Advertisment

প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙৰ মৃত্যুত প্ৰদেশ কংগ্ৰেছ- অসম জাতীয় পৰিষদৰ শোক

দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী, চাৰিবাৰকৈ অসমৰ সাংসদ হিচাপে অসমক সেৱা আগবঢ়োৱা ড০ মনমোহন সিঙৰ মৃত্যুত অসম প্ৰদেশ কংগ্ৰেছে গভীৰ শোক প্ৰকাশ কৰিছে। লগতে দলটোৰ সভাপতি ভূপেন কুমাৰ বৰাই গভীৰ শ্ৰদ্ধাঞ্জলি আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে। 

author-image
Asomiya Pratidin
New Update
cong- ajp

cong- ajp

ডিজিটেল ডেস্ক : দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী, চাৰিবাৰকৈ অসমৰ সাংসদ হিচাপে অসমক সেৱা আগবঢ়োৱা ড০ মনমোহন সিঙৰ মৃত্যুত অসম প্ৰদেশ কংগ্ৰেছে গভীৰ শোক প্ৰকাশ কৰিছে। লগতে দলটোৰ সভাপতি ভূপেন কুমাৰ বৰাই গভীৰ শ্ৰদ্ধাঞ্জলি আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে। 

Advertisment

এক শোক বাৰ্তাত সভাপতি বৰাই কয় যে বিশিষ্ট অৰ্থনীতিবিদগৰাকী আছিল ভাৰতীয় অৰ্থনীতিৰ বুনিয়াদ সবল কৰাৰ ক্ষেত্ৰত অৰিহণা যোগোৱা অন্যতম ব্যক্তি। তেখেতৰ মৃত্যু সমগ্ৰ দেশৰ বাবে অপূৰণীয় ক্ষতি। ইফালে, অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে প্ৰয়াত প্ৰধানমন্ত্ৰীগৰাকীৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি অহা ৩ জানুৱাৰীলৈ দলৰ সকলো কাৰ্যসূচী স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। 

২৮ ডিচেম্বৰ, শনিবাৰে সমগ্ৰ দেশৰ লগতে অসমৰ জিলা, ব্লক আৰু মণ্ডল কংগ্ৰেছে শোকসভা অনুষ্ঠিত কৰিব আৰু বিয়লিৰ ভাগলৈ বন্তি প্ৰজ্বলনৰে দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰিব। উল্লেখযোগ্য যে এক প্ৰেছ বিবৃতিযোগে এই কথা সদৰী কৰে অসম প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই।


আনহাতে ড০ মনমোহন সিঙৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে অসম জাতীয় পৰিষদে। দলৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই এক বিবৃতিত কয় যে ড০ সিঙৰ মৃত্যু দেশৰ বাবে এক অপূৰণীয় ক্ষতি। 

এগৰাকী প্ৰধানমন্ত্ৰী হিচাপে ড০ সিঙে আগবঢ়োৱা সেৱা ভাৰতৰ মানুহে চিৰদিন মনত ৰাখিব বুলি উল্লেখ কৰে। দুয়োগৰাকী বিষয়ববীয়াই কয় যে এগৰাকী অৰ্থনীতিবিদ হিচাপে তেখেতে আগবঢ়োৱা অৱদানক সমগ্ৰ বিশ্বই সদায় স্মৰণ কৰিব। তেখেতৰ স্থান পূৰণ কৰাটো সম্ভৱ নহয়‌।

Bhupen Kumar Borah ASOM JATIYA PARISHAD LURIN JYOTI GOGOI assam congress