/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-11-04/axknmrnk/304.jpg)
ডিজিটেল সংবাদ, মায়ং : কাঞ্চনজংঘা বেচকেম্প খ্যাত কঠিন গৌশালাৰ ৫২০০ ফুট উচ্চতা আৰোহন কৰা পৰ্বতাৰোহী অসমৰ সুযোগ্য সন্তান ৰাজেশ ৰাভাৰ নেতৃত্বত পাচ জনীয়া এটা দলে ইতিমধ্যে সেই অভিযান সামৰি অসম আহি পাইছে। ইতিমধ্যে এই খবৰ অসমৰ কেইবাটাও সংবাদ সংস্থাত সম্প্ৰচাৰ হৈছে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-11-04/uz3kfrre/3a6588ed-23c9-4699-bcd8-a13b34b9b363.jpg)
অসম আহি পোৱাৰ পাছতে বিভিন্ন জনে দলটোক উষ্ণ আদৰণী জনাইছে। ইয়াৰ পিছতেই ৰাজেশ ৰাভাৰ নেতৃত্বত যোৱা দলটো মায়ঙৰ সৰাপাট ইক ৰিজ'ৰ্টত আহি উপস্থিত হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-11-04/l1ewnv6r/bb89cb0a-a199-4a66-a33a-8334a5e991e9.jpg)
সৰাপাট ইক' ৰিজ'ৰ্টৰ স্বত্বাধিকাৰী অজিত মেধিয়ে দলটোক উষ্ণ আদৰণী জনায়।দলটোক নেতৃত্ব দিয়া ৰাজেশ ৰাভাই দুঃসাহসিক আৰু শিহৰণকাৰী অভিজ্ঞতাৰ কথা বৰ্ণণা কৰি সকলোকে আমোদ দিয়ে। লগতে পৰ্বতাৰোহীসকলক লৈ অসম চৰকাৰে কৰি অহা মাহী আইৰ দৃষ্টিৰ কথাও আক্ষেপ প্ৰকাশ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-11-04/fr19ffie/93c4ba83-429d-418d-9a5d-b6075075cf39.jpg)
চৰকাৰে এইক্ষেত্ৰত কেনে ধৰণৰ পদক্ষেপ লৈছে বা কৰিব লগা কি আছে অথবা অসমৰ চুকে কোণে থকা সম্ভাবনাসমূহ কিদৰে উলিয়াই আনিব পাৰি সেই সন্দৰ্ভতো তেঁও বহু কথাই জানিবলৈ দিয়ে।
Also Read: দাদা কি খাবি, অলপ ৰ'বি...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us