বিহালীত লক্ষ্মীকান্ত কুৰ্মীৰ হৈ নিৰ্বাচনী প্ৰচাৰত অজিত ভূঞা - লুৰীণজ্যোতি গগৈ

বিহালীত লক্ষ্মীকান্ত কুৰ্মীৰ হৈ নিৰ্বাচনী প্ৰচাৰত অজিত ভূঞা - লুৰীণজ্যোতি গগৈ

author-image
Asomiya Pratidin
New Update
বিহালীত লক্ষ্মীকান্ত কুৰ্মীৰ হৈ নিৰ্বাচনী প্ৰচাৰত অজিত ভূঞা - লুৰীণজ্যোতি গগৈ

ডিজিটেল সংবাদ, বিহালী : অসম সন্মিলিত মঞ্চ তথা চিপিআই(এম এল)ৰ বিহালীৰ প্ৰাৰ্থী লক্ষ্মীকান্ত কুৰ্মীৰ হৈ বিহালীত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ উপস্থিত হয় অসম সন্মিলিত মঞ্চৰ সভাপতি অজিত ভূঞা আৰু সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈ।প্ৰাৰ্থী কুৰ্মীক লগত লৈ অজিত ভূঞা, লুৰীণজ্যোতি গগৈ আৰু বিবেক দাসে বৰগাঙত এক বিশাল ৰোড শ্বত অংশগ্ৰহন কৰে।

Advertisment
  User
User

এই ৰোড শ্ব'তে অজিত ভূঞাই সাংবাদিকৰ আগত কয় যে ৰাজনীতি এতিয়া এনেকুৱা পৰ্যায়ত গৈছে যে এতিয়া টকা পইচাই সকলো নিৰ্ধাৰণ কৰিছে। দুৰ্নীতি পৰায়ণ ব্যক্তি বিলাক টকাৰ জোৰত জয় হৈছে। আজি বিজেপি মানে কি, বিজেপি মানে আপুনি ইলেকচন কমিচনাৰৰ লগত যুঁজিব লাগিব। চিবিআই, ইডি, গুডি মিডিয়া, ইনকাম টেক্স, ইচি এইবোৰ মিলিহে বিজেপি। বিজেপিৰ নিজস্ব কি আছে বুলি সভাপতিগৰাকীয়ে প্ৰশ্ন উত্থাপন কৰে।

আনহতে অসম সন্মিলিত মঞ্চৰ সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈয়েও বিজেপি আৰু কংগ্ৰেছৰ বিৰুদ্ধে তীব্ৰ সমালোচনা কৰে যদিও বিজেপিৰ বিৰুদ্ধে আমি সকলোয়ে একত্ৰিত হৈ যুঁজ দিব লাগিব বুলি কয়। সাংসদ ৰকিবুল হুছেইনে EVM টেম্পাৰিং প্ৰসংগৰ বিষয়ে সাংবাদিকে প্ৰশ্ন কৰাত লুৰীণজ্যোতি গগৈয়ে কয় যে চফ্টৱেৰ ডিজাইনিঙৰ সৈতে জড়িত এলেন মাক্সেও কৈছে EVM মেচিন হেক কৰিব পাৰি, টেম্পাৰিং কৰিব পাৰি, ইয়াৰ ছফ্টয়েৰ যিকোনো ধৰণে টেম্পাৰিং কৰিব পাৰি বুলি তেঁও কয়। ইয়াৰ উপৰিও তেঁও কেইবাটাও ৰাজনৈতিক মন্তব্য দিয়ে।

Also Read: পৰ্বতাৰোহী ৰাজেশ ৰাভা আৰু সতীৰ্থ সকলক মায়ঙত উষ্ণ আদৰণী

অজিত ভূঞা লুৰীণজ্যোতি গগৈ বিহালী