাইজে গছ কটাৰ বিজ্ঞানসন্মত বিকল্প পদক্ষেপ বুলি ভাৱি স্বস্তিৰ নিশ্বাস পেলোৱাৰ মাজতে যোৱা শুকুৰ আৰু শনিবাৰে গভীৰ নিশা ৰাইজৰ অজ্ঞাতে আমবাৰীৰ গছ কাটি পুনৰ প্ৰকৃতি ধ্বংসৰ অভিযান পুনৰ আৰম্ভ কৰে। উক্ত কাৰ্যৰ বিৰোধিতাৰে প্ৰতিবাদ কৰা যুৱক-যুৱতীসকলক আটক কৰি নি বন্দী কৰি থোৱাৰ দৰে দমনমূলক কাৰ্য্যত লিপ্ত হয়।"

জাতীয় পৰিষদৰ সভাপতি আৰু সাধাৰণ সম্পাদকগৰাকীয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা কৰি কয় যে, "এফালে মুখ্যমন্ত্ৰীয়ে বিশ্ব পৰিৱেশ দিৱসৰ দিনা নিজৰ মাতৃৰ নামত গছ ৰোপণ কৰিবলৈ ৰাইজক আহ্বান জনায় আৰু আনহাতে গছ কটাৰ বিৰোধিতা কৰা ৰাইজৰ ওপৰত তেওঁৰে গৃহ বিভাগে আৰক্ষীৰ দ্বাৰা নিৰ্যাতন চলোৱায়। মুখ্যমন্ত্ৰীৰ দৰে মৰ্যাদাশীল আসনত বহি থকা ব্যক্তিৰ এনে দুমুখীয়া চৰিত্ৰ নিন্দনীয় আৰু হতাশাজনক" বুলিও উল্লেখ কৰে। আনহাতে, ফ্লাই অভাৰ নিৰ্মাণৰ কমিচনৰ অংকত দিছপুৰে গ্ৰহণ কৰা এনে দুমুখীয়া, দমনমূলক, জনবিৰোধী পদক্ষেপক ধিক্কাৰ জনোৱাৰ লগতে তৎকালে প্ৰকৃতি ধ্বংসকাৰী সকলো পদক্ষেপ বন্ধ কৰিবলৈ অসম জাতীয় পৰিষদৰ নেতাদ্বয়ে চৰকাৰক আহ্বান জনায়।

গছ কটা বৃক্ষৰোপণ অসম জাতীয় পৰিষদ